মৰাণ: অসমৰ ইতিহাসত ৩০ বছৰীয়া সংগ্ৰামী ইতিহাস লিখিলে টাই আহোম যুৱ পৰিষদে । ১৯৯৫ চনৰ ১৬ জুলাইত প্ৰতিষ্ঠা লাভ কৰা টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কেন্দ্ৰীয় অধিৱেশন ঐতিহাসিক চৰাইদেউৰ ভজো মাজপথাৰত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । ৩২ খনকৈ পতাকা উত্তোলনেৰে আজিৰে পৰা সোণাৰিৰ ভজো মাজপথাৰত আৰম্ভ হ'ল টাইপাৰ কেন্দ্ৰীয় চৰাইদেউ অধিৱেশন ।
৫ জানুৱাৰীলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত এই অধিৱেশনত সংগঠনটোৰ গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব । এই প্ৰতিনিধি সভাতেই সংগঠনৰ নেতৃত্ব ল'বলগা নতুন নেতৃত্ব বাচনি কৰা হ'ব । এই কেন্দ্ৰীয় অধিৱেশনতেই প্ৰস্তুত হ'ব জনগোষ্ঠীয় সংগঠনটোৰ ভৱিষ্যতৰ কৰ্মপন্থা । আজি শুভাৰম্ভণি অনুষ্ঠানত পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰৰ লগতে সংগঠনৰ বিভিন্ন জিলাৰ পৰা অহা নেতা-কৰ্মীসকলে ।
মৈদামৰ আৰ্হিত নিৰ্মাণ মূল তোৰণ :
ঐতিহাসিক চৰাইদেউ মৈদামৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশনৰ মূল তোৰণ । সংগঠনটোৱে এই অধিৱেশনত নেতৃত্ব সলনি কৰিবলৈ প্ৰতিনিধি সভা অনুষ্ঠিত কৰি ভৱিষ্যৎ পৰিকল্পনা যুগুত কৰিব । অধিৱেশনস্থলীত গ্ৰন্থমেলা, বাণিজ্য মেলা, জনগোষ্ঠীয় খাদ্যমেলা আৰু বিভিন্ন প্ৰদৰ্শনী অনুষ্ঠিত হৈছে । এই অধিৱেশনত উপস্থিত থাকিব ৰাজ্যৰ কেইগৰাকী নেতা, বুদ্ধিজীৱীৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ সাংস্কৃতিক দলে । ভজোৰ মাজপথাৰত বিশাল মণ্ডপত অনুষ্ঠিত হোৱা অধিৱেশনৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত বক্তৃতা, সাজপাৰ প্ৰতিযোগিতা, বিশেষ বক্তৃতানুষ্ঠান, বাৰেৰহনীয়া জনগোষ্ঠীয় সাংস্কৃতিক শোভাযাত্ৰাৰ উপৰি যুৱ সমাৰোহ অনুষ্ঠিত কৰা হ'ব ।