জোনাই, ১ ছেপ্টেম্বৰ: অসমৰ সীমামূৰীয়া অঞ্চলসমূহৰ পৰা প্ৰায়েই বিভিন্ন সংঘাতৰ বাতৰি পোৱা যায় ৷ কেতিয়াবা যদি নগাই আক্ৰমণ কৰে আন কেতিয়াবা আকৌ আক্ৰমণ চলে অৰুণাচলীৰ ৷ কেতিয়াবা সীমাক লৈ মেঘালয় আৰু মিজোৰামৰ সৈতেও সংঘটিত হয় সংঘাত ৷ এই সমস্যাবোৰৰ আজিও সম্পূৰ্ণ সমাধান হোৱা নাই ৷ এইবাৰ অসম-অৰুণাচল সীমান্তত অসমৰ যুৱকক মৰিয়াই কোঙা কৰাৰ অভিযোগ অৰুণাচলীৰ বিৰুদ্ধে ৷
অসমীয়া যুৱকৰ দলক অৰুণাচলীৰ আক্ৰমণ (ETV Bharat Assam) ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ডিমৌ গাঁৱৰ তিনিজন যুৱকে ডিমৌ নদীত গা ধুই উভতি আহোতেই বাট আগচি ধৰি অৰুণাচলীয়ে গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে ৷ যোৱা শুকুৰবাৰে বিয়লি প্ৰায় ৫ মান বজাত অৰুণাচল প্ৰদেশৰ পালে আৰু কুন্টৰ বস্তিৰ প্ৰায় দহ-বাৰজনীয়া দুৰ্বৃত্তৰ দলে ডিমৌৰ শিৱকান্ত পাংগিং, ভাজপাই য়েইন আৰু মাইকেল পাংগিঙক জধেমধে প্ৰহাৰ কৰে ।
ইয়াৰে ডিমৌৰ গোপাল পাংগিঙৰ পুত্ৰ মাইকেল পাংগিঙৰ অৱস্থা সংকটজনক । দুখন ভৰিত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱাৰ লগতে শৰীৰৰ বিভিন্ন অংশত গুৰুতৰভাৱে আঘাত পাইছে মাইকেল পাংগিঙে ৷ যুৱকজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ ৷
ডিমৌ গাঁওখনৰ আধা অৰুণাচল আৰু আধা অসমৰ ভূমিত আছে ৷ ঘটনাৰ বিৱৰণী মতে পছন্দ গৰমৰ বাবে ডিমৌ গাঁৱৰ অসমৰ ফালৰ তিনিজন যুৱকে শুকুৰবাৰে সন্ধিয়া অৰুণাচলৰ ডিমৌ নদীত গা ধুবলৈ গৈছিল ৷ গা ধুই উঠি ঘৰলৈ আহিবলৈ ওলোৱাৰ সময় পালে গাঁৱত অৰুণাচলী লোককেইজনে ধমকি দিয়ে ৷ কিন্তু যুৱক কেইজনে সেই স্থান এৰি ঘৰলৈ আহি থকা অৱস্থাত পুনৰ অৰুণাচলৰ কুন্টৰ গাঁৱৰ প্ৰায় ১০-১২ জনীয়া অৰুণাচলীৰ দলটোৱে লাঠি-শিল লৈ আক্ৰমণ কৰে বুলি জানিবলৈ দিয়ে যুৱকেইজনে ৷
ইপিনে উক্ত ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীৰ পৰিয়ালে ৷ আনহাতে, আজি পুৱাৰে পৰাই ডিমৌ অঞ্চলৰ ৰাইজে অৰুণাচলৰ দুখন গাঁৱলৈ অহা-যোৱা কৰা পথ অৱৰোধ কৰি ২৪ ঘন্টাৰ ভিতৰত অভিযুক্তক আটক নকৰিলে স্থানীয় দল-সংগঠনসমূহে পৰৱৰ্তী সময়ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে । উল্লেখযোগ্য যে অৰুণাচলীয়ে অসমৰ লোকক আক্ৰমণ কৰাৰ ঘটনা পূৰ্বতেও বহুবাৰ সংঘটিত হৈছে ।
লগতে পঢ়ক:অসমৰ ৮২,৭৫১.৮৬১৮ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দ্বাৰা বেদখল: নাগালেণ্ডৰ দখলত অসমৰ সৰ্বাধিক ভূমি - Assam land encroached