মৰাণ:ব্যস্ততাৰ পৃথিৱীত জীৱন এক সংগ্ৰাম । কোনোবাই ত্যাগ কৰে, কোনোবাই গ্ৰহণ কৰে । ইয়াৰ মাজতেই পোৱা-নোপোৱাৰ হিচাপ চলে জীৱনৰ । সংগ্ৰামৰ পৃথিৱীত বহুতে জীৱনক লৈ সুখী বুলি দাবী কৰিলেও কিছু সংখ্যকে সুখৰ অনুভূতিৰ পৰা আঁতৰি জীয়াই থকাৰ বাবে চিন্তা কৰিব লগা হয় । ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত খোৱাঙৰ বিশেষভাৱে সক্ষম দুই ভাতৃ-ভগ্নীৰ জীৱন কাহিনী শুনিলে আপোনাৰো দুচকু সেমেকি উঠিব ।
খোৱাঙৰ আজাৰগুৰিৰ নিমি শইকীয়া আৰু পলু শইকীয়া দুয়ো ভাতৃ-ভগ্নী জন্মৰে পৰা বিশেষভাৱে সক্ষম । পিতৃ প্ৰয়াত জীৱন শইকীয়া আৰু মাতৃ প্ৰয়াত জুনা ৰাণী শইকীয়াৰ দুই সন্তান নিমি আৰু পলু । পিতৃ জীৱন শইকীয়া আজিৰ পৰা ১৫ বছৰ আগতে এই পৃথিৱীৰ পৰা ইহলীলা সম্বৰণ কৰিছে । মাতৃ জুনা ৰাণী শইকীয়াই অনেক কষ্টৰে দুই বিশেষভাৱে সক্ষম পুত্ৰ আৰু জীক ডাঙৰ দীঘল কৰিছিল ।
দুয়োকে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণও কৰালে মাতৃয়ে । কিন্তু ভগৱানৰ কি লীলা ? তিনিটা দিনৰ আগতে মাতৃৰো উচ্চ ৰক্তচাপজনিত কাৰণত মৃত্যু হয় । তিনি দিনৰ ধৰ্মীয় কাজ ৰাইজেই কৰি দিলে । দহা-কাজো ৰাইজেই কৰি দিয়াৰ সিদ্ধান্ত লৈছে । অৱশ্যে ইয়াৰ পিছত ঘৰখনত দুই বিশেষ ভাৱে সক্ষম ল'ৰা-ছোৱালীহালে কেনেদৰে জীৱন নিৰ্বাহ কৰিব তাক লৈহে চিন্তিত হৈ পৰিছে সকলো ।