ETV Bharat / state

কৃষ্ণৰ বাঁহীৰ পঞ্চম সুৰ-কংসৰ অট্টহাস্যত উখল-মাখল লুইতৰ দুয়োপাৰ - RAAS FESTIVAL IN ASSAM

আনন্দমুখৰ পৰিৱেশ সমগ্ৰ ৰাজ্যত । কৃষ্ণ বন্দনাৰে মুখৰ উজনি-নামনি । বৈছে ৰাসৰ ৰস ।

Raas Mahotsav is being celebrated in different parts of the state
ৰাসৰ আনন্দত মচগুল ৰাজ্যৰ আৱাল বৃদ্ধ-বনিতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 16, 2024, 5:31 PM IST

নগাঁও/যোৰহাট: শৰতৰ বিতোপন পূৰ্ণিমা নিশা শ্ৰীকৃষ্ণ বন্দনাত মুখৰিত ৰাজ্য । ৰাজ্যৰ চৌদিশে ৰাসৰ ব্যাপক আয়োজন । প্ৰায় প্ৰতিটো প্ৰান্ততে শুকুৰবাৰে অনুষ্ঠিত হয় ৰাসোৎসৱ । এফালে যদি শ্ৰীকৃষ্ণৰ বংশীৰ পঞ্চম সুৰ, আনফালে আকৌ কংসৰ গিৰ্জনী, কৰ'বাত আকৌ যোগমায়াৰ অট্টহাস্য । নগাঁও আৰু যোৰহাটতো দেখা গ'ল ৰাসৰ আনন্দ ।

পূৰ্বতে ৰাস উৎসৱৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল ৰাসলীলাৰ নাটকত পুৰুষকেন্দ্ৰিক অভিনয় । ইয়াত পুৰুষ, নাৰী উভয়ৰে চৰিত্ৰ পুৰুষৰ দ্বাৰাই ৰূপায়ণ কৰা হৈছিল । পৰৱৰ্তী সময়ত ৰাসলীলাৰ নাটকত যদিও মহিলাসকলে অভিনয় কৰিবলৈ ল'লে, তথাপিও অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও পুৰুষৰ দ্বাৰা অভিনীত ৰাস দেখিবলৈ পোৱা যায় । অসমৰ উজনি ভাগত এতিয়াও পুৰুষ, নাৰী উভয়ৰে চৰিত্ৰ পুৰুষৰ দ্বাৰাই ৰূপায়ণেৰে ৰাসলীলা অনুষ্ঠিত হৈ আহিছে ।

ৰাসৰ আনন্দত মচগুল ৰাজ্যৰ আৱাল বৃদ্ধ-বনিতা (ETV Bharat Assam)

ল'ৰা ৰাস নামেৰে পৰিচিত পুৰুষ অভিনীত এই ৰাসলীলা এইবাৰো নগাঁও, মৰিগাঁৱকে আদি কৰি মধ্য অসমৰ বিভিন্ন প্ৰান্তত উখল মাখল পৰিৱেশেৰে আয়োজন কৰা পৰিলক্ষিত হ'ল । ১৫ নৱেম্বৰৰ ৰাস পূৰ্ণিমাৰ নিশা নগাঁৱৰ বিভিন্ন প্ৰান্তত গুৰুজনাৰ অমৰ সৃষ্টি কেলিগোপালৰ আকৰ্ষণে শিশু, ডেকাৰ পৰা ধৰি বৃদ্ধলৈকে মতলীয়া কৰি তোলে । ২০০ বছৰ গৰকা নগাঁৱৰ কুঁজীডাহ যুৰীয়া নামঘৰৰ ৯৯ বছৰীয়া ঐতিহ্যমণ্ডিত ৰাস উৎসৱৰ ল'ৰা ৰাসত দেখা গ'ল ৮০ বছৰীয়া বৃদ্ধৰ পৰা শিশুলৈকে অংশগ্ৰহণ কৰাৰ বিৰল দৃশ্য ।

এই ৰাস উৎসৱত অংশগ্ৰহণ কৰা কেইবাগৰাকীও পুৰুষ গোপীয়ে বিগত ৭ টা দশক ধৰি ৰাস নৃত্য কৰি আহিছে । সত্ৰীয়া সংস্কৃতিৰ বহুকেইজন ওজা শিল্পীৰ জন্মস্থান কুঁজীডাহত এইবাৰো ৭০ উৰ্ধৰ কেইবাগৰাকীও ব্যক্তিয়ে গোপীৰ ভাওত অভিনয় কৰি দৰ্শকৰ মন মুহিবলৈ সক্ষম হয় । চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কুঁজীডাহ যুৰীয়া নামঘৰত শুকুৰবাৰে প্ৰথমদিনা অনুষ্ঠিত হয় ল'ৰা ৰাস । অহাবৰ্ষত শতবৰ্ষত পদাৰ্পণ কৰিবলগীয়া ঐতিহ্যমণ্ডিত ৰাসখনৰ প্ৰথমদিনৰ কাৰ্যসূচীত ল'ৰা ৰাস চাবলৈ দূৰ-দূৰণিৰ পৰা দৰ্শক অহাও পৰিলক্ষিত হয় ।

কংসৰ গৰ্জনত কঁপিল তিতাবৰ:

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে তিতাবৰৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ৰাস মহোৎসৱ । প্ৰায় ১৮ বছৰৰ দীৰ্ঘ বিৰতিৰ পাছত তিতাবৰৰ শ্রীশ্ৰী কৰতিপাৰ সত্ৰত মহা আয়োজনেৰে আৰম্ভ কৰা হৈছে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা । শ্রীশ্ৰী কৰতিপাৰ সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাস মহোৎসৱ ।

শুকুৰবাৰে ৰাস মহোৎসৱৰ মঞ্চ উদ্বোধন কৰে বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই । আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক চলচ্চিত্ৰ আৰু বিত্তীয় উন্নয়ন নিগমৰ উপাধ্যক্ষ তথা ৰাষ্ট্ৰীয় পৰ্যায়ত অভিনয়ৰ বঁটাপ্ৰাপক অভিনেতা ডাঃ আলেখ্য বৰুৱা, প্ৰতিদিন টাইমৰ সাংবাদিক গুৱাহাটী প্ৰেছ ক্লাৱৰ উপ-সভাপতি অলকা বৰুৱা ।

উক্ত অনুষ্ঠানতে বিশিষ্ট কৌতুক অভিনেতা অতুল পাচনীসহ দুগৰাকী বিশিষ্ট ব্যক্তিক বিশেষভাৱে সন্মান জনাই আয়োজকসকলে । তিতাবৰৰ সু-সন্তান অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাঁচনি, ভাওনা জগতৰ শ্ৰেষ্ঠ অভিনেতা প্ৰশান্ত শইকীয়াৰ লগতে স্থানীয় শিল্পীৰ অভিনয়ৰে সমৃদ্ধ এইবাৰ শ্রীশ্ৰী কৰতিপাৰ সত্ৰৰ সম্পূৰ্ণ ৰাসলীলা ।

লগতে পঢ়ক: ৰাসৰ ৰসত বুৰ গৈছে সমগ্ৰ ৰাজ্য; উজনিৰ পৰা নামনিলৈকে ৰাসলীলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.