ETV Bharat / state

উত্তপ্ত পৰিস্থিতিৰ মাজতেই ১০ কুকি যুবকৰ মৃতদেহ নিলে মণিপুৰলৈ - KUKI YOUTH KILLED IN MANIPUR

কুকি উগ্ৰপন্থী বুলি মণিপুৰ চৰকাৰে দাবী কৰা ১০ যুৱকৰ মৃতদেহ ঘৰলৈ নিয়াত বাধা মাৰ আৰু কুকিৰ ।

Kuki Protest In Silchar
শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সম্মুখত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 16, 2024, 7:37 PM IST

শিলচৰ: মণিপুৰৰ জিৰিবামৰ ১০ কুকি যুৱকৰ মৃতদেহক লৈ আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমূখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ আনকি হেলিকপ্টাৰেৰে ১০ কুকি যুৱকৰ মৃতদেহ মণিপুৰলৈ নিয়াৰ সময়তেই আৰক্ষীৰ সৈতে কুকি আৰু মাৰ সম্প্ৰদায়ৰ লোকৰ ঠেলা-হেঁচা, হতাহতি পৰিস্থিতিৰ সৃষ্টি হয় ৷ আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাত পৰিস্থিতি অধিক জটিল হোৱাত কাছাৰৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় ।

মাৰ আৰু কুকিক সকীয়ালে আৰক্ষীয়ে

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সম্মুখত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

এই পৰিস্থিতিৰ মাজতেই হেলিকপ্টাৰেৰে ১০ কুকি যুবকৰ মৃতদেহ লৈ যোৱা হয় মণিপুৰলৈ । মৃতকৰ পৰিয়ালসহ উপস্থিত মাৰ আৰু কুকি লোকসকলে আৰক্ষীৰ নিৰ্দেশ মানি লোৱাৰ পাছত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গৰ পৰা লৈ যোৱা হয় মৃতদেহকেইটা । শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা মৃতদেহকেইটা প্ৰথমে লৈ যোৱা হয় কাছাৰৰ মাছিমপুৰ বি এছ এফ কেম্পলৈ আৰু তাৰ পৰা মণিপুৰ চৰকাৰৰ দুখন হেলিকপ্টাৰেৰে মৃতদেহকেইটা মণিপুৰৰ চূড়াচান্দপুৰলৈ নিয়ে ৷

চৰকাৰৰ দাবী- নিহত ১০ যুৱক সন্দেহজনক কুকি উগ্ৰপন্থী গোটৰ সদস্য

উল্লেখ্য যে যোৱা সোমবাৰে মণিপুৰৰ জিৰিবামত চি আৰ পি এফৰ গুলীত নিহত হৈছিল ১০জন কুকি জনগোষ্ঠীৰ যুৱক ৷ মণিপুৰ চৰকাৰে দাবী কৰে যে নিহত এই ১০ যুৱক সন্দেহজনক কুকি উগ্ৰপন্থী গোটৰ সদস্য ৷ ইফালে, আটাইকেইজনৰ মৰণোত্তৰ পৰীক্ষা শিলচৰ মেডিকেল কলেজ হাস্পতালত সম্পন্ন হয় ৷

আজি ১০জনৰ মৃতদেহ জিৰিবামলৈ লৈ যোৱাৰ বাবে প্ৰস্তুত হৈছিল মণিপুৰ চৰকাৰ ৷ মাছিমপুৰৰ পৰা হেলিকপ্টাৰেৰে মৃতদেহকেইটা জিৰিবামলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল মণিপুৰ চৰকাৰে ৷ সেই সময়তেই একাংশ লোকে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি আৰক্ষীলৈ শিলগুটিও নিক্ষেপ কৰে ।

লগতে পঢ়ক:কুকি যুৱকৰ মৃতদেহক লৈ শিলচৰত উত্তপ্ত পৰিস্থিতি

জিৰিবামত হিংসাত্মক পৰিস্থিতি: অসম-মণিপুৰ সীমান্তত কঠোৰ নিৰাপত্তা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.