Trading and financial literacy : ষ্টক মাৰ্কেট বেয়া নহয়, কিন্তু ষ্টক মাৰ্কেটৰ নামত লুণ্ঠনটো বেয়া । মানুহৰ বিত্তীয় সাক্ষৰতা নোহোৱাৰ বাবে এই ঘটনাবোৰ ঘটিছে । মাহে মাহে পইচা পোৱা বিষয়টো ফিনেন্সিয়েল মাৰ্কেটত নিষিদ্ধ । কাৰণ মিউচুৱেল ফাণ্ড যদি কোনোবাই ক্ৰয় কৰে তাত লিখা থাকে "Investment is subject to market risk. Read the offer documents carefully before investment". গতিকে তাত মাহে মাহে পইচা পোৱাৰ কথাটো নাহে । ইয়াত কোনো গ্যাৰেণ্টেড ৰিটাৰ্ণ নাথাকে । ট্ৰেডিং, বিত্তীয় সাক্ষৰতা, ছেবিৰ গাইডলাইন আদি বিষয় সন্দৰ্ভত ট্ৰেডিং বিশেষজ্ঞ বিতোপন মজুমদাৰৰ সৈতে ই টিভি ভাৰতৰ সংবাদিক কুলগীতা সাউদৰ বিশেষ সাক্ষাৎকাৰ ।
বিত্তীয় সাক্ষৰতা কি ? (ETV Bharat Assam)
গুৱাহাটী ,৪ ছেপ্টেম্বৰ :অনলাইন ট্ৰেডিঙৰ নামত সাধাৰণ ৰাইজৰ কোটি কোটি টকা লুণ্ঠনৰ তথ্য শেহতীয়াভাৱে পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিন্তু অনলাইন ট্ৰেডিং আচলতেনো কি ? ইয়াৰ সৈতে কি কি বিষয় জড়িত হৈ আছে । এই সন্দৰ্ভত ছেবিৰ পঞ্জীয়নভুক্ত গৱেষণা বিশ্লেষক বিতোপন মজুমদাৰে কি ক'লে জানো আহক ।