জোনাই,১২ জুলাই:বানত জুৰুলা জোনাইবাসী । আশ্ৰয় শিবিৰত বহু পৰিয়াল । জোনাই আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা শিশুসকলৰ যাতে শিক্ষাৰ ক্ষেত্ৰত ব্যাঘাত নজন্মে তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এক বিশেষ পদক্ষেপ । সমগ্ৰ শিক্ষা ধেমাজি জিলাৰ মিছন সমন্বয়ক বিতোপন হাজৰিকাৰ নেতৃত্বত আৰু মূৰ্কংচেলেক শিক্ষা খণ্ডৰ খণ্ড মিছন সমন্বয়কসহ শিক্ষা ব্যৱস্থাৰ এই সময়ৰ অন্যতম হোতাস্বৰূপ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সমূহ চমুকৈকৈ CRCC সকলৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা, মূৰ্কংচেলেকৰ সহযোগত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা কণ কণ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰা হয় ৷
বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা এই পাঠদান কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক তথা মূৰ্কংচেলেক খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অমৃত কোঁৱৰে ৷ জোনাইৰ শিৱগুৰিৰ এইসকল কণ কণ ছাত্ৰ-ছাত্ৰীয়ে যোৱা কেইবাদিনো ধৰি বানৰ ফলত পৰিয়ালৰ সৈতে নিজৰ ঘৰবাৰী এৰি আশ্ৰয় লৈ আছে বান শিবিৰত ৷ এই কণ কণ ছাত্ৰ ছাত্ৰী সকলে নিজৰ ঘৰুৱা পৰিৱেশৰ পৰা আতঁৰত থাকিব লগা হোৱাত, ছাত্ৰ ছাত্ৰী সকলৰ মানসিক স্বাস্থ্য ক্ষতি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি লগতে কিছু শৈক্ষিক ক্ষতি পূৰ কৰিবলৈ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ CRCC সকলে বৃহস্পতিবাৰৰ পৰা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়তে পাঠদানৰ লগতে আৰম্ভ কৰে ।