অসম

assam

ETV Bharat / state

আন্দোলনজীৱীসকলে টিভিত উঠিবৰ বাবেহে আন্দোলন কৰি আছে: জয়ন্ত মল্লবৰুৱা - Protest In Nalbari - PROTEST IN NALBARI

Swahid Mukunda Kakati Civil Hospital: নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ উত্তাল প্ৰতিবাদ । শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় বিলুপ্তি ঘটাই ১১০ বিচনাযুক্ত শ্বহীদ মুকুন্দ কাকতি হাস্পতালৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ দাবীত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ ।

Swahid Mukunda Kakati Civil Hospital
নলবাৰীত উত্তাল জিলা আয়ুক্তৰ কাৰ্যালয় (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 4:34 PM IST

Updated : Aug 31, 2024, 8:45 PM IST

নলবাৰী, ৩১ আগষ্ট: নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ লগত সংলগ্ন শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি ১১০ খন বিচনা সংস্থাপিত কৰাৰ দাবীত শনিবাৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰক প্ৰতিশ্ৰুতি অনুসৰি চিকিৎসালয়খন শীঘ্ৰে ১১০ খন বিচনা স্থাপনৰ দাবীত প্ৰতিবাদকাৰীসকলে সমদল কৰি আহি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷

চৰকাৰী প্ৰতিশ্ৰুতি পূৰণৰ দাবীত নলবাৰীত উত্তাল জিলা আয়ুক্তৰ কাৰ্যালয় (ETV Bharat Assam)

উল্লেখ্য যে, কেশৱ মহন্ত অসমৰ স্বাস্থ্যমন্ত্ৰী হৈ থকা সময়ত ২০২৩ চনত ১৬ নৱেম্বৰত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ নতুন ভৱনটোক নতুনকৈ শ্বহীদ মুকুন্দ কাকতি হাস্পতালৰূপে শুভাৰম্ভ কৰিছিল । হাস্পতালখনৰ নতুন ভৱনটো মুকলি কৰি তদানীন্তন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই চিকিৎসালয়খন ১১০ খন বিচনাযুক্ত কৰাৰ উপৰিও পৰ্যায়ক্ৰমে চিকিৎসালয়খনত বিচনাৰ আসন বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল ৷

বৰ্তমান চিকিৎসালয়খনত ১১০ খন বিচনাযুক্ত চিকিৎসালয়ৰূপে আজিলৈ ৰাইজে চিকিৎসা নোপোৱাৰ অভিযোগ কৰি আজি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে লগতে পূৰ্বৰ ২৩৫ খন বিচনাৰ পৰিসেৱা ঘূৰাই দিয়াৰ লগতে অত্যাধুনিক চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা বাবেও চৰকাৰক দাবী উত্থাপন কৰে ৷

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে এই দাবীত প্ৰতিবাদৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে । ইফালে ইয়াৰ পাচতেই শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ এই আন্দোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । তেওঁ আন্দোলনকাৰীসকলে কটু ভাষাৰে সমালোচনা কৰি কয়, "আন্দোলনজীৱীসকলে আন্দোলন কৰিব লাগে কাৰণে কৰি আছে নে ৰাইজৰ বাবে আন্দোলন কৰিছে ? যদি কোনোবা ৰোগীয়ে বিচনাৰ অভাৱত হাস্পতালৰ তলত-ওপৰত থাকিবলগীয়া হৈছে আন্দোলনকাৰীয়ে দেখুৱাই দিয়ক ?"

মন্ত্ৰী মল্লবৰুৱাই লগতে কয়, "যদি বিচনাৰ অভাৱ, ১০০ খন কিয় ৫০০ খন বিচনা নমাই দিম । মোৰ তাত বিচনাৰ অভাৱ নাই । আন্দোলনজীৱীসকলে টিভিত উঠিবৰ বাবেহে আন্দোলন কৰি আছে । কোনো ইছ্যু নাই বাবে প্ৰতিবাদ কৰি আছে ৷" মন্ত্ৰীগৰাকীয়ে বৰ্তমান শ্বহীদ মুকুন্দ কাকতি হাস্পতালত সম্পূৰ্ণ স্বাস্থ্য সেৱা ৰাইজে লাভ কৰি আহিছে বুলি মন্তব্য কৰে সাংবাদিকৰ আগত । প্ৰতিটো বিভাগতেই সম্পূৰ্ণ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰি আহিছে বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

লগতে পঢ়ক:Hospital inauguration in Nalbari: নলবাৰীত ১১০ খন বিচনাযুক্ত শ্বহীদ মুকুন্দ কাকতি হাস্পতাল উদ্বোধন

Last Updated : Aug 31, 2024, 8:45 PM IST

ABOUT THE AUTHOR

...view details