যোৰহাট : আজি ৰাস পূৰ্ণিমা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । ইফালে সকলোতকৈ ব্যতিক্ৰম নদীদ্বীপ মাজুলীত ৰাসক লৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ।
অসমৰ লগতে দেশ-বিদেশৰ শ শ লোকে ৰাস উপভোগ কৰিবলৈ সত্ৰনগৰী মাজুলীলৈ ৰাওনা হৈছে । যাৰ বাবে পুৱাৰে পৰা যোৰহাট-মাজুলী সংযোগী পাৰঘাটবোৰত ব্যাপক ভিৰ দেখা গৈছে । নিমাতীঘাটত যাত্ৰীৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশৰ পৰ্যটক তথা ভক্তসকলে নিমাতীঘাটৰ পৰা ফেৰীৰে মাজুলীলৈ ৰাস উপভোগৰ বাবে ৰাওনা হৈছে । নিমাতীঘাটত যাত্ৰীৰ ভিৰৰ বাবে ব্যাপক সমস্যাৰ সৃষ্টি হৈছে । অৱশ্যে যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে নিজেই নিমাতীঘাটত উপস্থিত হৈ সমগ্ৰ প্ৰক্ৰিয়া পৰিদৰ্শন কৰিছে । সমগ্ৰ প্ৰক্ৰিয়া তদাৰক কৰাৰ লগতে যাত্ৰীৰ সুবিধাৰ্থে কাম কৰি থকা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক উৎসাহ দিবলৈ মিঠাইৰ টোপোলাও বিতৰণ কৰে আয়ুক্তগৰাকীয়ে ।
নিমাতীঘাট পৰিদৰ্শন কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত পৰিমাণৰ ফেৰী আৰু জাহাজৰ ব্যৱস্থা কৰা হৈছে । নিমাতীঘাটত চাৰিটা ৰেম্পৰ ব্যৱস্থা কৰা হৈছে আৰু এই চাৰিটা ৰেম্পৰ পৰা যাত্ৰীসহ ফেৰীসমূহ ৰাওনা হৈছে সত্ৰনগৰীলৈ । ইফালে নিমাতীঘাটত ৪ দণ্ডাধীশসহ এজন অতিৰিক্ত আয়ুক্ত নিয়োগ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে । আগন্তুক ২-৩ দিনলৈ যাত্ৰীৰ যথেষ্ট ভিৰ দেখা যাব বুলিও তেওঁ আশা প্ৰকাশ কৰি কয় যে যাতে যাত্ৰীৰ কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে । সৰহসংখ্যক যাত্ৰীয়ে অনলাইনযোগে টিকট বুকিং কৰিছে বুলি আয়ুক্তগৰাকীয়ে উল্লেখ কৰে ।
নিমাতীঘাটত যাত্ৰীৰ অভাৱনীয় ভিৰ