গোলাঘাট, ১৭ছেপ্টেম্বৰ: ৰাজ্য়ত অসমীয়া আৰু অনা অসমীয়াক লৈ চৰ্চা অব্য়াহত থকাৰ মাজতেই প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষা ব্য়ৱহাৰক কেন্দ্ৰ কৰি সোমবাৰে নিশা উত্তপ্ত হৈ পৰিল গোলাঘাট । ঘটনাই এনে এক পৰ্যায় পালে গৈ যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পিষ্টল উলিয়াই শূন্য়লৈ টোঁৱাবলগীয়া হয় ।
- সংগঠনৰ নেতা-সদস্যক দুৰ্ব্য়ৱহাৰৰ অভিযোগ
ঘটনা অনুসৰি নিশা গোলাঘাটৰ বেঙেনাখোৱা ৰোডত থকা 'লা ছনি' নামৰ এখন ৰেষ্টোৰাঁত খাদ্য খাবলৈ গৈছিল জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মানৱ গগৈ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যকৰী সভাপতি অৰিন্দম তামুলীকে ধৰি একাংশ সদস্য । উত্থাপিত অভিযোগ মতে, সেই সময়ত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ নামটো কিয় অসমীয়াত লিখা নাই বুলি সোধাত সংগঠনৰ নেতা-সদস্যক ৰেষ্টোৰাঁখনৰ মালিক ৰেহান তুৰ্কীয়ে দুৰ্ব্য়ৱহাৰ কৰে । এই কথাক কেন্দ্ৰ কৰি এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বেঙেনাখোৱাত ।
ইয়াৰ পিচতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । প্ৰথম অৱস্থাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । সংগঠনকেইটাৰ নেতাকেইজনে ব্য়ৱসায়ীজনক ক্ষমা খুজিবলৈ কয় । ব্য়ৱসায়ীজনে তেওঁৰ নাম ফলক অসমীয়াত লিখিব বুলি কয় যদিও একাংশই উগ্ৰমূৰ্তি ধাৰণ কৰে । আৰক্ষীয়ে তেওঁলোকক বুজনি দিবলৈ চেষ্টা কৰাত আন একাশই আৰক্ষীৰ কথা শুনিব নুখুজি নিজৰ স্থিতিত আকোঁৰগোজ হৈ থকাৰ অভিযোগ উঠিছে ।
- আৰক্ষীত বাধা, আটক তিনি
আৰক্ষীয়ে সেই সময়ত ব্য়ৱসায়ীজনক বাইকত উঠাই থানালৈ নিবলৈ চেষ্টা কৰাত সংগঠনৰ একাংশ নেতাই আৰক্ষীক এই কাৰ্যত বাধা দিয়ে । সেই সময়তে ব্য়ৱসায়ীজনক একাংশই মাৰধৰৰ চেষ্টা চলোৱাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পিষ্টল উলিয়াই সতৰ্ক কৰি দিয়ে । পিচত আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত মানৱ গগৈ, অৰিন্দম তামুলী আৰু ব্যৱসায়ী ৰেহান তুৰ্কীক আটক কৰে ।
- জাতীয় সংগ্ৰামী সেনাৰ অভিযোগ