মৰাণ, ১ মে' :অসমৰ পৰা কামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ প্ৰায়ে ৰহস্য়জনকভাৱে সন্ধানহীন হোৱাৰ ঘটনা সংঘটিত হৈ আহিছে । লগতে একাংশই নিৰ্যাতনৰ সন্মুখীন হোৱা খবৰ প্ৰায়েই সংবাদ মাধ্য়মত প্ৰকাশিত হৈ আহিছে । এনেবোৰ খবৰে অসমৰ ৰাইজক ব্যথিত কৰাৰ সময়তে পুনৰ বহিঃৰাজ্যত সন্ধানহীন হৈছে টিংখাঙৰ এজন ব্যক্তি । কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সন্ধানহী নহয় টিংখাঙৰ ভালুকমৰা গাঁৱৰ এজন লোক । উমাকান্ত বৰা (৫৫) নামৰ শ্ৰমিকজন যোৱা ২০ এপ্ৰিলত ঘৰৰ পৰা দিনৰ ভাগত ওলাই গৈছিল ।
লোকজনে একে গাঁৱৰে হৰিপ্ৰসাদ ভূমিজ আৰু কাজি নামৰ লোক দুজনৰ সৈতে তিনিচুকীয়াৰ পৰা অন্ধপ্ৰদেশলৈ বুলি ৰে'লেৰে ৰাওনা হৈছিল । ইয়াৰ পিছতে সোমবাৰে পুৱা শেষবাৰৰ বাবে ফোনত যোগাযোগ হয় । যোৱা মঙলবাৰে দুপৰীয়া লগৰ এজনৰ লগত যোগাযোগ হয় যদিও উমাকান্ত বৰাৰ সৈতে কথা হোৱা নাছিল । তেওঁৰ লগৰ এজনে উমাকান্ত বৰা বিয়লি কোঠাৰ পৰা ওলাই গৈ বৰ্তমানলৈকে ঘূৰি অহা নাই বুলি কয় । ইয়াৰ পিছৰে পৰা উমাকান্ত বৰাৰ সৈতে কোনো যোগাযোগ হোৱা নাই পৰিয়ালটোৰ ।