যোৰহাট :গুৰুজনাই বিলাই থৈ যোৱা হৰিনামৰ ধ্বনিৰে মুখৰিত যোৰহাটৰ ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । ইমূৰৰ পৰা সিমূৰলৈ ভাঁহি আহিছে গুৰুজনাৰ অমিয়া বাণী, সুৰ, সকলোতে এক ভক্তি ৰসৰ বন্যা । হাজাৰ হাজাৰ ভক্তৰ সমাৱেশেৰে লোকাৰণ্য এৰালতলি পথাৰ ।
আৰম্ভ হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন । ভক্তি ৰসত বুৰ গৈছে এৰালতলি পথাৰ । ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভকত-বৈষ্ণৱসকলে বাহৰ পতা শিৱিৰসমূহত শুনিবলৈ পোৱা গৈছে গুৰুজনাৰ নাম কীৰ্তন । বয়োজেষ্ঠ পৰা আই মাতৃসকলৰ মুখে মুখে হৰিনামৰ প্ৰসংগ । সকলো বিলীন হৈ পৰিছে গুৰুজনাৰ নাম-কীৰ্তনত ।
এৰালতলি পথাৰত স্থাপন কৰা ২০০ টা শিবিৰৰ এটা শিবিৰত হৰিনাম পৰিৱেশন কৰি এগৰাকী জ্যেষ্ঠ মহিলাই কয়, "গুৰুজনাৰ নাম-কীৰ্তন, চৰ্চাই আমাৰ মন শুদ্ধ কৰে । সেয়েহে হৰিনাম বিনে কোনো উপায় নাই আৰু গুৰুজনা কীৰ্তন চৰ্চা কৰোতে বহু অপৰাধ হ'ব পাৰে । সেই অপৰাধসমূহ যাতে খণ্ডন কৰে সেয়া মোৰ প্ৰাৰ্থনা ।"
উল্লেখ্য যে, উত্তৰ-পূবৰ সৰ্ববৃহৎ ধৰ্মীয় আধ্যাত্মিক অনুষ্ঠান হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে বৃহৎ আকাৰ ২০০টা শিবিৰ । নিৰ্মাণ কৰা হৈছে একেলগে এটা সাজত প্ৰায় ১০ হাজৰো অধিক ভক্তই আহাৰ গ্ৰহণ কৰিব পৰা সুবিশাল ভোজানালয় । একেলগে জ্বলিছে ২০০ টা চৌকা । প্ৰতিদিনে লক্ষাধিক ভক্তৰ বাবে প্ৰস্তুত হৈছে খাদ্য ।