অসম

assam

ETV Bharat / state

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তিনিচুকীয়াত আছুৰ ব্যাপক প্ৰতিবাদ - AASU protest against smart meter

AASU protest in Tinsukia : স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তিনিচুকীয়া জিলাৰ ১২ টা স্থানত আছুৰ প্ৰতিবাদ ৷ ১২ টা স্থানৰ ৰাজপথত জ্বলিল শক্তি মন্ত্ৰী, শক্তি বিভাগৰ পুত্তলিকা ৷ স্মাৰ্ট মিটাৰৰ নামত আমাক স্মাৰ্ট ডকাইত নালাগে বুলি আছুৰ প্ৰতিবাদ ৷

AASU Protest in Tinsukia
স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তিনিচুকীয়াত আছুৰ ব্যাপক প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 5:14 PM IST

তিনিচুকীয়া, ২ ছেপ্টেম্বৰ :সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানত সোমবাৰে তিনিচুকীয়া জিলাৰ ১২ খনকৈ আঞ্চলিক ছাত্ৰ সন্থাই শক্তি বিভাগৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদৰ সময়ত অসম চৰকাৰৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তলিকা দাহ কৰি আৰু শক্তি বিভাগৰ শৱযাত্ৰা উলিয়াই স্মাৰ্ট মিটাৰ বন্ধৰ দাবী জনায় । লগতে অত্যধিকভাৱে বৃদ্ধি হোৱা বিদ্যুৎ বিল হ্ৰাস কৰাৰো দাবী জনায় ।

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তিনিচুকীয়াত আছুৰ ব্যাপক প্ৰতিবাদ (ETV Bharat Assam)

প্ৰতিবাদ সাব্যস্ত কৰা সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১২ খন আঞ্চলিক ছাত্ৰ সন্থা হৈছে ক্ৰমে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা, পানীতোলা আঞ্চলিক ছাত্ৰ সন্থা, মাকুম আঞ্চলিক ছাত্ৰ সন্থা, ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থা, চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থা, শদিয়া আঞ্চলিক ছাত্ৰ সন্থা, কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা, ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থা, ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থা, বৰডুমছা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা আৰু তালাপ আঞ্চলিক ছাত্ৰ সন্থা ।

প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ অঞ্চলৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদৰ সময়ত বিদ্যুৎ বিভাগ হায় হায়, স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিদ্যুতৰ বিল হ্ৰাস কৰক, বিজেপি হায় হায়, নন্দিতা গৰ্লোছা হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, স্মাৰ্ট মিটাৰৰ নামত আমাক স্মাৰ্ট ডকাইত নালাগে আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

আনহাতে, কোনো কোনো স্থানত পুত্তলিকা দাহ কৰাৰ সময়ত আৰক্ষীৰ স’তে হতাহতিৰ দৰে এক পৰিৱোশৰো সৃষ্টি হয় ৷ ইফালে ডুমডুমাত ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰা প্ৰতিবাদত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰতীম নেওগ উপস্থিত থাকে ।

তেওঁ কয়, "স্মাৰ্ট মিটাৰৰ নামত আমাক স্মাৰ্ট ডকাইত নালাগে । স্মাৰ্ট মিটাৰ সোনকালে বন্ধ নকৰিলে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ইয়াতকৈও তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিবলৈ বাধ্য হ’ম ।"

লগতে পঢ়ক :জে'লযাত্ৰাৰ ভয়তে মুখ্যমন্ত্ৰীৰ শৰণাপন্ন হ'ল নেকি ডিব্ৰুগড়ৰ আছু নেতা ? - AASU Leader Joins BJP
লগতে পঢ়ক :স্মাৰ্ট মিটাৰৰ পৰা পৰিত্ৰাণ পাবলৈ ঘোষা গাই জনালে সেৱা - Smart Electricity Meter

ABOUT THE AUTHOR

...view details