ETV Bharat / state

গুৱাহাটীত ভেণ্ডিং জ'ন নিৰ্মাণৰ ফাইলত মকৰাজাল - GUWAHATI VENDING ZONE

যোৱা‌ বছৰতে গুৱাহাটী পৌৰ নিগমে গুৱাহাটীত ৮১ টা ভেণ্ডিং জ'ন চিহ্নিত কৰিছিল । এইবোৰ আজি এবছৰে চৰকাৰী ফাইলতে আৱদ্ধ হৈ আছে ।

Guwahati vending zone
গুৱাহাটীত ভেণ্ডিং জ'ন নিৰ্মাণৰ ফাইলত মকৰাজাল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 16, 2024, 6:03 PM IST

গুৱাহাটী: ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত দীৰ্ঘদিনীয়া দাবী স্বত্বেও পদপথৰ ব্যৱসায়ীসকলৰ বাবে ভেণ্ডিং জ'ন স্থাপন কৰা নহ'ল । এইক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে চূড়ান্ত ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে । গুৱাহাটীত ভেণ্ডিং জ'ন স্থাপনৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও এই পদক্ষেপবোৰ আজিলৈকে বাস্তৱত কাৰ্যকৰী হোৱা নাই ।

গুৱাহাটীত ৪০ হাজাৰ পদপথৰ ব্যৱসায়ী অসুৰক্ষিত:

গুৱাহাটী পৌৰ নিগমে চলোৱা এক সমীক্ষা অনুসৰি গুৱাহাটীত ৪০ হাজাৰৰো অধিক পদপথৰ ব্যৱসায়ী আছে। উল্লেখ্য যে পদপথৰ ব্যৱসায়ীসকলৰ ব্যৱসায় শৃংখলাবদ্ধ তথা সুবিধাজনক কৰাৰ লগতে তেওঁলোকৰ সুৰক্ষাৰ ক্ষেত্ৰত ২০১৪ চনত কেন্দ্ৰীয় চৰকাৰে Street Vendors (Protection and regulation of street vending) Act, 2014 গৃহীত কৰিছিল ।‌ এই আইনখনৰ জৰিয়তে স্থানীয় প্ৰশাসন যেনে- পৌৰসভা বা পৌৰ নিগমে পদপথৰ ব্যৱসায়ীসকলৰ‌ বাবে টাউন ভেণ্ডিং কমিটী গঠন‌ কৰিব লাগে । পৌৰ নিগমৰ বিষয়া, পদপথৰ ব্যৱসায়ী সন্থা আৰু নাগৰিক সমাজৰ প্ৰতিনিধিলৈ এই ভেণ্ডিং কমিটী গঠন‌ কৰিব লাগে । আইনখনৰ মতে, পদপথৰ ব্যৱসায়ীসকলৰ বাবে চহৰখনত ভেণ্ডিং জ'ন স্থাপন কৰিব লাগে । এই ভেণ্ডিং জ'ন স্থায়ী আৰু অস্থায়ী ৰূপত স্থাপন কৰিব লাগে । ভেণ্ডিং জ'নত পদপথৰ ব্যৱসায়ীসকলৰ বাবে খোৱাপানীৰ ব্যৱস্থা আৰু প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰৰ ব্যৱস্থা থকাটো জৰুৰী ।

লগতে পঢ়ক: স্মাৰ্ট চিটী গুৱাহাটীত জাবৰ নিষ্কাশনত সমস্যা ক’ত ? পৌৰ নিগমৰ পৰিকল্পনা কি গুৱাহাটীক লৈ ?

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ‌ মন্তব্য:

উল্লেখ্য যে ২০১৬ চনত গুৱাহাটী পৌৰ নিগমে ভেণ্ডিং কমিটী গঠন‌ কৰিছিল । তাৰ পিছত সময়ে সময়ে গুৱাহাটী পৌৰ নিগমে ভেণ্ডিং জ'ন ঘোষণা কৰে যদিও পিছত এই ঘোষণা বাতিল কৰে । যাৰ বাবে পদপথৰ ব্যৱসায়ী সন্থাই বিভিন্ন সময়ত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয়- "গুৱাহাটী পৌৰ নিগমে গুৱাহাটীত ৮১ টা ভেণ্ডিং জ'ন চিহ্নিত কৰিছে । গুৱাহাটীৰ ৬০ হাজাৰ পদপথৰ ব্যৱসায়ীক সংস্থাপনৰ বাবে এই ভেণ্ডিং জ'ন স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । কেন্দ্ৰীয় গুৱাহাটী, দিছপুৰ, পূব গুৱাহাটী, লখৰা, পশ্চিম গুৱাহাটী আৰু দক্ষিণ গুৱাহাটী এইকেইটা জ'নত ভাগ কৰি ভেণ্ডিং জ'ন স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে । গুৱাহাটীৰ ৬০ টা ৱাৰ্ডৰ ৪০ টা এলেকাত এই ৮১ টা ভেণ্ডিং জন স্থাপন কৰাৰ পৰিকল্পনা কৰা‌ হৈছে । মেয়ৰ শৰণীয়াই জনাই যে গুৱাহাটীত ভেণ্ডিং জ'ন স্থাপন কৰাৰ বাবে এটা এজেন্সীৰ লগত পৌৰ নিগমৰ চুক্তি হৈছে। এই এজেন্সীটোৱে প্ৰথমে ১০ টা ভেণ্ডিং জ'ন পৰীক্ষামূলকভাৱে নিৰ্মাণ কৰিব । তাৰ পিছত বাকী ভেণ্ডিং জ'নবোৰ নিৰ্মাণ কৰা হ'ব । এই‌‌ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এই এজেন্সীটোৰ লগত পোনপটীয়াকৈ বিত্তীয় লেনদেন কৰিব ।

পদপথৰ ব্যৱসায়ী‌‌ সন্থাৰ প্ৰতিক্ৰিয়া:

ইপিনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম পদপথৰ ব্যৱসায়ী‌‌ সন্থাৰ সাধাৰণ সম্পাদক চন্দন‌ গোস্বামীয়ে কয়- "যোৱা‌ বছৰে গুৱাহাটী পৌৰ নিগমে গুৱাহাটীত ৮১ টা ভেণ্ডিং জ'ন চিহ্নিত কৰিছিল । এইবোৰ আজি এবছৰে চৰকাৰী ফাইলতে আৱদ্ধ হৈ আছে । গুৱাহাটীত Street Vendors ( Protection and regulation of street vending) Act, 2014 খন আজিলৈকে কাৰ্যকৰী ‌হোৱা নাই । জধেমধে গুৱাহাটীত পদপথৰ ব্যৱসায়ীক উচ্ছেদ ‌কৰা‌‌ হয়, বিভিন্ন হাৰাশাস্তি কৰা হয় । গুৱাহাটীত ভেণ্ডিং জ'ন নিৰ্মাণৰ নামত পৌৰ নিগমে মাথো আজি ৭-৮ বছৰে‌ ভেকোভাওনা কৰি আছে ।"

লগতে পঢ়ক: স্মাৰ্ট চিটী স্মাৰ্ট ঘৰ ! এইবাৰ জি এম চিৰ নতুন জৰীপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.