গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী :অসম চৰকাৰৰ কেবিনেটে শেহতীয়াকৈ অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ (Muslim Marriages and Divorces Registration Act, 1935) বাতিল কৰে । কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা এই আইনৰ যোগেদি মুছলমান বিবাহৰ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ নহ'ব । সকলো বিবাহ বিশেষ বিবাহ আইনৰ যোগেদি হ'ব । এতিয়াৰে পৰা এই আইনৰ নিয়ন্ত্ৰণ জিলা আয়ুক্ত আৰু জিলা পঞ্জীয়কে ল'ব ।
কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পিচতে মুছলমান সমাজৰ মাজত এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাজনৈতিক উদ্দেশ্য লৈহে এই আইন খাৰিজ কৰা হৈছে বুলি একাংশই দাবী কৰিছে । এই আইনৰ সমৰ্থন, অসমৰ্থন দুটা পক্ষ হ'ব আৰু মূল বিষয়ৰ পৰা ফালৰি কাটিবলৈ এই আইন খাৰিজ কৰা হৈছে বুলি মন্তব্য কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে ।
তেওঁ কয় যে আইনখনত কি আছে তাক নজনাকৈ মন্ত্ৰীসকলে কেবিনেটত সিদ্ধান্ত লৈছে । আইন সাধাৰণ মানুহৰ সুবিধাৰ বাবে কৰা হয় ৷ কিন্তু এই আইনখন আনিলে অসুবিধা হ'ব । তদুপৰি যি তিনিটা কাৰণত আইনখন খাৰিজ কৰা হৈছে প্ৰথমটো হৈছে যে এই আইনখন ব্ৰিটিছৰ দিনৰ । অধিবক্তাগৰাকীৰ মতে ইয়াত ক'বলগীয়া একো নাই । কিন্তু ২০১০ চনৰে পৰা এই আইনখনৰ জৰিয়তে পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছিল আৰু ১৮-২১ বছৰ তলৰ বিবাহ হ'লে আইনীভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা আছে । তাৰ পিচত আইনখন খাৰিজৰ কোনো অৰ্থ নাই বুলিও তেওঁ দাবী কৰে ।