অসম

assam

ETV Bharat / state

আমি চাই-চিতিহে উৰণসেতু নিৰ্মাণ কৰিছো: গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ - BHOGDOI BRIDGE FLYOVER

২০২৫ চনৰ ডিচেম্বৰত ভোগদৈ-বৰুৱা চাৰিআলি সংযোগী উৰণসেতুৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ব ৷ যোৰহাটত শীঘ্ৰেই আৰম্ভ হ’ব চুপাৰ স্পেচিয়েলেটি হাস্পতালৰ নিৰ্মাণকাৰ্য ।

BHOGDOI BRIDGE FLYOVER
যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 14, 2024, 4:41 PM IST

যোৰহাট:শুকুৰবাৰে যোৰহাটত কেইবাটাও অভিলাসী আঁচনি আৰু প্ৰকল্পৰ শুভাৰম্ভ কৰা পিছত নিশাৰ ভাগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত নিৰ্মাণ হৈ থকা উৰণসেতুস্থলীত ।

নিৰ্মীয়মান উৰণসেতুখন পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কামৰ অগ্ৰগতিৰ বুজ লয় ৷ ইয়াৰ পাছত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ফেব্ৰুৱাৰী মাহৰ শেষৰ পিনে ৰে’লৱে অভাৰব্ৰীজ আৰু আৰবীক ৰাইজৰ বাবে মুকলি কৰা হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷

যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, "নিৰ্মীয়মান এই অভাৰব্ৰীজখন ৰে’লৱে ট্ৰেকৰ ওপৰেৰে নিৰ্মাণ হোৱাৰ বাবে ৰে’ল বিভাগৰ বহু গাইডলাইন পূৰণ কৰিব লগা হৈছে, সেইবাবে ইয়াৰ নিৰ্মাণত অলপ বেছি সময় লাগিছে ।" আনহাতে অসমত বেছি উৰণসেতু হ'ব নালাগে বুলি সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, "আমি চাই মেলিহে উৰণসেতু নিৰ্মাণৰ কাম আৰম্ভ কৰিছো ৷"

লগতে পঢ়ক:২০১৪ৰ পিছত অসমত প্ৰৱেশ কৰা কোনো লোকে নাপায় আধাৰ কাৰ্ড: যোৰহাটত মুখ্যমন্ত্ৰী

তেওঁ লগতে কয়, "যোৰহাট নগৰৰ মাজত বৰ্তমান নিৰ্মাণ হৈ থকা উৰণসেতুখনৰ নিমাণকাৰ্য ২০২৫ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব । যোৰহাটৰ উৰণসেতু ৰাইজৰ বাবে মুকলি কৰা উদ্বোধনী অনুষ্ঠানলৈ গৌৰৱ গগৈ আহিব নালাগে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে নিশাৰ ভাগতেই যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ সভাগৃহত অধ্যক্ষ, অধ্যাপক-অধ্যাপিকাৰ পৰা অভাৱ-অভিযোগৰ বুজ লয় ৷ আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় চৌহদত চুপাৰ স্পেচিয়েলেটি হাস্পতালৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:ভূপেন বৰাই মোক নোবেল বঁটা দিব লাগে : কিয় ক'লে মুখ্যমন্ত্ৰীয়ে ?

ABOUT THE AUTHOR

...view details