হাফলং, 16 মে’ :অৱশেষত প্ৰায় 20 দিন পাচতে লামডিং শিলচৰ ৰে’লপথচোৱা সম্পূৰ্ণ ৰূপে স্বাভাৱিক হৈ উঠিছে । আনকি বুধবাৰৰ পৰা আৰম্ভ হৈছে উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই বাতিল কৰি ৰখা সকলো যাত্ৰীবাহী ৰে’লৰ চলাচলো ৷ এই বাতৰিয়ে এতিয়া আশাৰ বতৰা লৈ কঢ়িয়াই আনিছে পাহাৰীয়া জিলাখনৰ লোকসকললৈ ৷
ইতিমধ্যে সকলোৰে জ্ঞাত যে, জাতিংগা লামপুৰ অংশৰ মাটি অত্যন্ত দুৰ্বল আৰু ভূমিস্খলন হোৱাৰ সম্ভাৱনা প্ৰবল । বিগত 26 এপ্ৰিলৰ দিনা লামডিং-শিলচৰ পাহাৰ লাইনৰ হাৰেংগাঝাও আৰু জাতিংগা লামপুৰ ষ্টেচনৰ মাজৰ 110/7 কিলোমিটাৰ এলেকাত ৰে’ল লাইনৰ তলৰ মাটি বহি যোৱাৰ বাবে এখন মালবাহী ৰে’লৰ চকা লাইনচ্যুত হয় । যাৰ ফলত লামডিং-শিলচৰ পাহাৰ লাইনটোত ৰে’ল চলাচল কৰাৰ বাব বিপৰ্যস্ত হৈ পৰে ৷
স্বাভাৱিক হৈ উঠিছে লামডিং শিলচৰ ৰে’লপথচোৱা (ETV Bharat Assam) ইয়াৰ পাচৰ পাচতে মালবাহী ৰে’লগাড়ীৰ চলাচল বন্ধ কৰি ৰাখিছিল ৰে’ল কৰ্তৃপক্ষই ৷ অৱশ্যে উক্ত ৰে’লপথচোৱাৰে দূৰণিবটীয়া যাত্ৰীবাহী ৰে’লগাড়ীৰ অব্যাহত ৰাখিছিল ৰে’ল কৰ্তৃপক্ষই ৷ কিন্তু বাতিল কৰা হৈছিল শিলচৰ-গুৱাহাটী-শিলচৰ, শিলচৰ ৰঙিয়া শিলচৰ, গুৱাহাটী বদৰপুৰ গুৱাহাটী, গুৱাহাটী দুল্লভচৰা গুৱাহাটী, শিলচৰ নিউ তিনিচুকীয়া শিলচৰ, শিলচৰ নাহাৰলগুন শিলচৰ আৰু গুৱাহাটী আগৰতলা গুৱাহাটী যাত্ৰীবাহী ৰে’ল গাড়ীসমূহৰ চলাচল ।
বৰ্তমান পূৰ্বৰ স্থিতি ঘূৰি আহিছে ৷ যাৰ বাবে বুধবাৰৰ পৰা লামডিং-শিলচৰ পাহাৰ লাইনত উত্তৰ-পূব সীমান্ত ৰে’লৱে বাতিল কৰা সকলো যাত্ৰীবাহী ৰে’লৰ চলাচল স্বাভাৱিক হৈ উঠে । ৰে’লৰ চলাচল বন্ধ হৈ থকাৰ বাবে ডিমা হাছাও জিলা আৰু বৰাক উপত্যকাৰ ৰে’ল যাত্ৰীয়ে ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও বৰ্তমান তেওঁলোকে সকাহ লাভ কৰিছে ।
লগতে পঢ়ক :ক্ষীপ্ৰ গতিত চলিছে লামডিং-শিলচৰ পাহাৰ লাইনৰ কাম - lumding to silchar Train