A Tale of an Ideal Teacher : শিক্ষক- এই তিনিটা অক্ষৰৰ বিশেষ শব্দটোত অন্তৰ্নিহিত হৈ আছে এক গূঢ়াৰ্থ । 'শি'- অৰ্থাৎ শিষ্টাচাৰ; 'ক্ষ' অৰ্থাৎ ক্ষমা; 'ক' অৰ্থাৎ কৰুণা । এই তিনিটা গুণৰ সমাহাৰ আৰু মূৰ্ত প্ৰকাশ হৈছে এগৰাকী আজীৱন শিক্ষক মুৰুলী বৰা । শিক্ষকতাক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগৰ বাবে অহৰহ লাগি অহা এইগৰাকী গুৰুৰ শিক্ষকতা জীৱনৰ সামৰণি পৰিবলৈ মাজত মাথোঁ কেইটামান দিন বাকী । আজি এই শিক্ষক দিৱসত এসময়ৰ দুৰ্গম কাৰ্বি আংলঙৰ ৰঙাগৰালৈ দেওপানী নৈ গামোচা পিন্ধি পাৰ হৈ শিক্ষকতা কৰা মুৰুলী বৰাই শিক্ষকতাৰ জৰিয়তে কি দিলে, কি পালে তাৰেই এক সমীকৰণ ।
গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগৰ এক উৎকৃষ্ট উদাহৰণ (ETV Bharat Assam)
কলিয়াবৰ, ৫ ছেপ্টেম্বৰ :আজি শিক্ষক দিৱস। শিক্ষক বুলি ক'লে যেনে এখন ছবি মনলৈ ভাহি আহে, তেনে এক অসাধাৰণ ব্যক্তিত্বৰ গৰাকী হৈছে এগৰাকী শিক্ষক । নাম মুৰুলী বৰা ৷ শিক্ষকতা বৃত্তি নহয়, ই এক সেৱা; সেই মনোভাবেৰেই সুদীৰ্ঘকাল এই পবিত্ৰ সেৱাত নিয়োজিত হৈ বিদায় বেলাত উপস্থিত হৈছেহি মুৰুলী বৰা ।