গুৱাহাটী, ২৮ জুন : নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকত 22 বিধ ব্যঞ্জনৰ ব্যৱস্থা কৰি মুখ্যমন্ত্ৰীৰ ধমক খালে জিলা আয়ুক্তই ৷ এতিয়া মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৈছে সংবাদ মাধ্যমতহে খাদ্য তালিকাখন ভুলকৈ প্ৰচাৰ হ’ল ৷ সেয়ে মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ প্ৰতি আহ্বান জনাইছে এই সম্পৰ্কে স্পষ্টীকৰণ দিবলৈ ৷
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে সংবাদ মাধ্যমত প্ৰচাৰিত ব্যঞ্জনৰ গোটেইখিনি কেবিনেট বৈঠকত নাছিল ৷ নলবাৰীৰ থলুৱা খাদ্যহে খুওৱা হৈছিল ৷ সাধাৰণ জনতাৰ মাজত সংবাদ মাধ্যমে ভুলকৈ প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি স্পষ্টীকৰণৰ জৰিয়তে সাধাৰণ জনতাৰ মনত থকা ভুল আঁতৰোৱাৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনালে সংবাদ মাধ্যমৰ প্ৰতি ৷
মন্ত্ৰী মল্লবৰুৱাই কয়, ‘‘নিউজটো বেলেগকৈ ওলাইছে ৷ তাত কোনো ব্যয়বহুল ম্যেনু নাছিল ৷ কলডিলৰ ভজি, তিলৰ চাটনি, পদিনাৰ চাটনি আদিবোৰ থলুৱা খানা ৷ নলবাৰীৰ আয়ুক্তই ঘৰুৱা খানা খুৱাবলৈ বিচাৰিছিল ৷ খুউব কম ব্যয়ৰ মাজেৰে হৈছে ৷ সাধাৰণ ভাত আৰু ৰুটিৰ বাদে তাত বিৰিয়ানী, পোলাও নাছিল ৷ ম্যেনুত লিখা বস্তুবোৰ তাত নাই ৷ ঢেঁকীয়া ভাজি, মাছ, খাচী মাংস, তিল বটা ইত্যাদি আছিল । সংবাদ মাধ্যমত প্ৰচাৰিত তালিকাখন সত্য নহয় । ৰেডিশ্যন বা তাজৰ পৰা ৰান্ধনী নি বনোৱা নাই ৷’’
লগতে পঢ়ক:খাহীৰ তেলেৰে মাহৰ দাইলৰ ভোজ খুৱাই ধমক খালে বৰ্ণালী ডেকাই : জিলা আয়ুক্তলৈ মুখ্যমন্ত্ৰীৰ পত্ৰ
নলবাৰীৰ ৰান্ধনীৰ দ্বাৰা নলবাৰীৰ থলুৱা খাদ্য হে খোৱাৰ চেষ্টা কৰা হৈছিল বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় নলবাৰীৰ এজন সাধাৰণ ৰান্ধনীয়ে প্ৰস্তুত কৰিছিল খাদ্য । সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত মুখ্যমন্ত্ৰীয়ে অসন্তুষ্টি ব্যক্ত কৰিছে ৷