মেৰাপানী, ২৩ এপ্ৰিল: কোন সঁচা, কোন মিছা ৷গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৰতনপুৰত সোমবাৰে নিশা এগৰাকী মহিলাৰ অস্বাভাৱিক মৃত্য়ুক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।
গাঁওখনৰ বিশ্বজিৎ বসুমতাৰী নামৰ লোকজনে পত্নী তৰালি দাসক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালৰ লোকে । এই ঘটনাৰ পিচতেই মঙলবাৰে মৃত তৰালী দাসৰ পৰিয়ালৰ লোক আৰু আত্মীয়ই বিশ্বজিৎ বসুমতাৰীক গ্ৰেপ্তাৰৰ লগতে ন্যায় বিচাৰৰ দাবীত মেৰাপানী থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।
উল্লেখ্য় যে, বিশ্বজিৎ বসুমতাৰী নামৰ যুৱকজনে এবছৰ পূৰ্বে বিয়া কৰাইছিল মেৰাপানীৰ নাৰায়ণপুৰ গাঁৱৰ প্ৰদীপ দাসৰ কন্যা তৰালি দাসক । বিয়াৰ পাচৰে পৰা বিশ্বজিৎ বসুমতাৰীয়ে যৌতুক হিচাপে এখন বাইক আৰু টকা-পইছা দাবী কৰি অহা বুলি অভিযোগ উত্থাপন কৰিছে তৰালি দাসৰ পৰিয়ালৰ লোকে ।