অসম

assam

ETV Bharat / state

বনাঞ্চল ধ্বংস কৰি নগাই চলাইছে উপদ্ৰৱ, বাটলু গুটিৰে আক্ৰমণ সাংবাদিকক

Naga Aggression in Merapani : চি আৰ পি এফৰ নিৰ্দেশকো আওকাণ কৰি নগা দুৰ্বৃত্তই চলাইছে অসমৰ ভূমিত বেদখল ৷ ঘটনাস্থলীত পলমকৈ উপস্থিত আৰক্ষী-প্ৰশাসনৰ লোক ৷ সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো বাটলু গুটিৰে আক্ৰমণৰ চেষ্টা নগাৰ । শ শ নগা পুৰুষ-মহিলাই এফালৰ পৰা কাটি তহিলং কৰিছে গছ-গছনি । ক্ষান্ত হোৱা নাই নগা ।

Terror of Naga miscreants
বনাঞ্চল ধ্বংস কৰি নগাই চলাইছে উপদ্ৰৱ, বৰ্তমানেও ঘটনাস্থলীত উপস্থিত হোৱা নাই আৰক্ষী-প্ৰশাসনৰ লোক

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 12:09 PM IST

Updated : Mar 15, 2024, 2:32 PM IST

বনাঞ্চল ধ্বংস কৰি নগাই চলাইছে উপদ্ৰৱ, নিৰ্বিকাৰ আৰক্ষী-প্ৰশাসন

মেৰাপানী, 15 মাৰ্চ:অসমৰ ভূমিত অব্যাহত নগাৰ দপদপনি ৷ প্ৰায় সময়ে অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত বাস কৰা অসমীয়া লোকৰ ভূমিত নগা দুৰ্বৃত্তই তাণ্ডৱ চলাই লিপ্ত হৈছে ভূমি বেদখল কাৰ্যত ৷

বৃহস্পতিবাৰে অনুৰূপ ঘটনাৰ সৃষ্টি হয় গোলাঘাট জিলাৰ অসম-নগালেণ্ড সীমান্তৰ মেৰাপানী অঞ্চলত ৷ ঘটনাৰ বিৱৰণ অনুসৰি নগা দুৰ্বৃত্তই স্থানীয় লোকৰ ভূমিত উপদ্ৰৱ চলোৱাক লৈ মেৰাপানী সীমান্তত সৃষ্টি হৈছে পুনৰ উত্তেজনাময় পৰিস্থিতিৰ । ঘটনাস্থলীত পলমকৈ আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত হৈছে যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই ৷

মেৰাপানী অঞ্চলৰ 1 নং ওপৰ তৰাণি গাঁৱত অসমীয়া লোকৰ বাৰীত গছ-বন কাটি তহিলং কৰাৰ অভিযোগ উত্থাপিত হৈছে নগাৰ বিৰুদ্ধে । জানিব পৰা মতে, সীমান্তৰ স্থানীয় বাসিন্দা জীতেন চুতীয়া, ভূৱন শইকীয়া, কৃষ্ণ গগৈৰ বাৰীত শ শ নগাই অনাধিকাৰ প্ৰৱেশ কৰি উপদ্ৰৱ চলাইছে । কাটি তহিলং কৰিছে মূল্যবান গছ-গছনি ৷

ঘটনাস্থলীত 142 নং চি আৰ পি এফ বাহিনী উপস্থিত হৈছে যদিও পৰিস্থতি অধিক অৱনতি ঘটাৰ আশংকা কৰিছে স্থানীয় লোকে । ঘটনা সন্দৰ্ভত স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰিছে ৷ প্ৰশাসনৰ সোপাঢিলা নীতিৰ বাবেই চুবুৰীয়া ৰাজ্যখনৰ পৰা দুৰ্বৃত্তই বিনা বাধাই অসমত প্ৰৱেশ কৰি এনেদৰে থলুৱা লোকৰ সা-সম্পত্তি ক্ষতিগ্ৰস্ত কৰি তেওঁলোকক ভয় খুৱাই অহাৰ লগতে অসমীয়াৰ ভূমিত বেদখল চলাইছে বুলি কয় ভুক্তভোগীয়ে ৷

স্মৰ্তব্য যে, অসম-নগালেণ্ডৰ সীমা বিবাদ আজি প্ৰায় 7 দশক জোৰা ৷ দুয়োখন ৰাজ্যৰ চৰকাৰে সীমা সমস্যা সমাধানৰ বাবে একাধিকবাৰ আলোচনাত মিলিত হৈছে যদিও এতিয়াও মাজে সময়ে অসম-নগালেণ্ড সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলসমূহত বাস কৰা অসমীয় লোকসকল বলি হৈছে নগাৰ আগ্ৰাসন-অত্যাচাৰৰ ৷ বিশেষকৈ আৰক্ষী-প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবেই এনে ঘটনাসমূহৰ পুনৰাবৃত্তি হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷

লগতে পঢ়ক:সীমান্তৰ শিল-বালি কঢ়িওৱা ডাম্পাৰৰ পৰা বলপূৰ্বক কৰ সংগ্ৰহ নাগালেণ্ড বন বিভাগৰ

Last Updated : Mar 15, 2024, 2:32 PM IST

ABOUT THE AUTHOR

...view details