লখিমপুৰ, ১৭ ফেব্ৰুৱাৰী: লখিমপুৰত এইবাৰ বাঘৰ আক্রমণ । কুকুৰনেচীয়া বাঘৰ আক্ৰমণত গৰু,কুকুৰা আদিৰ লগতে এজন যুৱক আহত হ'ব লগীয়া হয় । লখিমপুৰৰ চিয়াজুলীত কুকুৰনেচীয়াৰ আক্ৰমণত আহত হয় যুৱকজন । চিয়াজুলীৰ দীৰ্ঘা নাহৰবাৰী গাঁৱৰ ৰাউতচুকত সংঘটিত হৈছে এই ঘটনাটো । আহত যুৱকজনৰ নাম ৰিবন সিং ছেত্ৰী ।
শুকুৰবাৰৰ নিশা ১০ বজাত এলেকাটোৰ সমীপৰ দীৰ্ঘা বনাঞ্চলৰ ওলাই অহা এটা কুকুৰনেচীয়া বাঘে যুৱকজনক নিজ ঘৰতে আক্ৰমণ কৰে । লগতে গোহালীৰ গাইগৰুৰ ওপৰত আক্ৰমণ কৰি আহত কৰাৰ লগতে তেওঁলোকৰ কেইবাটাও কুকুৰা নিধন কৰে । ইয়াৰ পিচতেই গৃহস্থৰ চিঞৰ-বাখৰত ওচৰ চুবুৰীয়া ওলাই আহি বাঘটোক বনাঞ্চললৈ খেদি পঠিয়াই । উল্লেখ্য যে শুকুৰবাৰৰ সন্ধিয়া ৬ বজাতে গাঁৱখনৰ সমীপৰ শুকানজুলিত বাঘটোৱে বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় একাংশ ৰাইজে । আনকি ফুট গধুলিতে এঘৰ লোকৰ দমৰা গৰু এটাৰ ওপৰতো বাঘটোৱে আক্ৰমণ কৰা বুলি কয় স্থানীয় লোকে ।