গুৱাহাটী,২১ জুন:NEET আৰু NET পৰীক্ষাত হোৱা বিসংগতিক লৈ সমগ্ৰ দেশতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । এই প্ৰসংগক লৈ সৰৱ হৈ উঠিছে তৃণমূল কংগ্ৰেছ । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে NEET আৰু NET পৰীক্ষাত হোৱা বিসংগতিক লৈ গুৱাহাটীতো তৃণমূল কংগ্ৰেছে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । জয়ানগৰস্থিত তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ।
হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে TMC ৰ কাৰ্যকৰ্তাসকলে । প্রতিবাদকাৰী কাৰ্যকৰ্তাসকলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰি শীঘ্ৰে পদত্যাগৰ দাবী উত্থাপন কৰে । লগতে কেন্দ্ৰীয় চৰকাৰে নৈতিক দায়িত্ব স্বীকাৰ কৰি ভাৰতবৰ্ষৰ ছাত্ৰ সমাজৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী উত্থাপন কৰে । উল্লেখ্য যে NEET পৰীক্ষাৰ বিতৰ্ক শাম নাকাটোতেই পুনৰ NET পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ ঘটনাই কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ ব্যৰ্থতাক পুনৰবাৰ উদঙাই দিলে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ।
এই সম্পৰ্কত অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞাই কয়, "বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে দেশৰ সৰ্বাত্মক বিকাশত শিক্ষাৰ গুৰুত্ব কিমান তাক আজি পাহৰি পেলাইছে । তেওঁলোকে কেৱল ক্ষমতাৰ ৰাজনীতিত কৰাতহে ব্যস্ত । গাদী দখলৰ দৌৰত তেওঁলোকে দেশত বিয়পাইছে কেৱল ধৰ্মীয় অসহিষ্ণুতাৰ বীজ । NEET পৰীক্ষাৰ ব্যৰ্থতাইও এই চৰকাৰখনৰ সচেতনতা বৃদ্ধি নকৰিলে । পুনৰবাৰ তেওঁলোকে চৰম লজ্জাজনকভাবে NET পৰীক্ষা সফলতাৰে অনুষ্ঠিত কৰাত দেখুওৱা ব্যৰ্থতাই দেশৰ ছাত্ৰ সমাজৰ ভবিষ্যতকলৈ হেতালি খেলিছে ।"