অসম

assam

ETV Bharat / state

শৈক্ষিক দিনপঞ্জীৰ বৰ্হিভূত অতিৰিক্ত দায়িত্বৰ বোজা নোলোৱাৰ ঘোষণা ৰাজ্যৰ শিক্ষক সমাজৰ

Additional workload: শিক্ষা বিভাগৰ হাৰাশাস্তিৰ বিৰুদ্ধে সৰৱ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ ৷ শৈক্ষিক দিনপঞ্জীৰ বাহিৰলৈ গৈ জাপি দিয়া নিৰ্দেশ বৰ্জনৰ ঘোষণা ৷

By ETV Bharat Assamese Team

Published : 4 hours ago

ASSAM TEACHER ORGANIZATION
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)

গুৱাহাটী, ১৭ অক্টোবৰ: ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষকসমাজক অতিৰিক্ত চৰকাৰী কামৰ বোজা জাপি দিয়াৰ বিৰুদ্ধে সৰৱ হৈছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ । শৈক্ষিক দিনপঞ্জীত সন্নিৱিষ্ট নথকা তথা অতিৰিক্তভাৱে জাপি দিয়া নিৰ্দেশনা পালন নকৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষক মঞ্চই । লগতে শিক্ষকসকলক অতিৰিক্ত কামৰ নিৰ্দেশ দিয়াৰ বাবে ব্যৱস্থা কৰা শিক্ষা বিভাগৰ ভিন্ন পৰ্যায়ৰ বিষয়া কৰ্মচাৰী আৰু সমল কেন্দ্ৰ সমন্বয়কসকলৰ হোৱাটছ এপ গ্রুপ বৰ্জন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষক মঞ্চই ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ প্ৰচাৰ সম্পাদক তথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সম্মিলনৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয়, ‘‘ৰাজ্যৰ সকলো স্তৰৰ শিক্ষকে ১৮ অক্টোবৰৰ দিনা পুৱা ৯ বজাৰ পৰা ১ বজাৰ ভিতৰত শিক্ষা বিষয়া, সমল কেন্দ্ৰ সমন্বয়ক আদিয়ে খোলা সকলো হোৱাটছ এপ গ্রুপৰ পৰা ওলাই অহাৰ লগতে এক নৱেম্বৰৰ পৰা শৈক্ষিক দিনপঞ্জীত সন্নিৱিষ্ট নথকাকৈ জাপি দিয়া নিৰ্দেশনা পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।’’

বীৰ গাঁথা অনুষ্ঠানৰ নিৰ্দেশনা (ETV Bharat)

‘‘পূজা বন্ধ চলি থকা সময়তে ৰাজ্যৰ সকলো জিলাতে পেট (periodic assessment test) আৰু নাছ ( National achievement survey) আদিৰ দৰে কাৰ্যসূচী ৰূপায়ন কৰিবলৈ নিৰ্দেশনা প্ৰকাশ কৰিছে । অভ্যাসন-মূল্যায়নৰ বহী যোগান নিদিয়া বিভাগটোৱে, পুনৰাই প্ৰশ্ন আদিৰ যোগান নিদিয়াকৈ কেৱল হোৱাটচ এপ গ্রুপে গ্রুপে মেছেজ আগবঢ়াই নি পেট, নাছৰ পৰীক্ষা সমাপন কৰাৰ কৌশল কৰিছে । এনেদৰে বিগত দিন সমূহতো ৰাজ্যৰ শিক্ষক সমাজে অতিৰিক্ত দায়িত্বৰ ভৰত বিৰ দি বাট নোপোৱা হৈছে । একেদৰে শিক্ষাৰ্থীসকলো গিনিপিগত পৰিণত হৈছে । পাঠ্যক্ৰমৰ পাঠদান ধোঁৱা চাঙত উঠিছে, শৈক্ষিক দিনপঞ্জীখনকো সমগ্র শিক্ষাই অর্থহীন কৰি তুলিছে,’’ তেওঁ লগতে কয় ৷

খেল মহাৰণ অনুষ্ঠানৰ নিৰ্দেশনা (ETV Bharat)

গোস্বামীয়ে আৰু কয়, ‘‘বিগত আগষ্ট মাহৰ পৰা একাদিক্ৰমমে এফ এল এন প্রশিক্ষণ, অমৃত বৃক্ষ, বিদ্যাঞ্জলি উৎসৱ, শিক্ষা সপ্তাহ, ৰচনা আৰু শ্লোগান লিখা, শিক্ষণ-শিকন-সামগ্ৰী দিৱস, ইচিচিই প্রশিক্ষণ, সম্প্রীতি ভোজন, হৰ ঘৰ তিৰংগা, মহাকাশ দিৱস, স্বচ্ছতাৰ পষেক যোৰা ভিন্ন কাৰ্যসূচী, বিদ্যালয় পৰিচালনা সমিতিৰ তিনিদিনীয়া প্রশিক্ষণ, বীৰ গাঁথাৰ কাৰ্যসূচী, ইউডাইচৰ কাম, আপাৰৰ কাম, কলা উৎসৱ, খেল মহাৰণ, নিযুত মইনা আদি কাৰ্যসূচীৰ উপৰিও শৈক্ষিক দিনপঞ্জী অনুসৰি থকা ভিন্ন কাম বিদ্যালয়সমূহে ৰূপায়ন কৰিছে ।’’

নাছৰ নিৰ্দেশনা (ETV Bharat)

‘‘শিক্ষাবৰ্ষৰ ছমাহ পাৰ হোৱাৰ পাচতো সকলো মাধ্যমৰ শিক্ষাৰ্থীকে কিতাপ যোগান সম্পূৰ্ণ ধৰিব পৰা নাই । এফ এল এন প্ৰশিক্ষণৰ মডিউলখন দিয়া নাই, কার্যপত্ৰ দিবলৈ সক্ষম হোৱা নাই, মধ্যাহ্ন ভোজনৰ ৰাহি ধন ঘূৰাই নিলে যদিও ছেপ্টেম্বৰ মাহৰ ধন আজিও আদায় দিয়া নাই, পাঠ্যক্ৰমৰ পাঠদান অবিহনে শিক্ষার্থীয়ে শ্রেণী ভিত্তিক অৰ্হতা লাভ কৰিব নোৱাৰে, এই মূল বিষয়টোৰ প্ৰতিও ভ্রূক্ষেপ নাই ।’’ গোস্বামীয়ে অভিযোগ কৰি কয় ৷

অতিৰিক্ত নিৰ্দেশনা পালন নকৰিলে কোনো শিক্ষকক দায়বদ্ধ কৰিব নোৱাৰিব আৰু কোনো শিক্ষকৰ ওপৰত হাৰাশাস্তি কৰিলে ভিন্ন আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ ঘোষণা কৰিবলৈ বাধ্য হ'ব বুলি ৰাতুল চন্দ্ৰ গোস্বামীয়ে শেষত সদৰী কৰে ।

লগতে পঢ়ক:শিক্ষক দিৱসৰ দিনাই ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ - Teachers Day 2024

ABOUT THE AUTHOR

...view details