অসম

assam

ETV Bharat / state

যোৰহাটত নিৰুদ্দেশ তিনি ছাত্র : মানৱ সৰবৰাহকাৰী চক্ৰৰ জালত পৰাৰ সন্দেহ - Student missing Jorhat

School student missing in from Jorhat : ইজনৰ পিচত সিজন ছাত্ৰ সন্ধানহীন হৈছে যোৰহাটৰ পৰা ৷ মানৱ সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰাৰ সন্দেহ কৰিছে একাংশই ৷ আৰক্ষীয়ে উলিয়াব পৰা নাই নিৰুদ্দিষ্ট ছাত্ৰৰ সম্ভেদ ৷

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 4:59 PM IST

School student missing in from Jorhat
যোৰহাটৰ পৰা নিৰুদ্দেশ ইজনৰ পিচত সিজন ছাত্ৰ (ETV Bharat Assam)

যোৰহাট, 22 জুন : দুদিন ধৰি যোৰহাট নগৰৰ মাজমজিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে দুজন ছাত্ৰ ৷ খালচা হিন্দী বিদ্যালয় পৰা ২০ জুনৰ দিনা অৰ্থাৎ ৰাভা দিবসৰ দিনাই দুজনকৈ ছাত্ৰ নিৰুদ্দেশ হোৱা ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা লগতে ছাত্ৰদ্বয়ৰ পৰিয়াল মাজত কান্দোন ৰোল তুলিছে ।

যোৰহাটৰ পৰা নিৰুদ্দেশ ইজনৰ পিচত সিজন ছাত্ৰ (ETV Bharat Assam)

ঘটনাৰ বিৱৰণি অনুসৰি যোৰহাটৰ মাজমজিয়াস্থিত গুৰুদ্বাৰ চৌহদত থকা খালচা হিন্দী এম ই স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ চুচিন্দ ৰায়, নীতিশ চৌধুৰী নিৰুদ্দেশ হৈ আছে । এই সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰোৱাইছে যদিও বিদ্যালয় চৌহদৰ পৰা নিৰুদ্দেশ নোহোৱাৰ কাৰণে বিদ্যালয় কৰ্তৃপক্ষই ৰহস্যজনক কাৰণত আৰক্ষীক এই মুহূৰ্তলৈকে বিষয়টোৰ সন্দৰ্ভত একো জনোৱা নাই ৷

লগতে পঢ়ক:চিলনী নৈত গা ধুবলৈ গৈ নিৰুদ্দিষ্ট এগৰাকী কিশোৰ

আনহাতে বিদ্যালয় কৰ্তৃপক্ষই কয় যে সপ্তম শ্ৰেণীত অধ্যয়ণৰত দুয়োজন ছাত্ৰৰ অৱস্থিতি বিহাৰ আৰু নাগালেণ্ডত পোৱা গৈছে । এনেধৰণৰ ভাষ্য প্ৰদান কৰি বিদ্যালয় কৰ্তৃপক্ষই প্ৰকৃত ঘটনাৰ পৰা আঁতৰি আছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

তাৎপৰ্যপূৰ্ণ যে একেখন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ৰাহুল সিং নামৰ ছাত্ৰজনো টিউচনলৈ যোৱাৰ পৰাই আজি পৰ্যন্ত সন্ধানহীন হৈ আছে ৷ কিন্তু চাৰিমাহ উকলি যোৱাৰ পিচতো যোৰহাট আৰক্ষীয়ে নিৰুদ্দিষ্ট ছাত্ৰজনৰ অৱস্থিতি উলিয়াবলৈ সক্ষম হোৱা নাই ৷ চাৰি মাহধৰি নিৰুদ্দেশ হৈ থকা ছাত্ৰজনক ঘৰৰ ওচৰৰ এজন ব্যক্তিয়ে অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ছাত্ৰজনৰ মাতৃয়ে ।

লগতে পঢ়ক:যোৰহাটত এমাহতে দুবাৰকৈ শিশু অপহৰণৰ অপচেষ্টা দুৰ্বৃত্তৰ

ছাত্ৰজনৰ মাতৃয়ে কান্দি কান্দি উক্ত কথা অৱগত কৰি সন্ধানহীন পুত্ৰক উলিয়াই দিবলৈ আহ্বান জনাইছে । এই নিৰুদ্দেশৰ ঘটনাৰ লগত মানৱ সৰবৰাহ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই ।

লগতে পঢ়ক:ঠিকাদাৰে অবৈধভাৱে খন্দা পুখুৰীত পৰি দুই কিশোৰৰ মৃত্যুৰ অভিযোগ

ABOUT THE AUTHOR

...view details