গুৱাহাটী: হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত অসমত অসম আৰক্ষীৰ দ্বাৰা ভুৱা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছিল সেয়া অসম মানৱাধিকাৰ আয়োগে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শেহতীয়া শপতনামা স্পষ্ট হৈছে । কিন্তু ভুৱা এনকাউণ্টাৰৰ ঘটনাৰ কোনো তদন্ত মানৱাধিকাৰ আয়োগে কৰা নাই । অসমত ভুৱা এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত গোচৰৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ।
উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ ভিত্তিত অসম মানৱাধিকাৰ আয়োগে যোৱা ৭ জানুৱাৰীত অসম আৰক্ষীৰ দ্বাৰা সংঘটিত এনকাউণ্টাৰ সন্দৰ্ভত এখন ১৩ পৃষ্ঠাৰ শপতনামা দাখিল কৰিছে ।
শপতানামাত উল্লেখ কৰা মতে, অসমত যোৱা ২০২১ চনৰ মে' ৰ পৰা বৰ্তমানলৈকে অসম মানৱ অধিকাৰ আয়োগত অসম আৰক্ষী দ্বাৰা এনকাউন্টাৰ সংঘটিত হোৱা ৩৬ টা গোচৰৰ অভিযোগ লাভ কৰিছে । ইয়াৰে ১১ টা গোচৰ মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ পঞ্জীয়ন কৰিছে ।
মানৱ অধিকাৰ আয়োগে শপতনামাত উল্লেখ কৰা মতে, এই অভিযোগবোৰৰ মানৱ অধিকাৰ আয়োগে কোনো নিজাববীয়াকৈ তদন্ত কৰা নাই । উল্লেখ্য যে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ১৭১ টা এনে ভূৱা এনকাউণ্টাৰ গোচৰ । নতুন দিল্লীস্থিত জেষ্ঠ্য অধিবক্তা আৰিফ জোৱাদ্দাৰে ভুৱা একাউণ্টাৰ সন্দৰ্ভত এক জনস্বার্থজনিত আবেদন (নং ৮৬/২০২১) দাখিল কৰিছিল ।
তেওঁ আৱেদনখনত উল্লেখ কৰা মতে ২০২১ চনৰ ১ মে’ মাহৰ পৰা ২০২২ চনৰ ৩১ আগষ্টলৈ ৰাজ্যত ১৭১ টা এনে ভূৱা এনকাউণ্টাৰ সংঘটিত হৈছিল । নিজৰ আবেদনত জোৱাদ্দাৰে এইসমূহ ঘটনাৰ নিৰপেক্ষ তদন্তৰ লগতে চিবিআই তদন্ত আৰু ন্যায়ালয়ৰ পর্যবেক্ষণত আৰক্ষীৰ বিশেষ গোটৰ দ্বাৰাও এক তদন্তৰ দাবী কৰিছিল । তেওঁ লগতে তদন্তৰ পাছত নিহত লোকসকলৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণৰ বাবেও দাবী উত্থাপন কৰিছিল ।