ধেমাজি:ধেমাজিৰ মাছখোৱা চাৰিআলিৰ ফালে গ’লে এই মানুহজনক আপুনি নিশ্চয় দেখা পাব ৷ আলুচপ, ঘুগুনী, পকৰি, সিজোৱা কণী আদি বিক্ৰী কৰা এই মানুহজনৰ দোকানৰ সমুখত সন্ধিয়া হ’লেই মানুহ ভৰি পৰে ৷ কোনোৱে ঘুগুনী, কোনোৱে আলুচপ, আন কোনোৱে পকৰিৰ সোৱাদ ল’বলৈ আহে ৷ এই মানুহজন এজন সাধাৰণ বিক্ৰেতা নহয় পিচে, তেওঁৰ এই ব্যৱসায়ৰ আঁৰত আছে বহু দীঘলীয়া কাহিনী ৷ আহক তেওঁৰ সৈতে চিনাকী হওঁ-
মানুহজনৰ নাম ভৱেশ কোচ ৷ পেচাত তেওঁ আছিল এজন শিক্ষক ৷ 30 বছৰ ধৰি শিক্ষকতা কৰি বহুতৰে জীৱন গঢ় দিলে তেওঁ ৷ কিন্তু তাৰ পুৰষ্কাৰ স্বৰূপে ভৱেশ কোচে পালে মাত্ৰ চৰকাৰী বঞ্চনা ৷ ধেমাজিৰ মাছখোৱা টাউন এম ই স্কুল নামৰ শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা কৰি 30 বছৰে তেওঁ শিক্ষক হিচাপে সেৱা আগবঢ়ালে ৷ চাকৰিটো নিয়মীয়াকৰণৰ বাবে চৰকাৰক বহু খাটনিও ধৰিলে ৷ কিন্তু চৰকাৰী মেৰপেচত আৱদ্ধ হৈ থাকিল তেওঁৰ চাকৰিটো ৷
এদিন চৰকাৰী নিৰ্দেশত বন্ধ হৈ পৰিল মাছখোৱা টাউন এম ই স্কুল, ভৱেশ কোচৰ চাকৰিটোও নহ’ল ৷ উপায়হীন হৈ শিক্ষকতাৰ বৃত্তি পৰিহাৰ কৰি জীৱিকা আৰ্জনৰ অন্য পথৰ সন্ধান কৰিলে তেওঁ ৷ ঘৰত পৰিয়াল আছে, গতিকে একো নকৰাকৈ থাকিলে পোহ-পাল দিব কেনেকৈ ? চৰকাৰী বঞ্চনাক প্ৰত্যাহ্বান হিচাপে লৈ ভৱেশ দাসে আৰম্ভ কৰিলে এখন সৰু দোকান ৷ য’ত তেওঁ ঘুগুনী, পৰকি, সিজোৱা কণী আদি বেচিলৈ আৰম্ভ কৰিলে ৷
তাৰ পিচত আৰু তেওঁ পিচলৈ ঘূৰি চাবলগীয়া হোৱা নাই ৷ লাহে লাহে এজন দুজনকৈ তেওঁৰ গ্ৰাহকৰ সংখ্যা বাঢ়িল ৷ এতিয়া সন্ধিয়া হ’লেই তেওঁৰ দোকানৰ সমুখ গ্ৰাহকেৰে ভৰি থাকে ৷ ‘‘বাণিজ্যে বসতি লক্ষ্মী’’- সঁচাকৈয়ে লক্ষ্মী আয়ে যেন লগ দিলে ভৱেশ কোচক ৷ এই দোকানখনৰ উপৰিও তেওঁ নতুনকৈ আৰম্ভ কৰিছে এখন ফাষ্ট ফুডৰ হোটেল ৷ অৱশ্যে হোটেলখন পুত্ৰ-বোৱাৰীক চলাবলৈ দি তেওঁ নিজৰ ব্যৱসায়তেই আত্মনিয়োগ কৰি আছে ৷