অসম

assam

ETV Bharat / state

গৰ্ভৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত আমগুৰি সামূহিক চিকিৎসালয়; চিকিৎসকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

চৰকাৰী চিকিৎসা ব্যৱস্থা কেনে চলিছে খবৰ ৰাখিছেনে বাৰু স্বাস্থ্যমন্ত্ৰীয়ে ? এখন চৰকাৰী চিকিৎসালয়ৰ এজন চিকিৎসকৰ বিৰুদ্ধে উঠা ভয়ংকৰ অভিযোগে অৱতাৰণা কৰিছে এই প্ৰশ্নৰ ৷

Pregnant Woman Dies After Following Wrong Medical treatment
চিকিৎসৰ ভুলৰ বাবে মৃত্যু সাতমাহৰ অন্তসত্ত্বা এগৰাকী প্ৰসূতি ! (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

আমগুৰি :চিকিৎসালয় নহয় যেন কচাইখানা ! ভগৱানৰূপে জ্ঞান কৰা চিকিৎসকে সুৰাপান কৰি মৃত্যুমুখলৈ ঠেলি দিলে এগৰাকী গৰ্ভৱতী মহিলাক ! এই অভিযোগ এগৰাকী মৃত প্ৰসূতিৰ পৰিয়ালৰ লোকৰ ৷ ঘটনাক কেন্দ্ৰ কৰি আমগুৰি সামূহিক চিকিৎসালয়ত বুধবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

জানিব পৰা মতে, এগৰাকী অন্তঃসত্বা মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । চিকিৎসকে সুৰাপান কৰি ভুল চিকিৎসা কৰাৰ বাবেই মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে । জানিব পৰা মতে, সাতমাহৰ অন্তঃসত্বা আছিল মহিলাগৰাকী ।

চিকিৎসৰ ভুলৰ বাবে মৃত্যু সাতমাহৰ অন্তসত্ত্বা এগৰাকী প্ৰসূতি ! (ETV Bharat Assam)

ঘটনাৰ বিৱৰণী অনুসৰি, অন্তঃসত্বা মহিলাগৰাকীৰ ৰক্তচাপ বৃদ্ধি পোৱাৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ পৰিয়ালৰ লোকৰ সৈতে আমগুৰি সামূহিক চিকিৎসালয়লৈ আহে ৷ সেই সময়তে চিকিৎসালয়লৈ আহিছিল আন এগৰাকী বৃদ্ধ ৰোগী ৷ দুয়োগৰাকী ৰোগীকে একেলগে স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত চিকিৎসক ৰণদীপ ফুকনে বৃদ্ধ ৰোগীগৰাকীলৈ বুলি অনা বেজী অন্তঃসত্বা মহিলাগৰাকীক দিয়ে ৷ এই কথা বৃদ্ধাগৰাকীৰ সৈতে অহা এজন লোকে জনাইছে ৷

লগতে পঢ়ক :চিকিৎসালয়ৰ ভিতৰতে কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ; পাঁচ লাখ টকা দাবী আক্ৰমণকাৰীৰ - Miscreants attack on doctor

চিকিৎসক ফুকনে অন্তঃসত্বা মহিলাগৰাকীক বেজী দিয়াৰ পাচতে তেওঁৰ স্বাস্থ্য ক্ৰমাৎ অৱনতি ঘটে ৷ আনকি তেওঁৰ নাকে-মুখে ফেন বাহিৰ হ’বলৈ ধৰে ৷ অন্তঃসত্বা মহিলাগৰাকীৰ এনে অৱস্থা দেখি চিন্তিত হৈ পৰে তেওঁৰ আত্মীয় ৷ তাৰ পাচতে আমগুৰি সামূহিক চিকিৎসালয়ত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হ’বলৈ ধৰে ৷

ইফালে অন্তঃসত্বা মহিলাগৰাকীৰ এনে অৱস্থা দেখি বৃদ্ধ ৰোগীগৰাকীৰ পৰিয়ালে তেওঁক তাৎক্ষণিকভাৱে হাস্পতালৰ পৰা অন্য এখন হাস্পতাললৈ লৈ যায় ৷ প্ৰসূতি আৰু বৃদ্ধ ৰোগীগৰাকীৰ আত্মীয়ই অভিযোগ কৰা মতে, চিকিৎসক ৰণদীপ ফুকনে মদ্যপান কৰি ভুল চিকিৎসা কৰিছিল ৷ যাৰ বাবে প্ৰসূতিগৰাকীৰ মৃত্যু হয় ৷

ইফালে ঘটনাক কেন্দ্ৰ কৰি প্ৰসূতিগৰাকীৰ আত্মীয় আৰু চিকিৎসক ৰণদীপ ফুকনৰ মাজত হতাহতিও হয় । পৰৱৰ্তী সময়ত উক্ত স্থানত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

এতিয়া প্ৰশ্ন হয়, প্ৰকৃততে কাৰ ভুলৰ বাবে প্ৰসূতিগৰাকীৰ মৃত্যু হ’ল ? ভগৱান বুলি জ্ঞান কৰা চিকিৎসকেই বৰ্তমান সময়ত দানৱৰ ৰূপ ধাৰণ কৰিছে নেকি ! এই ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক :চিকিৎসকৰ গুণ্ডাগিৰি, চোকা অস্ত্ৰৰে প্ৰহাৰ কৰিবলৈ উদ্যত এম্বুলেন্সৰ চালকক - Doctor s hooliganism

ABOUT THE AUTHOR

...view details