গোলাঘাট :অসমবাসীৰ বাবে এক সুখবৰ । তাতোকৈ ডাঙৰ খবৰ গোলাঘাটবাসীৰ বাবে । কিয়নো জিলাখনৰ ভিন্ন ক্ষেত্ৰৰ লগত জড়িত তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে ভাৰত গৌৰৱ বঁটা । বেংগালুৰুৰ এটা অনুষ্ঠানে এই তিনিগৰাকী ব্যক্তিক ভাৰত গৌৰৱ সম্নানেৰে বিভূষিত কৰে ।
বেংগালুৰুৰ কালাবুৰাগী জিলাৰ ছেদামত ভাৰত বিকাশ সংগমৰ উদ্যোগত অনুষ্ঠিত হৈ থকা ভাৰতীয় সংস্কৃতি উৎসৱত বুধবাৰে নিশা ক্ৰমে বোকাখাত সমজিলাৰ বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালা, গোলাঘাটৰ পৰিবেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামী আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ড৹ প্ৰাপ্তি ঠাকুৰক ভাৰত গৌৰৱ বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ।
তিনি বিশিষ্ট ব্যক্তিলৈ ভাৰত গৌৰৱ বঁটা (ETV Bharat Assam) মহাবীৰ প্ৰসাদ আগৰৱালাৰ এই বঁটা প্ৰাপ্তিত সন্তোষ প্ৰকাশ কৰিছে বোকাখাতবাসীয়ে । আনহাতে, সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালা, পৰিবেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামী আৰু শিক্ষাবিদ ডঃ প্ৰাপ্তি ঠাকুৰক এই বঁটা প্ৰদানত এতিয়া আনন্দৰ লহৰ উঠিছে সমগ্ৰ গোলাঘাট জিলাত ।
বঁটা গ্ৰহণৰ মুহূৰ্তত মহাবীৰ প্ৰসাদ আগৰৱালা (ETV Bharat Assam) উল্লেখ্য যে বোকাখাত সমজিলাৰ বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালাই বোকাখাত অঞ্চলৰ লগতে সমগ্ৰ গোলাঘাট জিলাত দুখীয়া-দৰিদ্ৰৰ কাষত সদায় থিয় দি আহিছে আৰু তেওঁলোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কাম কৰি আহিছে । ইয়াৰ উপৰি তেওঁ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই আছে । বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে । যাৰ পৰিপ্ৰেক্ষিতত ভাৰত বিকাশ সংগম নামৰ এই অনুষ্ঠানটোৱে তেওঁক ভাৰত গৌৰৱ বঁটাৰে সন্মানিত কৰে ।
বঁটা গ্ৰহণৰ মুহূৰ্তত অপূৰ্ব বল্লভ গোস্বামী (ETV Bharat Assam) ইয়াৰ উপৰি গোলাঘাটৰ পৰিবেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে প্ৰকৃতিৰ লগত জড়িত হৈ সেৱা আগবঢ়াই আছে । নুমলীগড় দেওপাহাৰৰ প্ৰত্নতাত্বিক সমলসমূহ সংৰক্ষণ আৰু ইয়াৰ সৌন্দৰ্যবৰ্ধনৰ লগতে দৈগ্ৰোং নামবৰ অভয়াৰণ্যৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে তেওঁ সদায় মাত মাতি আহিছে । যাৰ বাবে তেওঁক ভাৰত গৌৰৱ বঁটাৰে সন্মানিত কৰা হয় ।
বঁটা গ্ৰহণৰ মুহূৰ্তত ড৹ প্ৰাপ্তি ঠাকুৰ (ETV Bharat Assam) আনহাতে, সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ড৹ প্ৰাপ্তি ঠাকুৰে শৈক্ষিক, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰখনৰ বিকাশ আৰু উত্তৰণৰ বাটত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে । লগতে তেওঁৰ জীৱ-জন্তুৰ প্ৰতি মহানুভৱতা আৰু দেখুৱাই অহা প্ৰেম, ভালপোৱাই সকলোৰে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে । বিশেষকৈ ড৹ প্ৰাপ্তি ঠাকুৰে পদপথৰ কুকুৰ আৰু জীৱ-জন্তুৰ বাবে দীৰ্ঘদিন ধৰি খাদ্য যোগান ধৰাৰ লগতে চিকিৎসা সেৱা প্ৰদান কৰি এক ব্যতিক্ৰমী নিদৰ্শন ডাঙি ধৰিছে ।
ড৹ প্ৰাপ্তি ঠাকুৰৰ এনে সেৱাৰ বাবে ভাৰত বিকাশ সংগমৰ দ্বাৰা প্ৰদান কৰা হয় এই ভাৰত গৌৰৱ বঁটা । এই বঁটা লাভ কৰাৰ বাবে বিশিষ্ট শিক্ষাবিদ ড৹ প্ৰাপ্তি ঠাকুৰক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ৰাইজে অভিনন্দন জ্ঞাপন কৰিছে ।