গুৱাহাটী :গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এক স্থান । যাৰ আছে এক গৌৰৱময় ইতিহাস । চিৰসেউজ বিশাল ঠাইডোখৰত মহামানৱ মহাত্মা গান্ধীকে আদি কৰি বহু স্বনামধন্য ব্যক্তিয়ে পদার্পণ কৰি গৈছে । বহুজন চিৰনমস্য ব্যক্তিৰ সান্নিধ্যৰে মহীয়ান এই ঠাইডোখৰৰ নাম হ'ল সেৱা মন্দিৰ ।
সেউজীয়াৰ মাজত সেৱাৰ মনোভাৱেৰে গঠন হোৱা ঠাইডোখৰ এতিয়া কংক্রিটৰ মহানগৰীত পৰিণত হৈছে । তথাপিও কিছু কিছু সম্পদৰাজীয়ে আজিও সেৱা মন্দিৰৰ ঐতিহ্য জীয়াই ৰাখিবলৈ সক্ষম হৈছে ।
ৰূপনগৰ সেৱা মন্দিৰৰ ইতিবৃত্ত :
সম্প্রতি মহানগৰীৰ মাজমজিয়া ৰূপনগৰস্থিত সেৱা মন্দিৰৰ ইতিবৃত্ত সম্পর্কে এসময়ৰ হেদায়েৎপুৰস্থিত সেৱা দলৰ প্রাক্তন সচিব, ৰূপনগৰ উন্নয়ন সমিতিৰ সভাপতি, বিশিষ্ট সমাজকর্মী কুমুদ চন্দ্র ডেকাই ইটিভি ভাৰতৰ আগত কয়, "চাওঁতে চাওঁতে চকুৰ আগতে সেউজীয়া ঐতিহ্যমণ্ডিত সেৱা মন্দিৰৰ বহু পৰিৱর্তন হ'ল ।’’
ৰূপনগৰৰ বিষয়ে আপুনি জানেনে ? (ETV Bharat Assam)
‘‘পূর্বে এই বিশাল ঠাইডোখৰৰ নাম আছিল সেৱাশ্রম উলুবাৰী গুৱাহাটী-৭ । বর্তমান ঠাইডোখৰৰ নাম সেৱা মন্দিৰ, ৰূপনগৰ, গুৱাহাটী-৩২ । এতিয়া মাথোঁ ইয়াত স্মৃতিৰ চিন হিচাপে এটা ডাঙৰ সভাগৃহ আৰু দুটা অসম আৰ্হিৰ ঘৰ আছে সেয়াও আন বিভাগৰ দখলত ।’’ তেওঁ কয় ৷
‘‘অসমত জাতিৰ পিতা মহাত্মা গান্ধীৰ নামত থকা অনুষ্ঠানসমূহৰ অধিকাংশ ইয়াতেই আছে । মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰাৰ সময়ত মহাত্মা গান্ধী এই স্থানলৈ আহিছিল । কংগ্ৰেছ কৰ্মী সকলৰ লগত আলোচনাত মিলিত হৈছিল বুলি শুনা যায় ।" তেওঁ কয় ৷
সেই সময়ত কি কি আছিল সেই স্থানত :
ডেকাই লগতে কয়, "দুটা ডাঙৰ পুখুৰী, শাৰী শাৰী নাৰিকল গছ, য'ত এটা সময়ত টোকোৰা চৰায়ে বাহ সাজিছিল । আম, জাম, কঁঠাল, পনীয়ল, বকুল, মহানিম, গোলাপ আদি নানা ফুল, নেমুটেঙা আদিৰে ভৰি আছিল ৷ লগতে এখন কলগছৰ বাগান, কুঁহিয়াৰ মধুৰিআমেৰে ভৰি আছিল ।"
কি কি অনুষ্ঠান প্ৰতিষ্ঠান আছিল এই স্থানত :
এই সন্দৰ্ভত তেওঁ কয়, "প্রায় ১৯৪৯ চনত কংগ্রেছ নির্মাণ সমিতি নামৰ 'নিখিল ভাৰত কংগ্ৰেছ কমিটী'ৰ অসম প্রদেশ কংগ্রেছ অন্তর্গত এখন কমিটী আছিল । আধা মুক্তিযোদ্ধা আৰু আধা কংগ্রেছ কমিটী সাধাৰণ সদস্য ইয়াত জড়িত আছিল । তেতিয়া অসমৰ ৰাজধানী শ্বিলঙত আছিলে । মুখ্যমন্ত্রী আছিল গোপীনাথ বৰদলৈ । উত্তৰ-পূর্বাঞ্চলৰ দুৱাৰমুখ হিচাপে আৰু কামৰূপ জিলাৰ সদৰ হিচাপে ইয়াত বাণিজ্যিক ৰাজধানী আছিল । সেয়েহে জাতিৰ পিতা মহাত্মা গান্ধীয়ে পৰামর্শ কৰা এই ঠাইডোখৰ গ্রাম স্বৰাজৰ গান্ধীৰ আঁচনি অনুযায়ী খাদী গ্রামোদ্যোগ, কুটিৰ শিল্প, কংগ্রেছ কার্যালয়, কংগ্রেছ কর্মীসকলৰ গৃহ, চাহবাগান ফেক্টৰী, টাইলচ ফেক্টৰী, ট্রাংক ফেক্টৰী আদি আছিল ।"