অসম

assam

ETV Bharat / state

এসময়ত গাঁৱে গাঁৱে বিস্কুট বেচি ফুৰা হামিদ এতিয়া বিস্কুট ফেক্টৰীৰ মালিক - Success story - SUCCESS STORY

Self reliant: মনত দৃঢ়তা থাকিলে তথা কিবা এটা কৰি দেখুওৱাৰ তীব্ৰ হাবিয়াসে যেতিয়া মানুহক খেদি ফুৰে তেতিয়াই সপোনে আকাশ চুবলৈ পাখি মেলে ৷ গাঁৱে গাঁৱে বিস্কুট বেচি ফুৰা যুৱকজনে আজি ঘৰতেই প্ৰস্তুত কৰিবলৈ লৈছে ভিন্ন স্বাদৰ বিস্কুট, কেক আদি ৷ পথৰ পৰা এটা উদ্যোগলৈ এই যুৱকজনৰ যাত্ৰাৰ উমান লওঁ আহক এই প্ৰতিবেদনত-

Self reliant
হামিদ এতিয়া বিস্কুট ফেক্টৰীৰ মালিক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 1, 2024, 1:18 PM IST

বাইহাটা 1 অক্টোবৰ: আমাৰ সমাজত প্ৰচলিত এষাৰ কথা আছে, বাণিজ্যে বসতি লক্ষ্মী ৷ এই কথাষাৰক সত্য প্ৰমাণ কৰি দেখুৱাইছে বাইহাটাৰ এজন লোকে ৷ এসময়ত গুৱাহাটীৰ পৰা বিস্কুট কিনি গাঁৱে গাঁৱে বিক্ৰী কৰা ব্যক্তিগৰাকী আজি এটা বিস্কুট ফেক্টৰীৰ গৰাকী ৷ ব্যৱসায়ত সফলতাও লাভ কৰিছে তেওঁ ৷

মনত অপাৰ উদ্যম থকা ব্যক্তিগৰাকীক প্ৰতিপল সাহস যোগাই আহিছে পত্নীয়ে ৷ তেওঁ হ’ল হামিদ আলী, ঘৰ কমলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বাইহাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নং সৰিকট গাঁৱত ৷

হামিদ এতিয়া বিস্কুট ফেক্টৰীৰ মালিক (ETV Bharat Assam)

কিছু বছৰ আগলৈকে গুৱাহাটীৰ পৰা বিস্কুট কিনি নি বাইহাটা অঞ্চলত বিক্ৰী কৰিছিল হামিদে ৷ কিন্তু তেওঁৰ সপোন আছিল নিজাকৈ কিবা এটা কৰাৰ ৷ সেয়ে মনত সাহস গোটাই তেওঁ আৰম্ভ কৰিলে এটা লঘু বিস্কুট ফেক্টৰী ৷ বাইহাটাৰ 1 নং সৰিকট গাঁৱত এই বিস্কুট ফেক্টৰীটো আৰম্ভ কৰি নিজ পৰিয়ালৰ লগতে আন চাৰিটা পৰিয়ালকো জীৱিকাৰ পথ মোকলাই দিবলৈ সক্ষম হৈছে হামিদে ৷

লগতে পঢ়ক:৪ বিঘা মাটি লীজত লৈ আৰম্ভ কৰিছিল কৃষিকৰ্ম : ধনীৰাম চেতিয়াক এতিয়া কোনে চিনি নাপায় ? - Dhoniram chetia

মন মেলিলেই সকলো সম্ভৱ; নিজ গৃহতেই স্ব-নিয়োজনৰ বাট মোকলাব পৰে মহিলাই - Self Reliant Woman

পিতা-পুত্ৰই নীৰৱেই চলাইছে দুগ্ধ বিপ্লৱ - Self Reliant Story

নিজৰ ব্যৱসায়িক যাত্ৰাৰ কথা ইটিভি ভাৰতক এইদৰে ক’লে হামিদে- ‘‘মই প্ৰথমে গুৱাহাটীৰ পৰা বিস্কুট আনি বিক্ৰী কৰিছিলোঁ ৷ তেতিয়া মনতে ভাবিছিলোঁ যে যদি নিজাকৈ বিস্কুট উৎপাদন কৰিব পাৰোঁ তেতিয়া অধিক লাভ হ’ব ৷ সেয়ে পত্নীৰ সৈতে আলোচনা কৰি আমি বিস্কুটৰ ফেক্টৰী আৰম্ভ কৰিলোঁ ৷ পত্নীৰ গোটৰ পৰা ঋণ লৈ আমি এই ফেক্টৰী আৰম্ভ কৰোঁ ৷ এতিয়া ব্যৱসায়ীয়ে আমাৰ পৰা বিস্কুট কিনি নিয়ে ৷ এতিয়া আৰ্থিকভাৱে স্বচ্ছল হ’ব পাৰিছোঁ ৷ লগতে আন দুই এজনকো কৰ্ম সংস্থাপন দিব পাৰিছোঁ ৷’’

হামিদৰ ব্যৱসায়ত প্ৰতিপল সাহস হৈ কাষ ঠিয় দি আহিছে পত্নী বেবীমা বেগম ৷ NRLM ৰ পৰা ঋণ লৈ তেওঁলোকে আৰম্ভ কৰিছিল এই লঘু উদ্যোগটো ৷ হামিদ এতিয়া স্বাৱলম্বী ৷ হামিদৰ ফেক্টৰীত উৎপাদন হয় ভিন্ন সোৱাদৰ বিস্কুটৰ লগতে সুস্বাদু কেক ৷

হামিদক ঋণ প্ৰদানত সহায় কৰা জীৱিকা সখী অৰ্চনা নাথে এই সন্দৰ্ভত কয়- ‘‘আমি গোটৰ সদস্য বেবীমা বেগমহঁতৰ বিস্কুট ফেক্টৰীটো চাই লোনৰ ব্যৱস্থা কৰি দিছোঁ ৷ ইতিমধ্যে চি আই এফ লোনো দিয়া হৈছে ৷ তেওঁলোকে যাতে আৰু বহল পৰিসৰত কাম কৰিব পাৰে তাৰ বাবে উদ্যমিতা ৰেজিষ্ট্ৰেশ্যন কৰি লোন দিয়াৰ ব্যৱস্থা কৰিছোঁ ৷’’

মনত সাহস থাকিলে, উদ্দেশ্য সৎ হ’লে লক্ষ্যত উপনীত হোৱাটো সহজ ৷ হামিদ ইয়াৰ অন্যতম নিদৰ্শন ৷

লগতে পঢ়ক:অনন্য নিদৰ্শন, এগৰাকী শিক্ষিত যুৱতীৰ জীৱন সংগ্ৰাম - Self Reliant Girl

চৰকাৰী সাহাৰ্য অবিহনেই স্বাৱলম্বী হোৱা এজন শিক্ষিত যুৱক - Self Reliant Youth

সাগৰীয় মাণিক এতিয়া ঘৰৰ পুখুৰীত: মুকুতাৰ খেতিৰে বিপ্লৱৰ সূচনা ৰুলেন হাজৰিকাৰ - Pearl Farming Business

ABOUT THE AUTHOR

...view details