অসম

assam

ETV Bharat / state

ৰাজ্যৰ আকাশে-বতাহে দশভূজা দেৱী দুৰ্গাৰ জয়গান, উখল-মাখল ৰাজ্য

Durga Puja in Assam : মহিষমৰ্দিনী, বিশ্বৰূপিণী, জগততাৰিণী দেৱী দশভূজাৰ বন্দনাৰে মুখৰ হৈছে ৰাজ্য । সৰগীয় শোভাৰে জিলিকি উঠিছে পূজাৰ বেদী ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Durga Puja in Assam
ৰাজ্যৰ আকাশে-বতাহে দশভূজা দেৱী দুৰ্গাৰ জয়গান, উখল-মাখল ৰাজ্য (ETV Bharat Assam)

গুৱাহাটী, ১০ অক্টোবৰ : মহিষমৰ্দিনী দশভূজা দেৱী দুৰ্গাৰ আৰাধনাৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ-বতাহ । শাৰদীয় দুৰ্গোৎসৱৰ আজি মহা সপ্তমী । বিশ্বৰূপিণী, জগততাৰিণী দেৱী দশভূজাৰ বন্দনাৰে মুখৰ হৈছে ৰাজ্য। শংখ-ঘণ্টা, ঢাক-ঢোলৰ ঐকতান, আয়তীৰ উৰুলি, পুৰোহিতৰ মন্ত্ৰধ্বনি, ভক্তিপ্ৰাণ জনগণৰ জয়ধ্বনি-মংগলধ্বনিৰ মাজত বুধবাৰে ষষ্ঠীৰ বেদীত প্রতিষ্ঠিত হ'ল অসুৰবিনাশিনী দেৱী দুৰ্গা ।

পূজাৰ বেদীত যথাস্থানত প্ৰতিষ্ঠিত হ'ল সিদ্ধিদাতা গণেশ, দেৱ সেনাপতি কার্তিক, ঐশ্বর্য-বিভূতি-প্ৰাচুৰ্যদায়িনী দেৱী লক্ষ্মী আৰু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ মৃণ্ময় প্রতিমা । দেৱীৰ চৰণ যুগলৰ কাষত স্থান দিয়া হ'ল ৰক্তৰঞ্জিত মৃণ্ময় মহিষাসুৰক । দেৱী দুৰ্গাৰ প্ৰতিষ্ঠাৰ লগে লগে সৰগীয় শোভাৰে জিলিকি উঠিল পূজাৰ বেদী ।

ৰাজ্যৰ আকাশে-বতাহে দশভূজা দেৱী দুৰ্গাৰ জয়গান, উখল-মাখল ৰাজ্য (ETV Bharat Assam)

আনহাতে, ৰাজ্যৰ বিভিন্ন দেৱালয়কে ধৰি দেৱীপীঠ, শক্তিপীঠ আদিৰ পূজাৰ বেদীত মৃণ্ময় প্ৰতিমাৰ সলনি প্রতিষ্ঠা কৰা হ'ল ৰামকল, বাঁহ আদিৰে সজাই-পৰাই তোলা দেৱী ঘট আদি । বুধবাৰে পুৱাৰ ভাগত সম্পন্ন হয় ষষ্ঠাদি কল্পাৰম্ভ আৰু ষষ্ঠী পূজা । সন্ধিয়া যথাবিহিত নীতি-নিয়মেৰে সম্পন্ন কৰা হয় মহিষমর্দিনী দেৱী দুৰ্গাৰ আমন্ত্ৰণ, অধিবাস আৰু বেলবৰণ । ধর্মীয় বিশ্বাস অনুসৰি, মা দুৰ্গাৰ ষষ্ঠ ৰূপ কাত্যায়নী অমোঘ ফলদায়িনী ।

আটকধুনীয়া দুৰ্গা প্ৰতিমা (ETV Bharat Assam)

উল্লেখ্য যে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ একাংশ পূজাথলীত মঙলবাৰৰ দিনটোতে দেৱী দুৰ্গাক পূজাৰ বেদীত প্ৰতিষ্ঠা কৰা হয় । ষষ্ঠীত দেৱী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰাৰ পাছতে পূজাৰ বৰ্ণিল আয়োজন, উৎসৱপ্রেমী জনগণৰ পাৰভগা আনন্দ, ভক্তৰ আধ্যাত্মিক চিন্তা-চেতনাৰ মুকলি প্ৰকাশ আদিৰে মধুময়-মায়াময় হৈ পৰে শাৰদীয় দুর্গোৎসৱৰ পৰিবেশ ।

শাৰদীয় দুৰ্গোৎসৱৰ আজি বৃহস্পতিবাৰে মহা সপ্তমী । কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাৰ দৃক পদ্ধতিৰ গণনা অনুসৰি, আজি পুৱা ৯ বাজি ১২ মিনিট ৪২ ছেকেণ্ডৰ ভিতৰত সম্পন্ন হয় দেৱীৰ নৱপত্রিকা প্ৰৱেশ, স্থাপন, সপ্তমাদি কল্পাৰম্ভ আৰু মহা সপ্তমীৰ বিহিত পূজা । কলপুলি, মানকচু, ক'লাকচু, অশোক গছৰ ডাল, জয়ন্তী গছৰ ডাল, ধানৰ গছা, ডালিম গছৰ ডাল, হালধি, যোৰ বেশ আৰু অপৰাজিতা ফুলৰ ডালেৰে সজোৱা হয় নৱপত্রিকা ।

পূজা মণ্ডপৰ আকৰ্ষণীয় সজ্জা (ETV Bharat Assam)

ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰ পাচত আজি দোলাত উঠি মৰ্ত্যলৈ আহে দেৱী দুৰ্গা । দোলাত উঠি দেৱীৰ আগমনৰ ফল হ'ল- 'দোলায়াং মৰকং ভৱেৎ' । অর্থাৎ ইয়াৰ ফলত মাৰী-মৰক বৃদ্ধি পাব ধৰাৰ বুকুত । আনহাতে, আজি মহা সপ্তমীৰ দিনা কালৰাত্ৰিৰ ৰূপত পূজিত হয় দেৱী দুর্গা । আজি পুৱাৰ ভাগতে মহা সপ্তমীৰ যথাবিহিত পূজা সম্পন্ন কৰা হয় ।

সুশোভিত দেৱী প্ৰতিমা (ETV Bharat Assam)

ইফালে সপ্তমী পূজা উপলক্ষে ৰাজ্যৰ বিভিন্ন শক্তিপীঠ, দেৱীপীঠ আৰু দেৱালয়ত বলি-বিধান পৰ্বৰ আয়োজন কৰা হয় । শক্তিপীঠ কামাখ্যাধামত সম্পন্ন কৰা হয় পৰম্পৰাগত ঘট পূজা । মহাসপ্তমী উপলক্ষে কামাখ্যাধামত অন্যান্য বলিৰ লগতে ম'হ বলিও আগবঢ়োৱা হয় ।

দেৱী প্ৰতিমা (ETV Bharat Assam)

কামাখ্যা মন্দিৰৰ মুখ্য দলৈ কবীন্দ্ৰপ্ৰসাদ শৰ্মাই জনোৱামতে, মহা সপ্তমী উপলক্ষে কামাখ্যাত দেৱালয় কমিটীৰ ফালৰ পৰা এটা ম'হ বলি দিয়াৰ লগতে ভক্তৰ ফালৰ পৰা আগবঢ়োৱা হ'ব ৭ টাকৈ ম'হ বলি । অৱশ্যে ম'হ বলিৰ সংখ্যা বৃদ্ধি হ'ব পাৰে বুলিও মুখ্য দলৈগৰাকীয়ে জনায় ।

পূজা মণ্ডপত পৰিৱেশ সজাগতা (ETV Bharat Assam)

গুৱাহাটীৰ উজানবজাৰৰ উগ্ৰতাৰা দেৱালয়ত মহা সপ্তমী উপলক্ষে হাঁহ, পাৰ, ছাগলী, কোমোৰা আদি বলি দিয়াৰ পিচত মহা নৱমীৰ দিনা ৭ টাকৈ ম'হ বলি দিয়া হ'ব বুলি দেৱালয়ৰ বৰদেউৰী কৈলাস শৰ্মাই জনাইছে । ৰাজ্যৰ আন কিছুমান দেৱীপীঠ, শক্তিপীঠতো মহা সপ্তমী উপলক্ষে বিবিধ বলিদানৰ আয়োজন কৰা হৈছে । শুকুৰবাৰে মহাষ্টমী পূজা ।

পূজা মণ্ডপৰ চিত্তাকৰ্ষক আলোকসজ্জা (ETV Bharat Assam)

ৰাজ্যৰ সৰ্বত্র এতিয়া পূজাৰ উখল-মাখল পৰিৱেশ । অৱশ্যে আজি পুৱাৰ ভাগত গুৱাহাটী মহানগৰীত বৰষুণ হোৱাত পূজাৰ পৰিৱেশ কিছু বিঘ্নিত হোৱা পৰিলক্ষিত হয় । কিন্তু পৰৱৰ্তী সময়ত বতৰ ফৰকাল হৈ পৰে । লক্ষণীয় বিষয় যে নিজৰ নিজৰ পূজাথলীক অগতানুগতিক আৰু আকৰ্ষণীয় কৰি তোলাৰ বাবে পূজা কমিটীসমূহৰ মাজত সদায়ে একধৰণৰ অঘোষিত প্ৰতিযোগিতা চলে । এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই ।

গুৱাহাটী মহানগৰীতে এইবাৰ সাত শতাধিক ৰাজহুৱা দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে । মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইৰ পূজাথলীত এইবাৰো দেখা গৈছে অগতানুগতিক আয়োজনৰ পয়োভৰ । ভক্তগণক আকৰ্ষণ কৰিবলৈকে গুৱাহাটী মহানগৰীৰ জাপৰিগোগৰ পূজাথলীত নিৰ্মাণ কৰা হৈছে ৫৫ ফুট ওখ শিৱ মূর্তি । পাণ্ডুৰ আজাদ হিন্দ ক্লাবৰ পূজাথলীত চীনৰ হোটেলৰ আৰ্হিৰে সজাই তোলা হৈছে পূজা মণ্ডপ ।

সুসজ্জিত পূজা মণ্ডপ (ETV Bharat Assam)

পূজা মণ্ডপত প্রকৃতি সুৰক্ষাৰ বাৰ্তা দিয়াৰো প্ৰচেষ্টা চলাইছে একাংশ পূজা সমিতিয়ে । মণ্ডপে মণ্ডপে এতিয়া উথপথপ পৰিৱেশ । গুৱাহাটীত বুধবাৰৰ পৰাই মণ্ডপে মণ্ডপে বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে । ইফালে পূজাৰ বাবে গুৱাহাটী মহানগৰী অভাৱনীয় যান-জঁটৰো সৃষ্টি হৈছে ।

লগতে পঢ়ক :লোকাৰণ্য কামাখ্যা ধাম; নৱৰাত্ৰিৰ পৰা অব্যাহত কুমাৰী পূজা
লগতে পঢ়ক :শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে সজাই তোলা কেইখনমান আকৰ্ষণীয় পূজা মণ্ডপ চাওঁ আহক

ABOUT THE AUTHOR

...view details