যোৰহাট: ভোগৰ উৎসৱ ভোগালীৰ উন্মাদনাত ব্যস্ত ৰাজ্যবাসী, তাৰ মাজতে সংঘটিত হৈছে বিভিন্ন ধৰণৰ ঘটনা । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ মৰিয়নীতো সংঘটিত হৈছে দুটাকৈ চাঞ্চল্যকৰ ঘটনা । বিহুৰ দিনা পুৱাই শোৱাপাটীতে উদ্ধাৰ হৈছে এটা মৃতদেহ ৷ আনহাতে উৰুকাৰ নিশা মৰিয়নী জংচনত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হৈছে এটা সৰবৰাহকাৰী ।
- লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযোগ :
মৰিয়নীৰ চেলেংহাট বাইলুং গাঁৱৰ পলাশ ফুকনৰ ঘৰৰ শোৱাপাটীতেই উদ্ধাৰ হৈছে তেওঁ পত্নী মৃতদেহ । ঘটনাৰ বিৱৰণি অনুসৰি দুই সন্তানৰ মাতৃ মুনুকন বৰা ফুকনক তেওঁৰ স্বামীয়ে দীৰ্ঘ দিন ধৰি অকথ্য নিৰ্যাতন চলাই আহিছিল আৰু উৰুকাৰ নিশা স্বামী পলাশ ফুকনে তেওঁৰ পত্নী মুনুকন বৰা ফুকনক হত্যা কৰাৰ অভিযোগ উথাপিত হৈছে । ভোগালী বিহুৰ পুৱাই শোৱাপাটীতে মুনুকন বৰা ফুকনক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ।
পত্নীক হত্যা কৰাৰ সন্দেহত তেওঁৰ স্বামী পলাশ ফুকনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । মহিলাগৰাকীৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাতৰ চিন স্পষ্ট হৈছে ৷ এই আঘাতৰ চিনলৈ লক্ষ্য কৰি তেওঁক হত্যা কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে । ইতিমধ্যে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।
- উৰুকাৰ নিশা ৰে'লত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান :