অসম

assam

এখন বিশেষ বিবাহথলী : দামিনীক সেন্দুৰ পিন্ধাবলৈ দোলাত আহিল ৰাজ - Frog Marriage

By ETV Bharat Assamese Team

Published : May 24, 2024, 7:05 PM IST

Frog Marriage in Rangapara: উদুলি-মুদুলি ৰঙাপৰা । এক আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হ'ল ভেকুলী বিয়া । খৰাং বতৰৰ পৰা পৰিত্ৰাণ বিচাৰি, বৰষুণৰ কামনাৰে ৰঙাপৰাৰ চাহ বাগিচাৰ ৰাইজে অনুষ্ঠিত কৰে এই ভেকুলী বিয়া ।

Tea garden workers organized traditional frog marriage desiring rain in Rangapara
খৰাং বতৰৰ বাবে চিন্তিত ৰাইজ, অনুষ্ঠিত কৰিলে ভেকুলী বিয়া (ETV Bharat Assam)

ৰঙাপৰা,২৪ মে':এফালে প্ৰচণ্ড গৰম, আনফালে খৰাং । স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন । জলবায়ু পৰিৱৰ্তনৰ লগে লগে উদ্বেগজনকভাৱে গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে ৰাইজ । ৰাজ্যৰ কোনো কোনো ঠাইত ছেগা-চোৰোকাকৈ বৰষুণ হৈছে যদিও বৃহত্তৰ ৰঙাপৰা অঞ্চলত আজি পৰ্যন্ত অহা নাই এজাকো বৰষুণ । বৰষুণৰ অভাৱত পুখুৰী, খাল, বিল, নৈ শুকাই যাবলৈ ধৰিছে । সেয়েহে চাহ বাগিচাৰ শ্ৰমিক ৰাইজে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ গ্ৰহণ কৰিলে অসমীয়া এক লোকাচাৰ ‘ভেকুলী বিয়া' ।

খৰাং বতৰৰ বাবে চিন্তিত ৰাইজ,পাতিলে ভেকুলী বিয়া (ETV Bharat Assam)

ভেকুলীৰ বিয়া অনুষ্ঠিত কৰিলে বৰষুণ অহাটো নিশ্চিত বুলি অসমীয়া ৰাইজে মনে-প্রাণে বিশ্বাস কৰি আহিছে । সেয়া যি কি নহওক, ভেকুলী বিয়াখনক কেন্দ্ৰ কৰি শুকুৰবাৰে পুৱাৰে পৰা ৰঙাপৰাৰ দুই স্থানত এক উখল-মাখল পৰিৱেশ বিৰাজ কৰে । দিনৰ ভাগত ৰঙাপৰাৰ নাহৰবাৰী গাঁৱৰ দৰা 'ৰাজ'ক দোলাত লৈ বিয়া কৰাবলৈ নামগাঁও চাহ বাগিচাৰ দিশে ৰাওনা হয় । দৰাৰ লগত পিতৃ আৰু গাঁওখনৰ ৰাইজে যাত্ৰা কৰে ।

ইফালে নামগাঁও চাহ বাগিচাৰ লক্ষী পূজা ফিল্ডত আয়োজন কৰা কইনা ঘৰৰ ৰভাতলীত দৰা গৈ উপস্থিত হয় । লগে লগে কইনা পক্ষৰ ৰাইজে দৰাপক্ষৰ ৰাইজক আদৰ-সাদৰ কৰি ৰভাতলীলৈ লৈ যায় । দুয়োখন ৰাইজ একত্ৰিত হোৱাৰ লগে লগে ৰভাস্থলীত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে । সকলোবোৰ নীতি-নিয়ম সুন্দৰভাৱে পালন কৰে দুয়োপক্ষই । কইনা দামিনীক মাহ-হালধিৰে নোৱাই-ধুৱাই হোমৰ গুৰিলৈ লৈ আহে ।

দৰা-কন্যাক চাবলৈ চাহ শ্ৰমিক ৰাইজ উবুৰি খাই পৰে । হোমৰ গুৰিত পুৰোহিতৰ মন্ত্রোচাৰণ আৰু আয়তিসকলৰ উৰুলিৰে মুখৰিত হৈ পৰে । পাছত ৰাইজৰ উপস্থিতিত দুয়োৰে মাজত বিয়াখন সম্পন্ন হয় । দুপৰীয়াৰ বাবে যোগাৰ কৰা আহাৰ দৰা আৰু কইনা পক্ষৰ ৰাইজে গ্রহণ কৰে । এনেদৰেই ৰঙাপৰাত অনুষ্ঠিত হয় এই ভেকুলী বিয়াখন ।

উল্লেখ্য যে, ৰঙাপৰাৰ চেঁচা চাহ বাগিচাৰ অধীনত থকা নামগাঁও শাখা চাহ বাগিচাখনত অনুষ্ঠিত হোৱা ভেকুলী বিয়াখনৰ বাবে আজিৰ দিনটো ছুটী ঘোষণা কৰা হৈছিল । এতিয়া সকলোৱে আশা প্ৰকাশ কৰিছে ৰাইজে বৰঙণি সংগ্ৰহ কৰি অনুষ্ঠিত কৰা বিয়াখনৰ পাছতে বৰুণ দেৱতা সন্তুষ্ট হৈ এজাক বৰষুণ দি ৰাইজক সন্তুষ্ট কৰিব ।

লগতে পঢ়ক:এখন বিশেষ বিয়াত ব্যস্ত হৈ পৰিল দৰঙৰ চিনাকোণাবাসী - Frog Marriage

পানীৰ সংকটত সমগ্ৰ মধ্য অসম: কামপুৰ কঠিয়াতলীৰ ৰাইজে পাতিলে ভেকুলী বিয়া

Frog Marriage: বৰষুণ লাগে! তিতাবৰত ভেকুলী বিয়া

ABOUT THE AUTHOR

...view details