দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষই দিয়া তথ্য অনুসৰি, ৰাজ্যখনত থকা মুঠ ৫৫টা নিয়োগ বিনিময় কেন্দ্ৰত ৩৬,৪৬,৬৯৫ গৰাকীয়ে আবেদন কৰিছিল যদিও ইয়াৰে ৬৯,৫৫৮ গৰাকীৰ আবেদন বাতিল আৰু ২,৯৪৯ গৰাকীৰ আবেদন বিবেচনাধীন হৈ আছে । মুঠ আবেদনৰ ভিতৰত ৩৫,৭৩,৯৫৫ গৰাকীৰ আবেদন পঞ্জীয়ন কৰা হৈছে । আবেদনকাৰীসকলৰ ভিতৰত ৫৭.৭ শতাংশ অর্থাৎ ২১,০৩,৪১৮ গৰাকী পুৰুষ আৰু ৪২.৩ শতাংশ অর্থাৎ ১৫,৪২,৬৮১ গৰাকী মহিলা ।
ৰাজ্যত ক'ত কিমান নিবনুৱা ? শীৰ্ষত গুৱাহাটী
জিলা হিচাপত নিবনুৱাৰ সংখ্যা (ETV Bharat Assam)
লক্ষণীয় বিষয় যে ২০২৩ চনৰ ৩ ডিচেম্বৰ পর্যন্ত ৰাজ্যখনত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২১ লাখ তিনি হেজাৰ ২৫ গৰাকী । সেইদৰে ২০২১ চনৰ ছেপ্টেম্বৰ পৰ্যন্ত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২২,০০,১২৫ গৰাকী । আনহাতে, ২০২০ চনত ২০,৮০,৭৬৭ গৰাকী আৰু ২০১৯ ৰাজ্যত ২০,৪৭,১৯৫ গৰাকী নিবনুৱা পঞ্জীয়নভুক্ত আছিল । পূৰ্বৰ সেই সকলো সংখ্যা চেৰ পেলাই নিবনুৱাৰ সংখ্যাই ৩৫ লাখ অতিক্ৰম কৰি পুনৰবাৰ ৰাজ্যখনত ছানি ধৰা নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপটো প্ৰতিফলিত কৰিছে ।
উল্লেখ্য যে পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাৰে শীৰ্ষত আছে গুৱাহাটী । গুৱাহাটীত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ৩ লাখৰো অধিক । সেইদৰে নিয়োগ বিনিময় কেন্দ্ৰ বৰপেটাত ২,১৭,৫০৪ গৰাকী, নলবাৰীত ২,০৫,৭৪৫ গৰাকী, লখিমপুৰত ১,৬৪,৯৩৮ গৰাকী, শিলচৰত ১,৫৯,৯৪৩ গৰাকী, যোৰহাটত ১,৫১,৯৪৪ গৰাকী, ধুবুৰীত ১,৩৫,৩০৪ গৰাকী, শিৱসাগৰত ১,২৫,২৫১ গৰাকী, মঙলদৈত ১,১৩,৭৭২ গৰাকী, গোলাঘাটত ১,১২,৬৬৫ গৰাকী, তেজপুৰত ১,০৬,৩৯৩ গৰাকী আৰু কোকৰাঝাৰত ১,০১,৪৯০ গৰাকী নিবনুৱা পঞ্জীয়নভুক্ত হৈ আছে ।
নিবনুৱাৰ শিক্ষাগত অৰ্হতা
কি ডিগ্ৰীৰ কিমান নিবনুৱা আছে তাৰ তথ্য (ETV Bharat Assam)
দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ তথ্য অনুসৰি, পঞ্জীয়নভুক্ত ৩৫,৭৩,৯৯৫ গৰাকী নিবনুৱাৰ ভিতৰত ৪,৪১,০৯৩ গৰাকী বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ আছে । আনহাতে, ৩১,৩২,৯২০ গৰাকী সম্পূৰ্ণৰূপে নিবনুৱা তথা তেওঁলোকে কোনো কাম-বন নকৰে বুলি আবেদনৰ সময়ত তথ্য দাখিল কৰিছে । পঞ্জীয়নভুক্ত এই ৩৫ লক্ষাধিক নিবনুৱাৰ ভিতৰত স্নাতক ডিগ্ৰীধাৰী নিবনুৱাৰ সংখ্যা হৈছে ৭,৩৪,৯৩১ গৰাকী । একেদৰে স্নাতকোত্তৰ ডিগ্ৰীধাৰী ১,০৬,২৩৫ গৰাকী, উচ্চতৰ মাধ্যমিক উত্তীর্ণ ১২,৯৯,৫৩১ গৰাকী, দশম শ্রেণী উত্তীর্ণ ৪,৮৮,৩৩৩ গৰাকী । তদুপৰি ঔদ্যোগিক শিক্ষা লাভ কৰা তথা আই টি আই উত্তীর্ণ ১৪,১০১ গৰাকী, ডক্টৰেট ডিগ্ৰীধাৰী ৮০৪ গৰাকী নিবনুৱা আছে ।
অৰ্থনৈতিক সমীক্ষা, অসমৰ ২০২৩-২৪ বৰ্ষৰ তথ্য
অৰ্থনৈতিক ছাৰ্ভে অসমৰ ২০২৩-২৪ বৰ্ষৰ তথ্যতো অসমৰ ভয়াৱহ নিবনুৱাৰ সমস্যাটোকে প্ৰতিফলিত কৰিছে । তথ্য অনুসৰি, ২০১৯ চনত ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২০,৪৭,১৯৫ গৰাকী । ২০২০ চনত এই সংখ্যা আছিল ২০,৮০,৭৬৭ গৰাকী । আনহাতে, ২০২১ চনত এই সংখ্যা আছিল ২২,০০,১২৫ গৰাকী । কিন্তু ২০২২ চনত প্ৰায় ১০ লাখ বৃদ্ধি হৈ এই সংখ্যা হৈছিল ৩২,৩৪,৭৩৮ গৰাকী । অৱশ্যে ক'ভিডৰ প্ৰভাৱৰ বাবে নিবনুৱাৰ সংখ্যা এনেদৰে বৃদ্ধি পাইছিল ।
কিন্তু শেহতীয়াকৈ ৰাজ্যখনত পুনৰ ভয়াৱহ হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাব ধৰিছে । ৩৫ লাখৰ ঘৰ অতিক্ৰম কৰিছে নিবনুৱাৰ সংখ্যাই । চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আছে যদিও ভয়াৱহ হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ সচেতন মহল ।
প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ প্ৰতিক্ৰিয়া
ৰাজ্যখনত ভয়াৱহ নিবনুৱা সমস্যা সন্দৰ্ভত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে নিজৰ প্ৰতিক্ৰিয়াত কয়, "বিজেপি চৰকাৰে বছৰি পাঁচ লাখকৈ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল । নিৰ্বাচনৰ সময়ত বিজেপিৰ অন্যতম ইছ্যু আছিল নিবনুৱা সমস্যাৰ সমাধান । কিন্তু এতিয়া বছৰি পাঁচ লাখ চাকৰি দিয়াৰ কথাটো বাদেই, নিয়োগ বিনিময় কেন্দ্ৰত ৩৫ লাখৰ ওপৰত নিবনুৱাৰ নাম পঞ্জীয়ন হৈ আছে ।"
তেওঁ লগতে উল্লেখ কৰে, "তদুপৰি পঞ্জীয়ন নকৰাকৈ বহুত নিবনুৱা আছেই । এই সমস্যা থকাৰ পাছতো মুখ্যমন্ত্রীয়ে দম্ভালি মাৰি কৈ থাকে যে অসমৰ বিকাশ হৈছে তথা যুৱপ্ৰজন্মৰ মুখত হাঁহি বিৰিঙিছে । মুখ্যমন্ত্রীয়ে কেৱল অপপ্ৰচাৰ চলাই থাকে । এটা চাকৰিৰ বাবে হাজাৰ হাজাৰ ল'ৰা-ছোৱালীয়ে আবেদন কৰিবলগীয়া হৈছে । সেইদৰে স্নাতকোত্তৰ ডিগ্ৰীধাৰীয়ে চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আবেদন কৰিবলগীয়া হৈছে । অসমখনৰ যে উন্নয়ন হোৱা নাই, যুৱপ্ৰজন্মৰ যে সংস্থাপন হোৱা নাই সেই কথা চৰকাৰী তথ্যবোৰতে দেখিবলৈ পোৱা যায় ।"
মুখ্যমন্ত্ৰীৰ ব্যৰ্থতা উদঙাই তেওঁ কয়, "আমি কৈ আহিছোঁ যে এইগৰাকী এগৰাকী ব্যৰ্থ মুখ্যমন্ত্রী । এইখন চৰকাৰ ধাৰৰ ওপৰত চলি আছে । মুখ্যমন্ত্রীয়ে তথ্যৰ বিপৰীতে গাৰ জোৰেৰে মিছাটো সঁচা কৰিব বিচাৰে । এইখন চৰকাৰৰ কোনো অৰ্থনৈতিক ৰোডমেপ নাই । যাৰ বাবে আজি ৰাজ্যখনৰ এই অৱস্থা হৈছে । মুখ্যমন্ত্রীয়ে মূল বিষয়বোৰত গুৰুত্ব দিয়াৰ বিপৰীতে সস্তিয়া তথা তৰল মন্তব্যৰে সেইবোৰৰ পৰা আঁতৰি থাকে ।"
চি পি আই এম এলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে কি ক'লে
ৰাজ্যখনৰ ভয়াৱহ নিবনুৱা সমস্যা সন্দৰ্ভত চি পি আই এম এলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে কয়, "চৰকাৰে নিবনুৱাৰ সংখ্যা বৃদ্ধিত যথেষ্ট উৎসাহ জনাইছে । নিবনুৱা সমস্যা সমাধান বিজেপিৰ অন্যতম প্রতিশ্রুতি আছিল । কিন্তু এতিয়া দেখা গৈছে যে নিবনুৱা সৃষ্টিৰ মূল কাৰণ বিজেপি নিজেই । অসমত উদ্যোগীকৰণ হোৱাৰ বিপৰীতে থকাকেইটাকে বিজেপি চৰকাৰে বন্ধ কৰিলে । অসমত যিকেইটা উদ্যোগ আছিল প্ৰায় বন্ধই হৈ গ'ল । নতুন উদ্যোগ স্থাপনৰ ক্ষেত্রত চৰকাৰখনৰ কোনো উদ্যোগ আমি দেখা নাই ।"