দৰং, ২৮ এপ্ৰিল:দৰং আৰু ওদালগুৰি জিলাৰ একমাত্ৰ কেঞ্চাৰ চিকিৎসালয় দৰং কেঞ্চাৰ কেন্দ্ৰই আজি দুবছৰ অতিক্ৰম কৰিলে । অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত প্ৰতিষ্ঠিত এই কেন্দ্ৰটোৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় । দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী নিৰঞ্জন শইকীয়াই আঁতধৰা অনুষ্ঠানটোত অধীক্ষক ডাঃ চৈয়দ ইফটিখাৰ শোভানীয়ে কেন্দ্ৰটোত উপলব্ধ সুবিধা সমূহৰ বিষয়ে ব্য়াখ্য়া কৰে । তাৰ পিছতে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই ।
এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত বক্তব্য আগবঢ়ায় দৰঙৰ ডেবন্সন নাৰ্ছিং হোমৰ সঞ্চালক, চিকিৎসক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ,মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কমলা কান্ত বৰা, মঙলদৈ ডনব'স্কৰ অধ্যক্ষ একটা টাৰ্কিয়ে । তেওঁলোকে কেঞ্চাৰ চিকিৎসা সম্পৰ্কে জনসাধাৰণে আগতীয়াকৈ ল'ব লগা সাৱধানতাৰ ওপৰত বক্তব্য আগবঢ়ায় । থেচপিচৰ কৰ্মীসকলে বাটৰ নাট প্ৰদৰ্শন কৰে স্তন কেঞ্চাৰ সজাগতাৰ ওপৰত । ডাঃ সীবা ছেন্থমেয়ৰ আৰু ডাঃ মানস ৰঞ্জন সেনাপতিয়ে কেঞ্চাৰ চিকিৎসা সম্পৰ্কে আলোকপাত ধৰে ।