শিলচৰ , ৪ ছেপ্টেম্বৰ:এখন আবেগ ভৰা পত্ৰ । পত্ৰখনত আছে এজন পুত্ৰই মাতৃলৈ লিখা কেইটিমান আবেগ সনা শব্দ । যেন মমতাময়ী মাতৃৰ ওচৰৰ পৰা চিৰবিদায় লোৱাৰ শব্দ । এই পত্ৰখনতেই আছে হতাশাই প্ৰাণ কাঢ়ি নিয়া এজন যুৱকৰ মনৰ কথা । মনৰ কোনোবা এটা কোনত থূপখাই থকা কথাবোৰ ক'ব খুজিও যেন ক'ব নোৱৰা এক অৱস্থা । মাতৃলৈ লিখা এই পত্ৰখনৰ পিচতেই সংসাৰৰ মায়া এৰি অজান দেশলৈ গুচি গ'ল এজন মেধাবী ছাত্ৰ ।
শিলচৰ চিকিৎসা মহাবিদ্য়ালয়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ বিপ্রোজিৎ কৰে মঙলবাৰে নিশা নিজ ঘৰতেই আত্মহত্য়া কৰে । যোৱা নিশা ১০ বজাত ৰে'লেৰে বেংগালুৰুলৈ যোৱাৰ কথা আছিলে বিপ্ৰোজিতৰ । কিন্তু ইয়াৰ পূৰ্বে নিশা প্ৰায় ৯ টা বজাত তেওঁ মাকক ঘৰৰ বাহিৰলৈ কিবা কামৰ বাবে ওলাই যাব বুলি কয় । মাতৃয়েও বিশেষ নাভাবিলে । পুত্ৰই ঘৰৰ বাহিৰলৈ যোৱা বুলি প্ৰথমতে ভাবিছিল যদিও বিপ্রোজিতৰ কোঠাৰ দুৱাৰ বন্ধ কৰা দেখি পুত্ৰক মাতিবলৈ ধৰে । কিন্তু পুত্ৰৰ পৰা কোনো সঁহাৰি নোপোৱাত দুৱাৰত ঢকিয়াবলৈ ধৰে ।
বিপ্ৰোজিৎ মাতৃয়ে চিঞৰবাখৰ কৰাত প্ৰতিবেশী উপস্থিত হৈ দুৱাৰ ভাঙি প্ৰত্যক্ষ কৰে যে বিপ্ৰোজিতৰ মৃতদেহ ডিঙিত চিপলৈ থকা অবস্থাত ওলমি আছে । নিশা ১০ বজাত ৰে'লেৰে বেংগালুৰুলৈ যোৱাৰ বাবে সাজু হোৱা যুৱকজনে হঠাতে কিয় এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া জানিব পৰা হোৱা নাই । ইপিনে, ঘটনাৰ খবৰ পোৱাৰ পিচতেই নিশা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্য়ালয়লৈ প্ৰেৰণ কৰে ।
- আত্মহত্য়াৰ টোকা উদ্ধাৰ