ডিব্ৰুগড়, 5 ফেব্ৰুৱাৰী :ৰাজ্য চৰকাৰে শিক্ষাৰ মান উন্নয়নৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তেনে সময়ত কিছুমান ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অবিবেচক কাণ্ডই ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনত ব্যাঘাত জন্মাইছে । ফলত সোমবাৰে ডিব্ৰুগড় মোহনবাৰী বিদ্যালয় বন্ধ কৰাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ।
ডিব্ৰুগড়ৰ মোহনবাৰী আই টি বি পি পাব্লিক স্কুল বন্ধ কৰিবলৈ সিদ্ধান্ত লোৱাত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰী । ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা জীৱনৰ অনিশ্চয়তাক লৈ এইদৰে ওলাই আহিল ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক আৰু ৰাইজ । ডিব্ৰুগড়ৰ মোহনবাৰীত থকা চি বি এছ ই অধীনৰ আই টি বি পি পাব্লিক স্কুল বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আই টি বি পি কৰ্তৃপক্ষই । দ্বাদশ শ্ৰেণীলৈকে থকা বিদ্যালয়খন বন্ধ কৰিবলৈ বিগত কেইবাটাও বছৰৰ পৰা চেষ্টা কৰি আহিছে কৰ্তৃপক্ষই । এই সম্পৰ্কত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ সৈতে আলোচনা হোৱাৰ পাচতে ৰাজ্যৰ শিক্ষামন্ত্ৰীক অভিভাৱকৰ লগতে অঞ্চলটোৰ ৰাইজে বিদ্যালয়খন বন্ধ নকৰিবলৈ আহ্বান জনাই সাক্ষাৎ কৰিছিল ।