তেজপুৰ, ১১ অক্টোবৰ :'অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল-সুউজ্জ্বল কহিনুৰ পিন্ধি, হাঁহি জ্যোতিৰূপা হ'ব...'। হয়, অসমীয়া ভাষাই ইতিমধ্যে জগত সভাত বৰপীৰা পাৰি বহিছে । কিন্তু বাকী আছিল এক বিশেষ স্বীকৃতিৰ । যি স্বীকৃতিয়ে সুৱদী সুৰীয়া ভাষাটোক অধিক নিগাজী কৰি ভাৰতীয় ভাষাৰ উৰ্বৰ ক্ষেত্ৰত ফলে-ফুলে জাতিষ্কাৰ হোৱাৰ সুবিধা প্ৰদান কৰিব । অৱশেষত সেই স্বীকৃতিও আহিল । দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাথোঁ কেইদিনমান পূৰ্বে আইৰ মুখৰ ভাষাটোৱে লাভ কৰে ভাৰতীয় ধ্ৰুপদী ভাষাৰ স্বীকৃতি । এইহেন মধুৰ মুহূৰ্ত জানো উদযাপন নকৰাকৈ থাকিব পাৰি ? তাৰ বাবেই এক বিশেষ পদক্ষেপ এখন পূজা সমিতিৰ ।
যেনেদৰে দুৰ্গা পূজাত দেৱী বন্দনাত মুখৰিত হয়- 'যা দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা... নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ', তেনেদৰে অসমীয়া ভাষাৰ বন্দনা হৈছে এটা বিশেষ পূজা মণ্ডপত । অসমীয়া ভাষাৰ লিপিৰ পৰা, প্ৰথিতযশা সাহিত্যিক, ভাষাৰ ওজা-কাণ্ডাৰী-সাধক, সেৱক তথা প্ৰচাৰকৰ পৰা আৰম্ভ কৰি, গুৰুকুল, গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগ, বিভিন্ন বাণী আৰু শিক্ষাৰ লগত জড়িত বিভিন্ন উপাদান- সকলো আছে এই পূজা মণ্ডপত । যাৰ বাবে এতিয়া সকলোৰে পৰা সাধুবাদ লাভ কৰিছে এই বিশেষ পূজাভাগৰ আয়োজক সমিতিয়ে । আধ্যাত্মিকতাৰ লগতে ভাষা-সংস্কৃতি চৰ্চাৰ যি এক মধুমিলন ঘটাইছে, সেয়া এবাৰ দৰ্শন কৰি সকলো ভক্ত তথা সাধাৰণ ৰাইজ পুলকিত হৈ পৰিছে ।
হয়, এইখন হৈছে তেজপুৰ চহৰৰ এখন ব্যতিক্ৰমী পূজাথলী । তেজপুৰ নেপালীপট্টিস্থিত মধ্য তেজপুৰ যুৱক সংঘই অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভক বিষয়বস্তু হিচাপে লৈ তৈয়াৰ কৰিছে এক বিশেষ পূজা মণ্ডপ । যাক লৈ এতিয়া সৰ্বত্ৰে চর্চা লাভ কৰিছে এই বিশেষ পূজাখনে ।
১৯৬৩ চনত তেজপুৰৰ নেপালীপট্টি অঞ্চলত মধ্য তেজপুৰ যুৱক সংঘই আৰম্ভ কৰা শাৰদীয় দুৰ্গা পূজাৰ আলোকসজ্জা তথা আকৰ্ষণীয় তোৰণ আদিয়ে বিশেষ গুৰুত্ব লাভ কৰি আহিছে ।