লখিমপুৰ, 27 জুন :লখিমপুৰ ৰঙা সংৰক্ষিত বনাঞ্চলত যুদ্ধংদেহী পৰিস্থিতি । লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰ বগীবিল এলেকাত অৰুণাচলীৰ আগ্ৰাসনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ গৈ বুধবাৰে ওৰে দিন থমকি ৰ’ব লগীয়া হ’ল লখিমপুৰৰ বিশাল নিৰাপত্তা বাহিনী ।
লখিমপুৰ ৰঙা সংৰক্ষিত বনাঞ্চলত যুদ্ধংদেহী পৰিস্থিতি (ETV Bharat Assam) উল্লেখ্য যে, ৰামপুৰ বগীবিল এলেকাত অৰুণাচলীয়ে পকী পথকে ধৰি বিনোদন কেন্দ্ৰ পৰ্যন্ত নিৰ্মাণ কৰা সন্দৰ্ভত মঙলবাৰে ইটিভি ভাৰত অসমত এক তথ্য সমৃদ্ধ প্ৰতিবেদন প্ৰকাশ হৈছিল । তাৰ পিছতে তৎপৰ হৈ পৰে লখিমপুৰ জিলা প্ৰশাসন ।
বুধবাৰে পুৱাই লখিমপুৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক, লখিমপুৰ বন সংমণ্ডল বিষয়াসহ বিশাল আৰক্ষী বাহিনী আৰু বনকৰ্মীৰ লগতে নাওবৈচা ৰাজহ চক্ৰ বিষয়াই উক্ত স্থানত উচ্ছেদ অভিযান চলাবলৈ উপস্থিত হয় ।
উচ্ছেদ চলাবলৈ গৈ অৰুণাচলীৰ বাধাত থমকি ৰল লখিমপুৰৰ বিশাল আৰক্ষী বাহিনী (ETV Bharat Assam) পিছে উচ্ছেদকাৰী বাহিনী দখলিকৃত এলেকাত উপস্থিত হোৱাত যতি পৰে । কিয়নো দখলিকৃত এলেকাৰ পৰা অসম ভূমিৰ দিশে থকা পথত নিশাই গাঁত খান্দি অৰুণাচলীয়ে যান বাহন যাব নোৱাৰা কৰি থয় । বুধবাৰে লখিমপুৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ উমান পাই নিশাই অৰুণাচলীয়ে এনেদৰে পথত হেঙাৰ সৃষ্টি কৰে । যাৰ বাবে অভিযানকাৰী থমকি ৰয় ।
লগতে পঢ়ক :অসমৰ ভূমিত অৰুণাচলীৰ গছপুলি ৰোপনক লৈ উত্তপ্ত ধেমাজি - Assam Arunachal border disputes
তাৰ পাচতে জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়া, ৰাজহ চক্ৰ বিষয়াই দখলিকৃত এলেকা পৰিদৰ্শন কৰিবলৈ যায় । তেওঁলোকে অৰুণাচলৰ স্থানীয় প্ৰশাসনৰে এক আলোচনাতো মিলিত হয় । এনেদৰে দিনটোৰ সৰহভাগ সময় উকলি যোৱাৰ পাচত বিয়লি উচ্ছেদ চলাবলৈ সাজু হয় লখিমপুৰ জিলা প্ৰশাসন । খান্দি ৰখা পথটো জেচিবিৰে পুতি বিশাল আৰক্ষী, অৰ্ধসামৰিক বাহিনী যান-বাহনসহ আগুৱাই যায় ।
লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলত উত্তেজনা। (ETV Bharat Assam) পিছে অসম ভূমিৰ যি স্থানত অৰুণাচলীয়ে নিৰ্মাণ কাৰ্য কৰিছিল, সেই স্থানত উচ্ছেদকাৰী বাহিনীৰ দলটো গৈ উপস্থিত হ’ব নোৱাৰিলে । তাৰ পূৰ্বেই একাংশ অৰুণাচলী লোক ওলাই আহি বাহিনীটোক আগুৱাই যোৱাত বাধা প্ৰদান কৰে । এক উত্তেজনাময় পৰিৱেশ সৃষ্টি হয় ।
অৰুণাচলী লোকসকলে উচ্ছেদকাৰী বাহিনীক বাধা প্ৰদান কৰি তুমুল তৰ্কবাদত লিপ্ত হোৱাৰ লগতে তেওঁলোকক উভটি যাবলৈ হুংকাৰ দিয়ে । হাতে হাতে দা, লাঠি, মাৰণাস্ত্ৰ লৈ ভাবুকি দিয়ে, বন ধ্বংসকাৰী অৰুণাচলী লোকসকলে । অৰুণাচলীৰ যুদ্ধংদেহী পৰিস্থিতি দেখি উচ্ছেদ চলোৱাৰ পৰা বিৰত থাকিবলৈ বাধ্য হয় আৰক্ষী, অৰ্ধসামৰিক তথা বনৰক্ষী বাহিনী ।
আৰক্ষী বিষয়া, ৰাজহ চক্ৰ বিষয়াই ইয়াৰ পাচতে পুনৰ অৰুণাচলৰ প্ৰশাসনীয় বিষয়াৰ সৈতে সন্ধিয়াৰ পূৰ্বে এক আলোচনাত মিলিত হয় । আলোচনাত কি সিদ্ধান্ত হয়, সেয়া এক সুকীয়া বিষয় হ’লেও বুধবাৰে সন্ধিয়া হোৱাৰ বাবে উচ্ছেদ অভিযান যে চলোৱাতো সম্ভৱ নহয় সেয়া নিশ্চিত ।
লগতে পঢ়ক :অব্যাহত অসম-অৰুণাচলৰ সীমা সমস্যা: চৰকাৰী বিষয়াক অপদস্থ কৰাৰ অভিযোগ - ARUNACHALI AGGRESSION IN ASSAM
অসম ভূমি দখল কৰি নিৰ্মাণ কাৰ্য কৰাৰ বাবে উচ্ছেদ চলাবলৈ গৈ এনেদৰে এটা বিশাল নিৰাপত্তা বাহিনী কেইজনমান অৰুণাচলীৰ হুংকাৰত ঘূৰি আহিব লগীয়া হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ ৰাজ্য চৰকাৰে এনে বেদখলীকৃত ভূমি কঠোৰ হাতেৰে উচ্ছেদ কৰি বেদখল মুক্ত কৰিবলৈ নিৰ্দেশ নিদিয়াৰ বাবে উচ্ছেদ অভিযান এনেদৰে ব্যৰ্থ হ’ব লগীয়া হ’ল বুলি সীমান্তবাসী অসমীয়া লোকে ক্ষোভ প্ৰকাশ কৰে ৷
উল্লেখ্য যে, লখিমপুৰ জিলা প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই উক্ত এলেকাত অৰুণাচলীয়ে ৰঙা বনাঞ্চলৰ গছ-গছনি কাটি তহিলং কৰি এক'লেণ্ড নিৰ্মাণ কৰাৰ লগতে চাহ পুলি ৰুবলৈ শ শ বিঘা মাটিত জিচিবি লগাই গছ-বন কাটি তহিলং কৰিছে । বিগত ২০২৩ বৰ্ষত উক্ত এলেকাত অৰুণাচলীয়ে অসমৰ পুলি বাগান নিঃশেষ কৰাৰ উপৰিও অসমৰ বন বিভাগৰ ওপৰত আক্ৰমণ চলাইছিল ।
অৰুণাচলীৰ এই আগ্ৰাসন আৰু বেদখল লখিমপুৰ জিলা প্ৰাশাসনে সেই সময়ত বন্ধ কৰিছিল যদিও চলিত বৰ্ষত পুনৰ উক্ত বনাঞ্চলৰ ভূমিতেই অৰুণাচলীয়ে আহি ঘৰ নিৰ্মাণ, পথ নিৰ্মাণ আৰু ৰামপুৰ দেউৰী জে এফ এম চিৰ সহযোগত নিৰ্মাণ কৰা বনানিকৰণৰ ভূমিৰ ফেন্সিং বেৰা, ভাঙি পেলোৱা ঘটনাই সীমান্তৱৰ্তী এলেকাৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ কৰি তুলিছে ।
ইতিমধ্যে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধান কৰাৰ চুক্তি স্বাক্ষৰিত হ'ল যদিও সাম্প্ৰতিক সময়ত অৰুণাচলীয়ে অসম ভূমি নিতৌ দখল কৰি ইয়াৰ সমস্যা দিনক দিনে বৃদ্ধি কৰাৰহে পৰিলক্ষিত হৈছে । সীমান্তৰ সীমা সমস্যা শীঘ্ৰেই সামাধান নকৰিলে কেৱল ৰঙা সংৰক্ষিত বনাঞ্চলৰে নহয় লখিমপুৰ-ধেমাজিৰ সংৰক্ষিত বনাঞ্চলত অসমৰ বৃহৎ ভূমি দখল কৰি অসমৰ মানচিত্ৰৰ পৰাই নোহোৱা কৰিব অৰুণাচলীয়ে । এই ক্ষেত্ৰত অসম চৰকাৰৰ কঠোৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় লোকে ।
লগতে পঢ়ক :অসমৰ চুবুৰীয়া ৰাজ্যৰে সীমাবিবাদ শীঘ্ৰে সমাধা হ'ব; মন্ত্ৰী অতুল বৰা