অসম

assam

ETV Bharat / state

গুৱাহাটীত আজিও সজীৱ হৈ আছে দ্বিতীয় বিশ্বযুদ্ধৰ সাক্ষ্য বহনকাৰী সমাধিক্ষেত্র - GAUHATI WAR CEMETERY

দ্বিতীয় বিশ্বযুদ্ধৰ ৪৮৫ গৰাকী কমনৱেলথ সৈনিকক সমাধিস্থ কৰা গুৱাহাটীৰ সমাধিক্ষেত্ৰক লৈ এক বিশেষ প্ৰতিবেদন ।

Gauhati War Cemetery
গুৱাহাটীত আজিও সজীৱ হৈ আছে দ্বিতীয় বিশ্বযুদ্ধৰ সাক্ষ্য বহনকাৰী যুদ্ধ সমাধিক্ষেত্র (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 29, 2025, 4:52 PM IST

Updated : Jan 29, 2025, 5:46 PM IST

গুৱাহাটী :যুদ্ধ কেতিয়াও কাৰো কাম্য নহয় । কিন্তু তথাপিও বিভিন্ন প্ৰেক্ষাপটত যুদ্ধ হয় আৰু ইতিহাসত ক'লা অধ্যায় হিচাপে চাপ বহুৱাই থৈ যায় । যুদ্ধই বহু বেদনাদায়ক স্মৃতিৰ স্বাক্ষৰ বহন কৰি যায় । মানৱ ইতিহাসত 'যুদ্ধ' এক ক'লা অধ্যায় হিচাপেই চিহ্নিত হৈ আহিছে । ইতিহাসৰ তেনে এক বিভীষিকাময় পৰিস্থিতিৰ ক'লা অধ্যায় হৈছে দ্বিতীয় বিশ্বযুদ্ধ ।

মানৱ সভ্যতাক লুণ্ঠিত কৰা দ্বিতীয় বিশ্বযুদ্ধৰ সেই ভয়ানক পৰিস্থিতিৰ স্মৃতি আজিও সজীৱ হৈ আছে গুৱাহাটি মহানগৰীৰ এডোখৰ সৰু ঠাইত । গুৱাহাটীৰ সেই স্থানে দ্বিতীয় বিশ্বযুদ্ধৰ কথা সোঁৱৰাই দিয়ে । সোঁৱৰাই দিয়ে সৈনিকৰ ত্যাগ-বলিদানৰ কথা । যুদ্ধ কৰিবলৈ গৈ ক'ৰ সৈনিক ক'ত গৈ হেৰাই গ'ল ! তেনে কিছু সৈনিকৰ স্মৃতি চিৰযুগমীয়া কৰি আজিও গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ নৱগ্ৰহত সজীৱ হৈ আছে দ্বিতীয় বিশ্বযুদ্ধৰ 'যুদ্ধ সমাধিক্ষেত্র'। য'ত আছে ৪৮৫ গৰাকী সৈনিকৰ সমাধি ।

গুৱাহাটী যুদ্ধ সমাধিক্ষেত্র (ETV Bharat Assam)

আগতেই উল্লেখ কৰা হৈছে যে যুদ্ধ কেতিয়াও কাৰো কাম্য নহয় । কাৰণ যুদ্ধত হেৰুওৱাৰ বাহিৰে ব্যক্তিগতভাৱে কোনোৱে একো লাভ নকৰে । গুৱাহাটীত থকা এই সমাধিক্ষেত্রত বহু সময়ত সমাধিস্থ সৈনিকসকলৰ বংশৰ লোক আহি সেই বিভীষিকাময় পৰিস্থিতিৰ কথা স্মৰণ কৰি শোকস্তব্ধ হৈ পৰে । আপোনজনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি অশ্ৰুসিক্ত নয়নেৰে আঁতৰি যায় দেশ-বিদেশৰ পৰা অহা বহুজন । সমাধিক্ষেত্রটোৰ বিভিন্ন দিশ সামৰি ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন । এই প্ৰতিবেদনখন গুৱাহাটীৰ যুদ্ধ সমাধিক্ষেত্রৰ প্ৰবন্ধক চেলউ পেফটেই (Salew Pfotte) দিয়া তথ্য আৰু সাক্ষাৎকাৰৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে ।

গুৱাহাটীৰ ক'ত আৰু কেতিয়া আৰু কিয় প্ৰতিষ্ঠা কৰা হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ 'যুদ্ধ সমাধিক্ষেত্র'

গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ নৱগ্ৰহ পথৰ নৱগ্ৰহ শ্মশানৰ গাতে লাগি আছে দ্বিতীয় বিশ্বযুদ্ধৰ 'যুদ্ধ সমাধিক্ষেত্র' । ১.৯৫ একৰ ভূমিত এই সমাধিক্ষেত্র প্ৰতিষ্ঠা কৰা হৈছে । য'ত ৪৮৫ গৰাকী কমনৱেলথ সৈনিকৰ সমাধি আছে । এই সমাধিক্ষেত্র দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আৰম্ভ কৰা হৈছিল

গুৱাহাটী যুদ্ধ সমাধিক্ষেত্র (ETV Bharat Assam)

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই বৃহৎ অঞ্চলটোত নিয়োজিত কেইবাখনো সামৰিক চিকিৎসালয়ৰ পৰা সমাধিস্থ কৰাৰ বাবে সমাধিক্ষেত্রখন নিৰ্মাণ কৰা হৈছিল । পৰৱৰ্তী সময়ত আন স্থানত থকা সৈনিকৰ সমাধিসমূহ ইয়ালৈ অনা হৈছিল, যাতে স্থায়ীভাৱে তত্ত্বাৱধান নিশ্চিত কৰিব পৰা যায় । একেটা কাৰণতে ১৯৫২ চনত লুচাই পাহাৰৰ বিচ্ছিন্ন স্থানৰ উপৰি বদৰপুৰ, কোচবিহাৰ, দাৰ্জিলিং, ধুবুৰী, ডিব্ৰুগড়, দিনজান, কটাপাহাৰ, লেবং, লামডিং, শ্বিলং আৰু শিলচৰৰ অসামৰিক সমাধিক্ষেত্ৰৰ পৰা সৈনিকৰ সমাধি ইয়ালৈ অনা হৈছিল ।

দ্বিতীয় বিশ্বযুদ্ধৰ ৪৮৫ গৰাকী কমনৱেলথ সৈনিক কবৰ এই যুদ্ধ সমাধিক্ষেত্রত স্মৰণীয় হৈ আছে । তদুপৰি, এই সমাধিক্ষেত্রত চিনাক্ত নোহোৱা ২৫ গৰাকী সৈনিকৰ কবৰো আছে । আনহাতে, গুৱাহাটীৰ যুদ্ধ সমাধিক্ষেত্রত ২৪ গৰাকী চীনা সৈনিকৰ কবৰো আছে । লগতে দুগৰাকী যুদ্ধৰ লগত জড়িত নথকা লোকৰো কবৰ আছে । সমাধিক্ষেত্ৰখন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কমনৱেলথ ৱাৰ গ্ৰেভছ কমিছনৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল । বৰ্তমান সময়তো ইয়াক কমনৱেলথ ৱাৰ গ্ৰেভছ কমিছনৰ দ্বাৰা পৰিচালিত কৰা হয় ।

গুৱাহাটী যুদ্ধ সমাধিক্ষেত্র (ETV BHarat Assam)

সমাধিক্ষেত্র সন্দৰ্ভত কি কয় প্ৰবন্ধক চেলউ পেফটেই (Salew Pfotte)

গুৱাহাটী আৰু ইয়াৰ আশেপাশে কোনো যুদ্ধ সংঘটিত হোৱা নাছিল যদিও মণিপুৰ আৰু বাৰ্মাত হোৱা যুদ্ধত বহু সৈনিকৰ মৃত্যু হৈছিল । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিভিন্ন স্থানত কবৰস্থানবোৰ সিঁচৰতি হৈ আছিল । গুৱাহাটীত সমাধিক্ষেত্রখন প্ৰতিষ্ঠা কৰাৰ পিছত সেইবোৰ সুশৃংখলভাৱে ৰক্ষণাবেক্ষণ কৰিবৰ বাবে ইয়ালৈ অনা হয় । বিভিন্ন সামৰিক চিকিৎসালয়ৰ সৈনিকসকলক প্ৰথমতে কবৰস্থানত সমাধিস্থ কৰা হৈছিল । পিছত আমৰি বাৰী সামৰিক সমাধিক্ষেত্ৰ, চিলেট সামৰিক সমাধিক্ষেত্ৰ, মহাচ'ৰা সমাধিক্ষেত্ৰ, নওগং অসামৰিক সমাধিক্ষেত্ৰ আৰু গুৱাহাটী অসামৰিক সমাধিক্ষেত্ৰৰ পৰা সৈনিকৰ কবৰ আনি ইয়াত সমাধিস্থ কৰা হৈছিল ।

লক্ষণীয় বিষয় যে ২০১২ চনলৈকে জাপানী সৈন্যৰ কবৰ ৰখা ভাৰতৰ একমাত্ৰ সমাধিক্ষেত্র আছিল গুৱাহাটীৰ এই সমাধিক্ষেত্র । গুৱাহাটীৰ যুদ্ধ সমাধিক্ষেত্রত জাপানৰ ১২ গৰাকী সৈনিকৰ কবৰ আছিল । ২০১২ চনত জাপান চৰকাৰে সেইসকল সৈনিকৰ কবৰ তথা অৱশেষত তেওঁলোকৰ নিজৰ দেশলৈ ঘূৰাই নিয়ে ।

গুৱাহাটী যুদ্ধ সমাধিক্ষেত্র (ETV Bharat Assam)

অসমত কমনৱেলথ ৱাৰ গ্ৰেভৰ ভিতৰত দুটা সমাধিক্ষেত্র আছে । এটা আছে গুৱাহাটীত আৰু আনটো আছে ডিগবৈত । ডিগবৈৰ সমাধিক্ষেত্রত দ্বিতীয় বিশ্বযুদ্ধৰ ২০০ গৰাকী সৈনিকৰ কবৰ আছে । গুৱাহাটীৰ যুদ্ধ সমাধিক্ষেত্রত ভাৰত, ব্ৰিটেইন, নিউজীলেণ্ড, অষ্ট্ৰেলিয়া, কানাডা আৰু চীনৰ সৈনিকৰ কবৰ আছে । সৰ্বাধিক কবৰ আছে ব্ৰিটেইনৰ সৈনিকৰ ।

সমাধিক্ষেত্রত আৰ্মীৰ ৪০২ গৰাকী সৈনিকৰ সমাধি আছে আৰু অচিনাক্ত ২৪ গৰাকী সৈনিকৰ কবৰ আছে । সেইদৰে বায়ুসেনাৰ ৬৯ গৰাকী চিনাক্ত আৰু এগৰাকী অচিনাক্ত সৈনিকৰ কবৰ আছে । সেইদৰে নৌবাহিনীৰ তিনিগৰাকী সৈনিকৰ কবৰ আছে । তদুপৰি, আন বিবিধ ক্ষেত্রৰ ১১টা কবৰ আছে । সমাধিক্ষেত্রত ব্ৰিটেইনৰ ৩৩৪টা, অষ্ট্ৰেলিয়াৰ ৪টা, কানাডাৰ ৪ টা, ভাৰতৰ ১৪৩টা, নিউজীলেণ্ডৰ এটা আৰু চীনৰ ২৪টা কবৰ আছে ।

গুৱাহাটী যুদ্ধ সমাধিক্ষেত্র (ETV Bharat Assam)

এই সমাধিক্ষেত্র গুৱাহাটী বেপ্টিষ্ট গীৰ্জাৰ কবৰস্থানৰ এটা অংশক লৈ স্থাপন কৰা হৈছিল । যাক পূৰ্বতে অসমৰ বেপ্টিষ্ট গীৰ্জা বুলি জনা গৈছিল । যিটো ১৮৪৫ চনত নৱগ্ৰহ শ্মশানৰ ওচৰত স্থাপিত হৈছিল । ১৮৩৯ চনত আমেৰিকান মিছনেৰীসকলৰ আগমনৰ লগে লগে প্ৰায় ৬ বিঘা ভূমিক অঞ্চলটোৰ বেপ্টিষ্টসকলৰ বাবে কবৰস্থান হিচাপে মনোনীত কৰা হৈছিল ।

যুদ্ধ সমাধিক্ষেত্ৰত বেছিভাগ দৰ্শনাৰ্থী স্থানীয় লোক । ইয়াত সমাধিস্থ হোৱা কেইজনমান সৈনিকৰ আত্মীয়সকল কেতিয়াবা ইয়ালৈ আহে । বেছিভাগ লোক ব্ৰিটেইনৰ পৰাই আহে আৰু নিজৰ আপোনজক অৰ্থাৎ সমাধিস্থ সৈনিকৰ কবৰত শ্ৰদ্ধা নিবেদন কৰে । উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত উত্তৰ-পূবৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল । কিয়নো মিত্ৰশক্তিয়ে গুৱাহাটীক সামৰিক শিবিৰ আদি স্থাপনৰ বাবে ব্যৱহাৰ কৰিছিল । কমনৱেলথ ৱাৰ গ্ৰেভছ কমিছনৰ দ্বাৰা যুদ্ধ সমাধিক্ষেত্ৰৰ ৰক্ষণাবেক্ষণ কৰা হৈছে ।

গুৱাহাটী যুদ্ধ সমাধিক্ষেত্র (ETV Bharat Assam)

দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকা

দ্বিতীয় বিশ্বযুদ্ধ আছিল আটাইতকৈ ৰক্তক্ষয়ী আৰু লগতে পৃথিৱীৰ প্ৰায় প্ৰতিটো প্ৰান্তৰ সৈতে জড়িত সৰ্ববৃহৎ যুদ্ধ । দ্বিতীয় বিশ্বযুদ্ধ বুলি ক'লে ১৯৩৯ চনৰ পৰা ১৯৪৫ চনৰ কালছোৱাত সমগ্ৰ বিশ্বজুৰি হোৱা যুদ্ধলানিকে বুজা যায় । বিশ্বৰ মহাশক্তিসমূহৰ লগতে প্ৰায় সকলোবোৰ দে‍শেই জড়িত হৈ পৰা এই যুদ্ধত দুটি বিপৰীত সামৰিক জোঁটৰ সৃষ্টি হৈছিল । এটা আছিল মিত্রশক্তি আৰু আনটো আছিল অক্ষীয় শক্তি । এই মহাসমৰক ইতিহাসৰ সকলোতকৈ বিস্তৃত যুদ্ধ বুলি ধৰা হয় । য'ত ১০ কোটিতকৈয়ো অধিক লোকে সামৰিক সেৱা আগবঢ়াইছিল ।

গুৱাহাটী যুদ্ধ সমাধিক্ষেত্র (ETV Bharat Assam)

যুদ্ধত আগভাগ লোৱা জাতিসমূহে এই সময়ছোৱাত নিজৰ সকলো অৰ্থনৈতিক, ঔদ্যোগিক আৰু বৈজ্ঞানিক সমল এই যুদ্ধৰ বাবে প্ৰয়োগ কৰিছিল । যাৰ বাবে সামৰিক আৰু অসামৰিক সমলসমূহৰ পাৰ্থক্যই নোহোৱা হৈ গৈছিল । ইতিহাসৰ কুখ্যাত এই যু্দ্ধত ৫ৰ পৰা ৭ কোটিমান লোকৰ মৃত্যু হৈছিল । ইয়াৰ পৰা এটা কথা ক'ব পাৰি যে দ্বিতীয় বিশ্বযুদ্ধ মানৱ ইতিহাসৰ সকলোতকৈ ঘাতক যুদ্ধ আছিল ।

লগতে পঢ়ক :দুষ্প্ৰাপ্য গিবনৰ মাজত প্ৰচলিত এক পৰম্পৰা; বংশ বিস্তাৰৰ সংকটত 'বন মানুহ' প্ৰজাতি - JORHAT GIBBON SANCTUARY
লগতে পঢ়ক :ওড়িশাত গ্ল’বেল থিয়েটাৰ ফেষ্টিভেলত 30 টাৰো অধিক পদক অসমলৈ - ODISHA GLOBAL THEATER FESTIVAL
লগতে পঢ়ক :সত্ৰৰ পৰম্পৰাত কেৱলীয়া ভকতৰ জীৱন গাথা: মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে আনন্দৰ জোৱাৰ - BHAKAT RAJEN BHARALI
Last Updated : Jan 29, 2025, 5:46 PM IST

ABOUT THE AUTHOR

...view details