মৰাণ, ১৯ ছেপ্টেম্বৰ:ধিঙৰ ধৰ্ষণ কাণ্ডৰ পাচতে উজনি অসমত একত্ৰিত হৈছে জাতীয়-জনগোষ্ঠীয় দল-সংগঠনসমূহ । ৰাজ্যত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত একাংশ সংখ্যালঘু মুছলমান লোক জড়িত থকা বুলি উঠা অভিযোগৰ পাচতে মিঞা মুছলমানক উজনি অসমৰ পৰা নিষিদ্ধ কৰাৰ দাবী জনাইছিল দল-সংগঠনে । আনকি ধিঙৰ ধৰ্ষণ কাণ্ডৰ ঘটনাৰ পাচতে মিঞা মুছলমানক সাত দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈও হুংকাৰ প্ৰদান কৰিছিল দল-সংগঠনে ।
শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পৰা মিঞা মুছলমানক কৰ্মক্ষেত্ৰ এৰি যাবলৈ বাধ্য কৰোৱা হৈছে । কিন্তু পুনৰ একাংশ বিভিন্ন ব্যৱসায়ীয়ে উজনি অসমলৈ গোপনে মিঞা শ্ৰমিকক অনা আৰম্ভ কৰাৰ অভিযোগ উঠিছে । ইয়াকে লৈ মৰাণৰ হিংৰিজান চাহ বাগিচাত মিঞাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । এণ্ড্ৰু য়ুল কোম্পানীৰ অধীনৰ হিংৰিজান বাগিচাত দৰমহা নিয়মিতভাৱে নোপোৱাৰ বাবে একাংশ শ্ৰমিকে বাগিচাত কাম কৰা নাছিল ।
যাৰ পৰিপ্ৰেক্ষিতত বাগিচাৰ পাত ডাঙৰ হৈ যোৱাৰ অজুহাততে বাগিচাৰ পৰিচালকে শিলিগুৰিৰ পৰা ২৫ জন মিঞা মুছলমানক আনি বৃহস্পতিবাৰে বাগিচাৰ পাত তোলা কামত লগায় । ইয়াতে খৰ্গহস্ত হৈ পৰে শ্ৰমিকসকলৰ লগতে শ্ৰমিক সংগঠনসমূহ । লগে লগে মিঞা মুছলমান খেদিবৰ বাবে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । মিঞা শ্ৰমিকসকলৰ লগতে বাগিচাৰ পৰিচালকক ঘেৰাও কৰে স্থানীয় চাহ শ্ৰমিক আৰু দল-সংগঠনসমূহে ।