কলিয়াবৰ : কলিয়াবৰত অব্যাহত আছে বাঘৰ সন্ত্ৰাস । বিগত কিছুদিন ধৰি ব্যাহত হৈ আছে স্বাভাৱিক জনজীৱন । তাৰ মাজতে আৰম্ভ হৈছে বিদ্যালয়সমূহৰ গুণোৎসৱ ।
কিন্তু এই গুণোৎসৱৰ বাবে কলিয়াবৰত সৃষ্টি হৈছে এক নভবা-নিচিন্তা পৰিৱেশ । বনকৰ্মীৰ সুৰক্ষা বেষ্টনীৰ মাজত বিদ্যালয়লৈ যাবলগা হৈছে ছাত্ৰ-ছাত্ৰীসকল । অঞ্চলটোত নৰখাদকৰ সন্ত্ৰাসৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰীসকল বহু দিন ধৰি বিদ্যালয়লৈ নোযোৱাকৈ আছিল । কিন্তু তাৰ মাজতে সোমবাৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আয়োজন কৰে বিদ্যালয়সমূহৰ গুণোৎসৱ । এই গুণোৎসৱত অংশগ্ৰহণ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ অংশগ্ৰহণ কৰাটো বাধ্যতামূলক । যাৰ বাবে কলিয়াবৰ সমজিলা প্ৰশাসনে বন বিভাগৰ জৰিয়তে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে ।
নৰখাদকৰ আতংকৰ বাবে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীক নিৰাপত্তা দি অনা-নিয়া কৰিছে বনকৰ্মীয়ে । উল্লেখ্য যে কলিয়াবৰৰ ‘টিমনা বস্তি’ অঞ্চলত প্ৰায়ে বিচৰণ কৰে ঢেকীয়াপতীয়াই । গাঁৱখনৰ অহা-যোৱা পথৰ কাষতে আছে চাহ বাগিচা । এই চাহ বাগিচাৰ মাজেৰেই বিদ্যালয়লৈ যাবলগা হয় ছাত্ৰ-ছাত্ৰীসকল ।