অসম

assam

ETV Bharat / state

পুথিভঁৰালৰ আৰ্হিত পূজা মণ্ডপ, ক'ত আছে এই মণ্ডপটি ?

Durga Puja 2024: এটা গ্ৰন্থাগাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে দুৰ্গা পূজাৰ বিশেষ মণ্ডপ । নৱপ্ৰজন্মলৈ অসমীয়া গ্ৰন্থ অধ্যয়নৰ আহ্বান জনাই নিৰ্মাণ কৰা হৈছে মণ্ডপটি ।

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 9:19 PM IST

Tezpur puja pandal built with the theme of library and book
পুথিভঁৰালৰ আৰ্হিত পূজা মণ্ডপ (ETV Bharat Assam)

তেজপুৰ,১১অক্টোবৰ:পূজাৰ মণ্ডপত বিভিন্ন আয়োজক কমিটীয়ে প্ৰতি বছৰে বিভিন্ন এটা বার্তা প্ৰেৰণ কৰিব পৰাকৈ এখন পূজা অনুষ্ঠিত কৰা দেখা যায় । ব্যতিক্ৰম নহয় তেজপুৰ চহৰৰ মাজ মজিয়াৰ এখন পূজা মণ্ডপ । তেজপুৰত অনুষ্ঠিত হোৱা ডেৰ শতাধিক দুৰ্গাপূজাৰ ভিতৰত সৰ্বসাধাৰণৰ বাবে দীৰ্ঘ সময়জুৰি এইখন পূজাস্থলী আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে । তিনিবছৰ পূৰ্বলৈকে একেৰাহে আঠবাৰকৈ এইখন পূজাই লাভ কৰি আহিছে শ্ৰেষ্ঠ পূজাস্থলীৰ সন্মান ।

যোৱা তিনিবছৰে এইধৰণৰ সামাজিক বাৰ্তাৰে এই পূজাখন অনুষ্ঠিত হোৱা নাছিল যদিও এইবাৰ পুনৰ এইখন পূজাই পূৰ্বৰ দৰেই এক বিশেষ সামাজিক বাৰ্তা প্ৰেৰণ কৰিছে । মনকৰিবলগীয়া যে, অঞ্চলটোৰ সকলো লোকেই বছৰি জমাকৰা ধন আৰু শ্ৰমদানৰে এইখন পূজাৰ আয়োজন কৰি আহিছে বিগত ২৪ বছৰে । কেতিয়াবা যদি মাটিৰ কলহ,আন কেতিয়াবা আকৌ পাচি, ডলা, চালনী কিম্বা তেলৰ টিন, ছাতি নতুবা চাইকেলৰ ৰিং আদিৰে দৃষ্টিনন্দন মণ্ডপ নিৰ্মাণ কৰি ৰাইজৰ বাবে এক বিশেষ পূজাস্থলী হিচাপে তেজপুৰত পৰিচিত হৈ পৰা দুৰ্গাবাড়ী সাৰ্বজনীন দুৰ্গাপূজাখনৰ মণ্ডপ নিৰ্মাণৰ গুৰি ধৰি আহিছে কলা নিৰ্দেশক তাপস দাসে ।

পুথিভঁৰালৰ আৰ্হিত পূজা মণ্ডপ (ETV Bharat Assam)

এইবাৰো দাসে ৰাইজৰ আহ্বান মৰ্মে এই মণ্ডপক এখন গ্ৰন্থৰ পৃথিৱীলৈ পৰ্যবসিত কৰিছে । এটা গ্ৰন্থাগাৰৰ আৰ্হিত মণ্ডপ নিৰ্মাণ কৰিছে দাসে । উল্লেখযোগ্য যে, কীৰ্তন নামঘোষাৰ পৰা আহোমৰ বুৰঞ্জী, মৰমৰ দেউতা, মহাদুষ্টৰ দুষ্ট বুদ্ধি, দেওলাংখুই, মাকাম, অসীমত যাৰ হেৰাল সীমা, ইয়াৰুইঙ্গম, কিতাপ পঢ়াৰ আনন্দ, ৰামায়ণ, মহাভাৰত, বিষ্ণু ৰাভাৰ ৰচনাৱলীকে ধৰি অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰা প্ৰায় আঢ়ৈ হেজাৰ গ্ৰন্থৰ আৰ্হিৰে সজোৱা হৈছে এই বিশেষ মণ্ডপটো ।

বিশেষ মণ্ডপটোৰ কলা নিৰ্দেশক তাপস দাসে কয় যে,"এইখন পূজাৰ বাজেট এইবাৰ আঠলাখ টকা ধাৰ্য কৰা হৈছিল যদিও ইমান টকা সংগ্ৰহ হোৱা নাই । ৰাইজৰ সিদ্ধান্ত অনুসৰিয়েই এইবাৰ অসমীয়া ভাষা সাহিত্যৰ স্বাৰ্থত অসমীয়া গ্ৰন্থ অধ্যয়ন কৰাটো যে আৱশ্যক সেই বাৰ্তা নতুন প্ৰজন্মক দিবলৈ বিচৰা হৈছে । এতিয়া কিতাপ পঢ়া মানুহৰ সংখ্যা হ্ৰাস পাইছে, সকলো ব্যস্ত থাকে মোবাইল ফোনত ।"

দাসে লগতে কয়,“নতুন প্ৰজন্মই গ্ৰন্থাগাৰলৈ যোৱাৰ অভ্যাস গঢ়ি তোলক । অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত নতুন প্ৰজন্মই অসমীয়া সাহিত্যৰ মহামূল্যবান গ্ৰন্থসমূহৰ স’তে গ্ৰন্থাগাৰলৈ গৈ পৰিচয় হওঁক । জ্ঞানৰ অন্বেষণেই প্ৰকৃতাৰ্থত এক পূজা ।”

লগতে পঢ়ক:পূজা চাবলৈ আহক আৰু মনত ৰাখি যাওক কেইখনমান কিতাপৰ নাম - Duliajan unique Puja Pandal

দুৰ্গা পূজাৰ মণ্ডপত জিলিকিব বাঁহৰ কুলা-পাচি-জাপিৰ দৰে সম্পদ; ক’ত দেখা পাব এই মণ্ডপ ? - EXCEPTIONAL DURGA PUJA PANDAL

ABOUT THE AUTHOR

...view details