গুৱাহাটী :ভোগালী বিহুলৈ মাজত কেইটামান দিন বাকী আছে । বিহুৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে । ভোগালীৰ প্ৰস্তুতিৰ মাজতে পুনৰ এবাৰ ৰাজপথত নামিল শিক্ষক সমাজ । ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদত বহিল শিক্ষকসকল ।
বঞ্চিত শিক্ষকৰ অনশন
চচলত বঞ্চিত শিক্ষকৰ আৰ্তনাদ (ETV Bharat Assam) ভোগালী বিহুৰ প্ৰাকক্ষণত চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে শ্ৰেণীকোঠা এৰি অনশনত বহিল সদৌ অসম কৰ্মৰত অনিয়মীয়া প্ৰাথমিক আৰু উচ্চ প্রাথমিক শিক্ষক সন্থা । গুৱাহাটীৰ চচলত বৃহস্পতিবাৰৰ পৰা ৩৬ ঘণ্টীয়া অনশনত বহিল সদৌ অসম কৰ্মৰত অনিয়মীয়া প্ৰাথমিক আৰু উচ্চ প্রাথমিক শিক্ষক সন্থাৰ শিক্ষকসকল । ৰাজ্যৰ ২,২৭০ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী তুলি প্ৰতিবাদী শিক্ষকসকলে হাতে-হাতে বিভিন্ন শ্ল'গান সম্বলিত বেনাৰ, প্লে'কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষকসকলে । প্ৰতিবাদী শিক্ষকসকলে কান্দি কান্দি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ আহ্বান জনায় ।
এই প্ৰতিবাদী কাৰ্যসূচীত হাইলাকান্দি, ধুবুৰী, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, নলবাৰী, বৰপেটা আদিকে ধৰি অসমৰ ভিন্ন জিলাৰ প্ৰায় ৭০০ শিক্ষক উপস্থিত থাকে ।
প্ৰতিবাদত অংশ লৈ এগৰাকী শিক্ষকে কয়, "আমাৰ লগৰ শিক্ষকসকলক ২০২৩ চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তেতিয়াৰ শিক্ষামন্ত্ৰীয়ে নিযুক্তি দিছিল । আমি বিভাগীয় বিষয়াৰ ভুলৰ কাৰণ বাদ পৰি গ'লো । সেয়ে এই অনশনথলীৰ পৰা আমি ক'ব বিচাৰিছো তেওঁ (মুখ্যমন্ত্ৰী) যাতে আমাৰ চাকৰিখিনি নিয়মীয়া কৰি দিয়ে । বিহুৰ আগতে বা পঞ্চায়তৰ নিৰ্বাচনৰ আগতে যেন আমাৰ দৰমহা মুকলি কৰি দিয়ে তাকে আমি অনুৰোধ জনালো ।"
উল্লেখ্য যে, ১৯৯১ চনৰ পৰা ২০০১ চনলৈ নিযুক্তি পোৱা প্ৰায় ২,২৭০ গৰাকী শিক্ষকৰ পদ আজিলৈকে নিয়মীয়া হোৱা নাই । প্ৰতিবাদকাৰী শিক্ষকসকলে অভিযোগ কৰা মতে ইয়াৰ ফলত তেওঁলোকৰ জীৱনৰ প্ৰতি বিভিন্ন ধৰণৰ ভাবুকি আহিছে । সেয়ে শীঘ্ৰেই শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনাইছে প্ৰতিবাদী শিক্ষকসকলে ।
লগতে পঢ়ক :'কা'ৰ প্ৰভাৱ ! বাংলাদেশী দুলনৰ পিছত ভায়েক সুবোধো অসমত ভাৰতীয় হ'ল - CITIZENSHIP UNDER CAA IN ASSAM