অসম

assam

ETV Bharat / state

দেওবাৰৰ পৰা গাখীৰ মহঙা, মদ পানীৰ দামত - Milk and Liquor Price - MILK AND LIQUOR PRICE

Liquor price to decrease in Assam : দেওবাৰৰ দিনটো বিশেষ হ’ব ৷ কিয়নো সেই দিনটোতেই কমিব মদৰ দাম, বিপৰীতে বাঢ়িব গাখীৰৰ দাম ৷ কোনটো ব্ৰেণ্ডৰ মদৰ দাম কিমান হ’ব বিশেষ দিনটোৰ পৰা আৰু গাখীৰৰ দাম কিমান হ’ব ? জানক এই প্ৰতিবেদনৰ জৰিয়তে...

Liquor price to decrease in Assam
দেওবাৰৰ পৰা কমিব মদৰ দাম, বাঢ়িব গাখীৰৰ দাম (Getty Images/ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 10:26 PM IST

গুৱাহাটী, ৩১ আগষ্ট : পহিলা ছেপ্টেম্বৰ, দেওবাৰৰ পৰা সুৰাৰ দাম হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পাব গাখীৰৰ দাম । নিশ্চয়কৈ সুৰাপায়ীসকলৰ বাবে ই এক 'ভাল' খবৰ ৷ ৰাজ্যৰ আবকাৰী বিভাগে ইতিপূৰ্বে এই সন্দৰ্ভত জাৰি কৰা বিবৃতি অনুসৰি পহিলা ছেপ্টেম্বৰৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব সুৰাৰ নতুন দাম ।

সেই অনুসৰি বিভিন্ন ব্ৰেণ্ডৰ বিলাতী সুৰাৰ দাম ২২ টকাৰ পৰা আৰম্ভ কৰি ২১৪ টকালৈকে হ্ৰাস কৰিছে আবকাৰী বিভাগে । ৫ শতাংশ এলকহলযুক্ত ৬৫০ মিলি লিটাৰৰ বীয়েৰৰ দাম ২২ টকাকৈ হ্ৰাস কৰা হৈছে । ৫ শতাংশৰ অধিক এলকহলযুক্ত ৬৫০ মিলি লিটাৰৰ বীয়েৰৰ দাম ৩৪ টকাকৈ হ্ৰাস কৰা হৈছে । সেইদৰে জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ ৰামত ১১৭ টকাকৈ হ্ৰাস কৰা হৈছে । আনহাতে ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ হুইস্কী, জীংক আদিৰ দাম ১৪৪ টকাকৈ হ্ৰাস কৰা হৈছে ।

লাক্সাৰী ব্ৰেণ্ডৰ ৩৬০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলি লিটাৰৰ হুইস্কী, ব্ৰেণ্ডী, জীংকৰ দাম ১৬৬ টকাকৈ হ্ৰাস কৰা হৈছে । লাক্সাৰী ব্ৰেণ্ডৰ ৩৫০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলি লিটাৰৰ ৰামৰ দাম ১৬৬ টকাকৈ হ্ৰাস কৰা হৈছে । এলিগেন্ট ব্ৰেণ্ডৰ ৫০০ টকাৰ পৰা ৭০০ টকাৰ ভিতৰৰ ৭৫০ মিলি লিটাৰৰ ব্ৰেণ্ডী, জীংক, হুইস্কীৰ দাম ২১৪ টকাকৈ হ্ৰাস কৰা হৈছে ।

লক্ষ্যণীয় বিষয় যে চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বিলাতী সুৰাৰ দাম বৃদ্ধি কৰা হৈছিল । কিন্তু দাম বৃদ্ধি হোৱাৰ পিছত সুৰাৰ ৰাজহ কমি অহাৰ পৰিপ্ৰেক্ষিতত পুনৰ সুৰাৰ দাম হ্ৰাস কৰা হৈছে । দেওবাৰৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰিখ ।

প্ৰতি লিটাৰ গাখীৰত তিনি টকাকৈ দাম বৃদ্ধি :

ইপিনে দেওবাৰৰ পৰা বৃদ্ধি পাব গাখীৰৰ দাম । প্ৰতি লিটাৰ গাখীৰৰ দাম তিনি টকাকৈ বৃদ্ধি পাব । সেই হিচাপত প্ৰতি লিটাৰ গাখীৰৰ খুচুৰা দাম হ'ব ৬৭ টকা । বৰ্তমান দাম ৬৪ টকা । তিনি টকা বৃদ্ধিৰ পিছত পাইকাৰী দাম হ’ব প্ৰতি লিটাৰত ৬৪.৪০ টকা । বৰ্তমান পাইকাৰী দাম ৬১.৪০ টকা । বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই গাখীৰৰ দাম বৃদ্ধি কৰাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই ।

ইতিমধ্যে সংবাদমেলযোগে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাৰ নেতৃত্বই গাখীৰৰ দাম বৃদ্ধি কৰাৰ কথা সদৰী কৰিছে । দুগ্ধ ব্যৱসায়ী সন্থাই জনোৱা মতে বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই প্ৰতি লিটাৰ গাখীৰৰ দাম ২.৬০ টকাকৈ বৃদ্ধি কৰিছে আৰু যিটো ১৭ আগষ্টৰ পৰা কাৰ্যকৰী হৈছে । যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই পহিলা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ গাখীৰৰ দাম ৩ টকাকৈ বৃদ্ধি কৰিছে । সেই অনুসৰি দেওবাৰৰ পৰা গাখীৰৰ খুচুৰা দাম প্ৰতি লিটাৰত ৬৭ টকা হ'ব আৰু পাইকাৰী দাম হ'ব ৬৪.৪০ টকা ।

লগতে পঢ়ক :মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিলে আছুৱে

সোণৰ গাখীৰ দিয়া পৃথিৱীৰ ক্ষুদ্ৰতম গৰু !

ABOUT THE AUTHOR

...view details