গুৱাহাটী:সাৱধান । সমগ্ৰ দেশজুৰি আতংকৰ সৃষ্টি কৰা গুইলেইন-বেৰে চিণ্ড্ৰ'মে এতিয়া অসমত আহি প্ৰৱেশ কৰিছে । এই ৰোগত আক্ৰান্ত হৈছে দেশৰ বহু শিশু-কিশোৰ । ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে গুৱাহাটীৰ এগৰাকী কিশোৰীয়ে । এই খবৰ বিয়পি পৰাৰ লগে লগে চাঞ্চল্য বিৰাজ কৰিছে ৰাজ্যত ।
স্বাভাৱিকতে অসমতো এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাত এতিয়া উদ্বিগ্ন হৈ পৰিছে শিশু তথা কিশোৰ-কিশোৰীৰ অভিভাৱকসকল । অসমকে ধৰি সমগ্ৰ দেশত এই ৰোগত আক্ৰান্ত হৈ ৫ গৰাকী শিশু-কিশোৰীৰ মৃত্যু হৈছে ।
- গুইলেইন-বেৰে চিণ্ড্ৰ'ম কি ?
এই ৰোগৰ সন্দৰ্ভত মহানগৰীৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ৰ শিশু বিশেষজ্ঞ ডাঃ পাৰ্থ প্ৰতীম বৰাই কয়, "জি বি এচ এটা বিৰল ৰোগ । জি বি এচ ৰোগৰ সম্পূৰ্ণ নাম হৈছে গুইলেইন-বেৰে চিণ্ড্ৰ'ম । ১ লাখ মানুহত ভিতৰত ১ জনৰ দেহত দেখা দিয়ে এই ৰোগে । মহাৰাষ্ট্ৰত এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা অধিক । পানী আৰু খাদ্যৰ পৰা এই ৰোগ হয় । পানীত থকা বেক্টেৰিয়া পোৱা গৈছে এই ৰোগত আক্ৰান্ত ৰোগীৰ দেহত ।"
- কি দৰে আক্ৰমণ কৰে এই ৰোগে ?