যোৰহাট,২৪ এপ্ৰিল:সদাব্যস্ত এখন মহানগৰ হিচাপে পৰিচিত যোৰহাট । কিন্ত এই যোৰহাট মহানগৰত বিগত কেইবাদিন ধৰি যান-বাহন শাখাৰ এজনো আৰক্ষীক দেখিবলৈ পোৱা নাই । ফলত চহৰখনত যান-জঁটৰ সমস্যা বৃদ্ধি পোৱাৰ লগতে উদণ্ড বাইকচালক তথা গাড়ী চালকৰ দৌৰাত্ম্য বৃদ্ধি পাবলৈ ধৰিছে । ফলত একাংশ চালকে যি ইচ্ছা তাকে কৰিবলৈ লোৱা দেখা গৈছে । কেৱল ইমানেই নহয় পথৰ ওপৰতেই গাড়ী পাৰ্কিং কৰি যাত্ৰী উঠোৱা-নমোৱা কৰি অহাৰ গুৰুত্ব অভিযোগ উথাপিত হৈছে ।
একাংশ গাড়ী আৰু বাইকৰ গতি অধিক হোৱাত সাধাৰণ লোকসকলে যমৰ যাতনা ভোগ কৰিব লগা হৈছে । আনহাতে বিদ্যালয় খোলা দিন হোৱাৰ বাবে শিক্ষাৰ্থীসকলে বিদ্যালয়-মহাবিদ্যালয়লৈ অহা-যোৱাৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিব লগীয়া হৈছে । ইপিনে বিগত কেইটামান দিন ধৰি যোৰহাটত যান-বাহন শাখাৰ আৰক্ষীৰ অস্তিত্বহীনতাৰ বাবে নগৰখনত সৰু বৰ কেইবাটাও পথ দুৰ্ঘটনা সংখ্যা হৈছে বুলি গুৰুত্ব অভিযোগ উথাপিত হৈছে ।