অসম

assam

ঐতিহ্যমণ্ডিত জ্যোতি ভাৰতীত ৰূপকোঁৱৰৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি উন্মোচন

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 5:23 PM IST

Jyoti Bharati Museum Poki : জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত ঐতিহাসিক পকীত আজি ৰূপকোঁৱৰৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ মুকলি কৰা হয় ৷ প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বীৰেন সিংহই নিৰ্মাণ কৰা ৰূপকোঁৱৰৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো মুকলি কৰে মন্ত্ৰী অশোক সিংহলে ৷

Jyoti Bharati Museum Poki
জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি উন্মোচন

জ্যোতি ভাৰতীত ৰূপকোঁৱৰৰ প্ৰতিমূৰ্তি উন্মোচন

তেজপুৰ, 10 মাৰ্চ : অসম আৰু অসমীয়াৰ স্বাভিমান তেজপুৰৰ ঐতিহাসিক "পকী" আজিৰে পৰা পুনৰ নতুন ৰূপত উদ্ভাসিত হৈ পৰিল ৷ ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃ পুৰুষৰ স্মৃতি বিজড়িত ঐতিহাসিক "পকী" তথা বৰ্তমানৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ জ্যোতি ভাৰতীত আজি ৰূপকোঁৱৰৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ মুকলি কৰা হয় ৷ জ্যোতি ভাৰতীৰ উন্নীতকৰণৰ বাবে অসম চৰকাৰে আগবঢ়োৱা 13 কোটি টকাৰ প্ৰাৰম্ভিক কাম হিচাপে "পকী" ৰ চোতালত ৰাজ্যৰ প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বীৰেন সিংহই নিৰ্মাণ কৰা ৰূপকোঁৱৰৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো মুকলি কৰা হয় ৷

ইফালে তেজপুৰৰ চিত্ৰ-ভাস্কৰ্য শিল্পী মৃগেন কলিতাই অতি নান্দনিক ৰূপত নিৰ্মাণ কৰা মূল তোৰণখনো আজি উন্মোচন কৰা হয় ৷ ৰূপকোঁৱৰৰ প্ৰতিমূৰ্তি আৰু মূল তোৰণখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম চৰকাৰৰ গৃহ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে ৷ এই অনুষ্ঠানত উপস্থিত থাকে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, প্ৰাক্তন মন্ত্ৰী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত আৰু জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে তেজপুৰৰ একাংশ বিশিষ্ট ব্যক্তি আৰু শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত থকা ব্যক্তি ৷

গায়ন-বায়নৰ মাংগলিক শব্দত আকৰ্ষণীয় মূল তোৰণখন উদ্ঘাটন কৰাৰ পিচত তেজপুৰৰ শিল্পীৰ সমৱেত জ্যোতি সংগীতৰ সুমধুৰ পৰিৱেশৰ মাজত পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিটো মন্ত্ৰী অশোক সিংহলে উন্মোচন কৰে ৷ মন্ত্ৰীগৰাকীৰ লগতে দুয়োগৰাকী বিধায়কে প্ৰতিমূৰ্তিটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, অগপৰ জিলা সভাপতি ৰাতুল কুমাৰ নাথ, বিশিষ্ট শিক্ষাবিদ ড৹ ভুবনেশ্বৰ চহৰীয়া, মহেন্দ্ৰ নাথ কেওট, বিশিষ্ট কন্ঠশিল্পী দুৰ্গাময়ী বৰা, বিজেপিৰ অসম মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বণিয়া, বিজেপিৰ শোণিতপুৰ জিলা সমিতিৰ সভানেত্ৰী দীপামণি শইকীয়া, জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মা আদিয়ে প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷ অনুষ্ঠানত মন্ত্ৰী অশোক সিংহলে জীৱনৰ বাবে আজিৰ দিনটো সদায় গৌৰৱৰ দিন হৈ থাকিব বুলি উল্লেখ কৰি তেজপুৰৰ "পকী" অসমৰ সংস্কৃতি, অসমৰ ভাষা-সংস্কৃতি আৰু অসমৰ ইতিহাসৰ প্ৰতীকেই নহয় সমগ্ৰ অসমবাসীৰ স্বাভিমান বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক :অনুৰোধ ৰক্ষা কৰিলে মুখ্যমন্ত্ৰীয়ে: সোমবাৰে ৰাইজৰ বাবে নতুন ৰূপত মুকলি পাব টি. আও ষ্টেডিয়াম

ABOUT THE AUTHOR

...view details