ডিব্ৰুগড়, ৭ অক্টোবৰ:ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত এতিয়া বলিছে নিৰ্বাচনী বতাহ ৷ কিয়নো উচ্চশিক্ষা প্ৰতিষ্ঠানসমূহত অনুষ্ঠিত হৈছে ছাত্ৰ একতা সভাৰ নিৰ্বাচন । বহু মহাবিদ্যালয়ত শান্তিপূৰ্ণভাৱে নিবাৰ্চন অনুষ্ঠিত হৈছে যদিও দুই এখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ছাত্ৰ ৰাজনীতিক লৈ কিছু হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখা গৈছে । ছাত্ৰ ৰাজনীতিৰ এই হিংসাত্মক ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ বৌদ্ধিক মহল ।
ৰাজ্যৰ অধিকাংশ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনকেন্দ্ৰিক বিভিন্ন ঘটনা, পৰিঘটনা, নিৰ্বাচনী প্ৰচাৰৰ নামত লাখ লাখ টকা খৰচ, প্ৰতিটো চৌহদতে বেনাৰ-পোষ্টাৰেৰে ভৰি পৰা এক কোলাহলপূৰ্ণ পৰিবেশৰ বিপৰীতে সোমবাৰে ব্যতিক্ৰমী পৰিৱেশ দেখা গ'ল ৰাজ্যৰ এখন আগশাৰীৰ মহাবিদ্যালয়ত ।
ছাত্ৰ ৰাজনীতিত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ অৱসান ঘটাবলৈ "ডিজিটেল মাধ্যম"ৰ সহায়ত ডিব্ৰুগড়ৰ হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ একতা সভাৰ ২০২৪-২৫ বৰ্ষৰ নিৰ্বাচন অনলাইন প্ৰক্ৰিয়াৰে অনুষ্ঠিত কৰে । মনোনয়ন দাখিল, মনোনয়ন পত্ৰৰ পৰীক্ষণ, প্ৰচাৰ, ভোটদান আৰু ভোট গণনাৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ডিজিটেল মাধ্যমৰ জৰিয়তে পৰিচালনা কৰা হয় ।
পুৱাৰে পৰা বিয়লি ২ বজালৈ দহটা পদৰ বিপৰীতে অনুষ্ঠিত হ'ল অনলাইন ভোটদান প্ৰক্ৰিয়া । সকলো প্ৰাৰ্থী আৰু তেওঁলোকৰ এজেণ্টৰ উপস্থিতিত ম’ক প’লৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয় । পুৱা ৯ বজাৰ পৰা ১০ বজাৰ ভিতৰত মক প’ল অনুষ্ঠিত হোৱাৰ পিছতে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ ভোটদান কৰা হয় । মুঠ ৩৪০৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২৭৭৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ জৰিয়তে ভোটদান কৰে ।
ভোটদান সম্পূৰ্ণ হোৱাৰ পাছতেই ঘোষণা কৰা নিৰ্বাচনৰ ফলাফলত সভাপতি হিচাপে প্ৰাঞ্জল তাঁতী আৰু সাধাৰণ সম্পাদক হিচাপে চিন্ময় কলিতা নিৰ্বাচিত হয় । মহাবিদ্যালয়খনে বিগত কেইটামান বছৰৰ পৰা এইদৰে নিৰ্বাচন অনুষ্ঠিত কৰাত বিষয়টো ছাত্ৰ-ছাত্ৰী সকলেও আদৰণি জনাইছে ।